‘তেতিয়াৰ দিনত ইমান মহাজন দেখা নাছিলো। এতিয়া দেখোন কৃষকে মেচিন, কীটনাশক দ্ৰব্য, সাৰ আদি কিনিবলৈ টকা ধাৰে ল’বলগীয়া হৈছে,’ বড়গাঁৱৰ সুখলাল চুলিয়াই কয়।
‘আমি গৰুৰ গোবৰ ব্যৱহাৰ কৰিছিলোঁ, মাটিৰ বাবে সেয়া ভাল আছিল আৰু যোগাৰ কৰিবলৈ ধনো নালাগিছিল। কিন্তু তেতিয়া চৰকাৰে প্ৰচাৰ চলাবলৈ ধৰিলে যে ইউৰিয়া আৰু কীটনাশকৰ ব্যৱহাৰে শস্যৰ উপাদন বঢ়াব। আজি ৪০ বছৰ পিছতো প্ৰায়ভাগ খেতিয়কে সেইবোৰ ব্যৱহাৰ কৰে আৰু কীটনাশক-সাৰ আদিৰ নামত ইমান টকা খৰছ কৰে যে মাটি নষ্ট হৈ গৈছে। তাৰ পিছত আকৌ সেয়া মধ্যভোগীৰ হতুৱাই বজাৰত তেনেই কম দৰত বিক্ৰী কৰে। মধ্যভোগীয়ে নিচেই কম দামত কিনি নিয়া উৎপাদিত সামগ্ৰী অত্যাধিক দৰত বিক্ৰী কৰে। সেয়ে কৃষকৰ উপাৰ্জন তেনেই নগণ্য,’ এই বুলি দুখ কৰি সুখলালে কয়।
মধ্যপ্ৰদেশৰ নিৱালি তালুকৰ সকৰ গাঁৱত স্থিত আধাৰশিলা লাৰ্নিং চেণ্টাৰ দৰ্শনৰ সময়ত আমি ৮৩ বৰ্ষীয় খেতিয়ক সুখলালজীক অঞ্জৰ তালুকৰ তেওঁৰ গাঁৱত লগ পাইছিলো। তেওঁক আমি পুত্ৰ বদ্ৰিৰ সৈতে পাইছিলো। বদ্ৰি পেছাত শিক্ষক। আমি তেওঁৰ পৰা জানিব বিচাৰিছিলোঁ যোৱা অৰ্ধশতিকাত শৈশৱ কেনেদৰে সলনি হৈছে। সুখলালজীয়ে তেওঁলোকৰ ভিলাল সম্প্ৰদায়ৰ (এটা অনুসূচীত জনজাতি) নিমাৰি ভাষাত কথা কৈছিল, শিক্ষক বদ্ৰিয়ে সেয়া আমাক অনুবাদ কৰি কৈ গৈছিল।
‘আমি ডাঙৰ হোৱা সময়ত ম’হৰ গাড়ী বা চাইকেল পোৱা নাছিলো। খোজ কাঢ়িয়ে সকলো ঠাইলৈ যাবলগীয়া হৈছিল। মই সাত কিলোমিটাৰ বাট ৪৮ কিলোগ্ৰামৰ বোজা লৈ খোজ কাঢ়ি পাইছিলো। চাইকেল সেই সময়ত বিলাসীতা আছিল। দৰাচলতে গাঁৱলৈ চাইকেল লৈ অহা লোক বুলিলে সাধাৰণতে চৰকাৰী লোকহে আছিল, সিহঁতক দেখি আমি ভয় খাইছিলোঁ!’ সুখলালজীয়ে হাঁহি মাৰি কথাখিনি ক’লে।






