গুঞ্জি গাঁৱৰ পাৰম্পৰিক আৰ্হিৰ খাজ কটা কাঠৰ দৰ্জাবোৰ কাহিলিপুৱাতে এখনৰ পিছত আনখন খোল খায়। মানুহবোৰে বটল লৈ ওলাই যায়। কিছুবছৰ আগতে তেওঁলোকে হাতত টিন বা ষ্টিলৰ ডাব্বা লৈ ওলাইছিল, কিন্তু এতিয়া সহজতে পোৱা প্লাষ্টিকৰ ডিচপোজেবল বটলেই দৈনিক পৰম্পৰাটো চলাই নিয়াত কামত আহে।
তেওঁলোকে ইজনে আনজনক দেখি সম্ভাষণ জনায় আৰু খেতিপথাৰৰ বিভিন্ন দিশত ওলাই যায়। তাৰে বহু ঠায়ে আকৌ উছন, কিয়নো মাটিৰ মালিকবোৰে ইতিমধ্যে সেইঠাই এৰি প্ৰব্ৰজন কৰিছে। সোনকালে উঠাৰ অভ্যাস থকাসকলে আকৌ আৰু খালি বটল লৈ সেই সময়তে ঘৰলৈ উভতে।
আটাইতকৈ ভাল ঠাই হৈছে ওখ ঠাইবোৰত থকা ঘন জোপোহাবোৰ। ৩২০০ মিটাৰ উচ্চতাত সেই জোপোহাৰ সংখ্যা কম আৰু অ'ত-ত'ত সিঁচৰিত হৈ আছে। সোনকালে উঠাবোৰেহে সেই ভাল ঠাইবোৰ পায়গৈ। বৰফে আবৰা আপি পৰ্বতমালা কমলাবৰণ ধৰি পোহৰ হৈ অহাৰ পৰতে গুঞ্জিবাসীয়ে ঘৰলৈ উভতি অহাৰ সময় হয়।
নাতিদুৰৈত থকা কুটি-য়াংটি নৈৰ পানীৰ হোহোঁৱনিৰ লগতে শিলাময় মাটিত ঘোৰাৰ বেলৰ শব্দ সমানে শুনা গৈছে। ঘোৰাবোৰক মালিকবোৰে গৰ্বাধৰলৈ লৈ যায়। ৫০ কিলোমিটাৰ দুৰৈৰ সেই ঠাইতে ভাৰত-চীনা সীমান্তৰপৰা অহা ৰপ্তানিৰ সামগ্ৰী কঢ়িয়ায়। সীমান্তৰপৰা সেই ঠাই ২২ কিলোমিটাৰ দুৰত অৱস্থিত।








