তেতিয়া ঘিটমিটীয়া আন্ধাৰ, কিন্তু তেওঁ সুৰ্যোদয়লৈ অপেক্ষা কৰিব নোৱাৰে। নিশা দুই বাজিছে আৰু তিনি ঘণ্টাৰ পাছত সেই ঠাইত আৰক্ষী উপস্থিত হৈ তেওঁলোকক বাধা দিব। কাচাৰুপা ধনৰাজু আৰু তেওঁৰ দুজন লগৰীয়াই আৰক্ষী আহি বাধা দিয়াৰ আগেয়ে সেই ঠাই পাৰ হৈ গ’ল। অলপ পাছত তেওঁলোক মুক্ত, তেতিয়া তেওঁলোক থাকিব সমুদ্ৰৰ জলৰাশিৰ মাজত।
‘আৰম্ভণিতে মই খুব ভয় খাইছিলো, মই বহুত সাহস গোটাবলগীয়া হৈছিল। মোক টকা লাগে, মই ভাড়া পৰিশোধ কৰিবলগীয়া আছিল।’ ১০ এপ্ৰিলত বিপজ্জনক নাটকীয় ঘটনাৰ কথা ৪৪ বছৰীয়া ধনৰাজু আৰু তেওঁৰ সহযাত্ৰী দুজনে কয়। তেওঁলোক সকলো দুঃসাহসী মাছমৰীয়াই যন্ত্ৰচালিত নাওখন লৈ নিঃশব্দে নিৰ্ভয়ে তেওঁলোক সমুদ্ৰৰ বুকুলৈ যাত্ৰা কৰে। মৎস্যচিকাৰ আৰু জাহাজত উঠিবলৈ দলং আদি তৈয়াৰ কৰা সকলো কাম তলাবন্ধৰ কাৰণে নিষিদ্ধ কৰা হৈছে। বিশাখাপট্টনমৰ মাছ ধৰা পোতাশ্ৰয়ত প্ৰৱেশ কৰা দুয়োটা পথতে পুৱা ৫ বজাত প্ৰতিদিনে আৰক্ষী উপস্থিত হয়। মাছমৰীয়া আৰু আন মানুহৰ বাবে এইখন বজাৰখন নিষিদ্ধ।
সুৰ্যোদয়ৰ আগতে ৬-৭ কিলোগ্ৰামৰ এটা বাংগাৰু থীগা (কমন কাৰ্প) মাছ লৈ ধনৰাজু উভতি আহিল। ‘এয়া গোপন অভিসাৰ, মই আহি পোৱাৰ কেইমিনিটমানৰ পাছত পুলিচ আহিল। মোক যদি সিহঁতে ধৰিব পাৰিলেহেঁতেন, সিহঁতে মোক প্ৰহাৰ কৰিলেহেঁতেন। কিন্তু এনেকুৱা দুৰ্যোগৰ দিনত জীয়াই থাকিবলৈ যি পাও তাকে কৰিব লাগিব। আজি মই ভাড়া দিম। কাইলৈ আকৌ আন নতুন সমস্যা ওলাব। মোৰ এতিয়াও ক’ভিড-১৯ হোৱা নাই, কিন্ত মই আৰ্থিক অনাটত ভুগিছো,’ তেওঁ কয়।
ছেংগাল ৰাও পেটাত ডা. এন.টি.আৰ. বীচ্চ ৰোডৰ পিছফালৰ সৰু ৰাস্তাটোত তেওঁৰ পুৰণি মামৰে ধৰা ৰোমা চাইকেলখনত বগা কাঠ এচটা লগাই পাতি লোৱা অস্থায়ী দোকানখনত পুলিচৰ চকুত নপৰাকৈ গোপনে ধনৰাজুৱে মাছটো বিক্ৰী কৰিলে। ‘চাইকেলখন মূল পথলৈ নিব পাৰিম বুলি ভাবিছিলো, কিন্তু পুলিচলৈ ভয় লাগিল।’ সাধাৰণতে কিলোগ্ৰামত ২৫০ টকাকৈ পোৱা মাছটো ধনৰাজুৱে ১০০ টকা প্ৰতি কিলো দামত বিক্ৰী কৰিলে বুলি কয়।
কমনকাৰ্প মাছটো স্বাভাৱিক দিনত বিক্ৰী কৰা হ’লে ধনৰাজুৱে ৬-৭ কিলোগ্ৰামৰ বাবে কমেও ১৫০০ টকা পালেহেঁতেন। তদুপৰি তেওঁৰ চাইকেলৰ মাছৰ দোকানে দৃষ্টি আকৰ্ষণ নকৰে। দুদিনমানৰ আগতে ধৰা মাছটো কেৱল ৭৫০ টকাত বিক্ৰী কৰিব লগা হ’ল। এই কামত তেওঁক সহায় কৰিছিল ৪৬ বছৰীয়া পাপ্পু দেৱীয়ে। তেওঁ গ্ৰাহকৰ কাৰণে মাছটো চাফা কৰি কাটি দিয়ে। মাছ কটা আৰু চাফা কৰাৰ বাবদ গ্ৰাহকৰ পৰা তেওঁ ১০-২০ টকা লয়। তেঁৱো তাত আছিল। টকাৰ বাবে বিপদ মূৰ পাতি লৈছিল।










