‘এই বছৰ বহুত বৰষুণ হৈছিল। সেয়ে ভাবিলো নিজৰাৰ পানী বহু দিনলৈ থাকিব। মই মোৰ স্বামীক গাঁৱলৈ ঘুৰি আহি থাকিবলৈ ক’লো। আমি যথেষ্ট পৰিমাণে শাক-পাচলিৰ খেতি কৰিব পাৰিম। শ্ৰমিক হিচাপে আন ঠাইলৈ প্ৰব্ৰজিত হোৱাতকৈ নিজৰ মাটিত খেতি কৰা বেছি ভাল। কিন্তু কি হ’ল!’ মোৰ খুড়াৰ পত্নী, মোৰ খুড়ী জয়শ্ৰী পাৰেদে ডাঁৱৰে ঢাকি ধৰা আকাশখনলৈ চাই মোক ক’লে। সময় আছিল ২০১৯ৰ নৱেম্বৰ মাহ। ‘শীতকাল আহি পালে, এতিয়াও ঠাণ্ডা বতাহ বলা নাই। বাৰিষাৰ অন্ত পৰিছে, কিন্তু আকাশ এতিয়াও ফৰকাল হোৱা নাই। মই খেতি কৰা মেথি শাকবোৰ শুকাই যাবলৈ ধৰিছে। কালিলৈকে সৰিয়হবোৰ ঠিকেই আছিল, কিন্তু আজি তাতো বেমাৰ লাগিল। আমি কৰিম কি?’ মোৰ লগত কথা পাতি থাকোতে খুড়ীয়ে ৰুগীয়া গছবোৰ উভালি পেলোৱাত ব্যস্ত হৈ পৰিছিল।
‘বতৰ সলনি হৈছে। ভালকৈ ৰ’দ দিয়া দিন আমি নাপাও। সেই কাৰণে এইবিলাক (সংক্ৰমণ) হৈছে। ৰাসায়নিক বস্তু (কীটনাশক ঔষধ) বিক্ৰী কৰা দোকানীয়েও কৈছে। মই খাটাং যে সি এই বিষয়ে বহুত কথা জানে।’ মোৰ সন্মতিৰ প্ৰতি লক্ষ্য কৰি খুড়ীয়ে কৈ গ’ল। তেওঁলোকৰ গোটেই খেতিৰ মাটিতে আৰম্ভ হোৱা শস্যৰ ৰোগ বিয়পি পৰিব আৰু গোটেইবোৰ শাক-পাচলি লেৰেলি যাব বুলি খুড়ী শংকিত হৈছে। ‘মই এই টুকুৰা বোকা-মাটিতে কৰা শাক-পাচলি বিক্ৰী কৰি দিনে ২০০-২৫০ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিলোহেঁতেন। কিন্তু লহপহকৈ বাঢ়ি অহাৰ সময়তে বেছিভাগ মৰি গ’ল। এতিয়া বাঢ়ি অহা শাক-পাচলিবিলাকো মৰিবলৈ ধৰিছে। শাক-পাচলিৰ খেতিৰ পৰা কিমান টকা পাম মই নাজানো, সেয়ে মোৰ বহুত চিন্তা লাগিছে। ঘেওড়া আৰু ৱালবোৰ ফুলিছিল, কিন্তু ফুলবোৰ মৰহি গ’ল আৰু সৰি পৰিল। বীনৰ গছতো বেমাৰ লাগিল।’ খুড়ীয়ে কৈ গ’ল।
ঘৰৰ পৰা দুই কিলোমিটাৰ দূৰৰ গণেশপুৰীলৈ পাচিত ভৰাই মূৰত লৈ আহি খুড়ীয়ে শাক-পাচলিবোৰ পথৰ কাষত বহি বিক্ৰী কৰে। অথবা বাছত উঠি কেতিয়াবা ৱাছাইত থকা বজাৰলৈ লৈ যায়। ইয়াৰ পৰা মোৰ খুড়া-খুড়ীয়ে সপ্তাহত খুব বেছি ১০০০ টকা উপাৰ্জন কৰিব পাৰে। সেয়া তেওঁলোকৰ উপাৰ্জনৰ একমাত্ৰ উৎস।






