আমাৰ গৈ পাওতে পলম হৈছিল। “গণপতি বালা যাদৱ ইতিমধ্যে তেওঁৰ গাঁৱৰ পৰা দুবাৰ আহিল,” শিৰগাঁৱৰ আমাৰ সাংবাদিক বন্ধু সম্পত ম’ৰেয়ে কয়। “দুয়োবাৰে তেওঁ নিজ গাওঁ ৰামাপুৰলৈ উভতি গ’ল। আপোনালোক আহি পোৱা বুলি ক’লে তেওঁ তৃতীয়বাৰৰ বাবে ইয়ালৈ আহিব।” গাওঁ দুখনৰ মাজৰ দূৰত্ব পাঁচ কিলোমিটাৰ আৰু গণপতি যাদৱে চাইকেলেৰে প্ৰতিবাৰ সেই দূৰত্ব অতিক্ৰম কৰিছে। তৃতীয়বাৰ অহা মানে তেওঁৰ ৩০ কিলোমিটাৰ বাট চাইকেলেৰে সম্পূৰ্ণ হ’ব। তাকো মে’ মাহৰ ভৰ দুপৰীয়া, বোকাময় ৰাস্তা এটাত কুৰিৰো অধিক বছৰ পুৰণি চাইকেল এখন লৈ। তাতে আকৌ চাইকেল আৰোহীজনৰ বয়স ৯৭ বছৰ।
মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ কাড়েগাওঁ ব্লকৰ শিৰগাওঁ নামে গাওঁখনত, ম’ৰেৰ ককাকৰ ঘৰত আমি দুপৰীয়াৰ আহাৰৰ কাৰণে উপস্থিত হৈছিলো। তাত ভৰ দুপৰীয়াখন নিৰ্বিকাৰভাৱে গণপতি বালা যাদৱ চাইকেল চলাই আহি উপস্থিত হ’ল। এনেদৰে ৰ’দত চাইকেল চলাই আহিবলগীয়া হোৱাত মই ক্ষমা খোজাত তেওঁ অলপ আচৰিত হোৱাৰ দৰেই হ’ল। “ক্ষমা খুজিবলগীয়া কথা একেবাৰেই নহয়,” তেওঁ মৃদু সুৰত মিচিকিয়াই হাঁহি মাৰি ক’লে। “কালি সন্ধিয়া মই বিয়া এখন খাবলৈ বুলি ভিটালৈ গৈছিলো। তাকো মোৰ এই চাইকেলখনেৰে। তেনেকৈয়ে মোৰ চলে।” ৰামপুৰৰ পৰা ভিটালৈ অহা-যোৱাৰ বাট ৪০ কিলোমিটাৰ। সেইদিনা উষ্ণতাও আছিল তুলনামূলকভাৱে বেছি, ৪০ ডিগ্ৰী ছেলচিয়াছ।
“এবছৰ কি দুবছৰ আগতে তেওঁ পান্ধাৰপুৰলৈ ১৫০ কিলোমিটাৰ বাট চাইকেলেৰে অহা-যোৱা কৰিছিল,” সম্পত ম’ৰেয়ে কয়। “এতিয়া তেওঁ ইমানদূৰ বাট চাইকেল নচলায়।”







