তেওঁলোকে বিজুলীৰ তাঁৰবোৰ আঁতৰাবলৈ ধৰাৰ দিনা কাষৰে দোকানী এজনৰ চকুপানী ওলাইছিল। “তেওঁ অকলশৰীয়া অনুভৱ কৰিব আৰু আমালৈ মনত পৰি থাকিব বুলি তেওঁ কৈছিল। আমাৰ বাবেও এয়া দুখলগা সময় আছিল। কিন্তু কৃষকৰ জয় ইয়াতকৈ বহুতেই ডাঙৰ উৎসৱৰ কথা,” গুৰৱিন্দৰ সিঙে কয়।
পুৱা ৮ বাজি ১৫ মিনিটমানৰ পৰা গুৰৱিন্দৰৰ লগতে তেওঁৰ গাঁৱৰ আন কৃষকসকলে পশ্চিম দিল্লীৰ টিক্ৰি প্ৰতিবাদস্থলীৰ পৰা তেওঁলোকৰ অস্থায়ী শিবিৰবোৰ ভাঙিবলৈ লয়। কোনো এটা সময়ত তেওঁলোকে কাঠ এচটাৰে কোবাই বাঁহৰ গাঁঠিবোৰ ভাঙিছে, কেতিয়াবা ইটাৰে তলখন ভাঙিবলৈ চেষ্টা কৰিছে। প্ৰায় ২০ মিনিটমানত বাঁহৰ এটা বৃহৎ দ’ম হৈ পৰিল। তেওঁলোকেও চাহ-পকৰি খাবলৈ বুলি সামান্য জিৰণি ল’লে।
“আমি নিজহাতে এই শিবিৰবোৰ সাজিছিলো আৰু এতিয়া নিজেই এইবোৰ ভাঙিছো,” পাঞ্জাৱৰ লুধিয়ানা জিলাৰ দাংগিয়ান গাঁৱৰ নিজৰ ছয় একৰ মাটিত গমধান, ধান আৰু আলুৰ খেতি কৰা ৩৪ বছৰ বয়সীয়া গুৰৱিন্দৰে কয়। “এনেদৰে জিকি যোৱাটো আমাৰ বাবে সুখৰ কথা, কিন্তু ইয়াত মানুহৰ মাজত যি আন্তৰিকতাৰ সম্পৰ্ক গঢ়ি উঠিল, সেয়া এৰি যোৱাৰ দুখো আছে।”
“প্ৰতিবাদৰ আৰম্ভণিৰ দিনবোৰত ইয়াত একো নাছিল। আমি ৰাস্তাতে শুইছিলো। পিছতহে আমি এই ঘৰবোৰ সাজিলো,” পাঞ্জাৱৰ লুধিয়ানাৰ একেখন গাঁৱৰ পৰা অহা দীদাৰ সিঙে (৩৫) কয়। তেঁৱো সাত একৰ মাটিত ধান, গমধান, আলু আৰু শাক-পাচলি আদিৰ খেতি কৰে। “আমি ইয়াত বহু কথা শিকিছো, বিশেষকৈ ইয়াত থকা দিনবোৰত আমাৰ মাজত ভ্ৰাতৃত্ববোধৰ সম্পৰ্ক গঢ়ি উঠিছে। সকলো চৰকাৰে আমাৰ মাজত বিভাজন আনে। কিন্তু পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ - এই সকলো ৰাজ্যৰ কৃষকসকল যেতিয়া ইয়াত লগ লাগিল, সকলোৱে বুজি পালে যে আমি সকলো দৰাচলতে এক।”
“পাঞ্জাৱত নিৰ্বাচন আহি আছে আৰু আমি সঠিক প্ৰাৰ্থীক ভোট দিম,” গুৰৱিন্দৰ সিঙে কয়। “আমাৰ হাতত যিয়ে ধৰিব (সমৰ্থন কৰিব) আমি তাকহে ভোট দিম। আমাৰ সৈতে বিশ্বাসঘাটকতা কৰাজনক আমি শাসনভাৰ নিদিও,” দীদাৰে কয়।

































