পত্নি আৰায়ীয়ে সিদিনা আবেলি পাঁচ মিনিটমান আগেয়ে আহি নোপোৱাহেঁতেন, সেত্তু আজি জীয়াই নাথাকিলহেঁতেন। আৰায়ী সোমাই অহালৈকে তেওঁ ইতিমধ্যে গলত ৰচী লগাইছিলেই।
"প্ৰায় কাষ চাপিছিলোৱেই," নিজৰ সেই দুৰ্ভাগ্যজনক মুহুৰ্তটোৰ কথা মনত পেলোৱা উপান্ত কৃষক কে লেকানে কয়। তেওঁৰ ঘৰত মতা নাম সেত্তু। সেয়া নঘটাক লৈ তেওঁৰ মনটোৱে শান্তি পাইছে। আৰায়ীয়ে সহায়ৰ বাবে চিয়ঁৰিছিল, চুবুৰীয়াই ততালিকে আহি সেত্তুক মজিয়াত নমাইছিল। সেই মুহুৰ্তটো পাৰ হৈ গৈছিল।
সেয়া আছিল ২০১৬ বৰ্ষৰ ৬ নবেম্বৰ। ৫০ বৰ্ষীয় সেত্তুৱে তেওঁৰ ডেৰ একৰ মাটিৰ ধানখেতিডৰা চাই সেয়া কেনেদৰে মৃত্যুমুখৰপৰা ৰক্ষা কৰিব পাৰি তাকে লৈ দুশ্চিন্তাত পৰিছিল। তামিলনাডুৰ তিৰুচিৰাপ্পাল্লি জিলাৰ থায়ানুৰৰ উচন হ'বধৰা খেতিপথাৰখনৰ অৱস্থা দেখি তেওঁ ভাঙি পৰিল। দ্বিতীয়বাৰৰ বাবে সিচা বীজবোৰৰ গজালিয়েই নোলাল।
"সিদিনা আবেলি মই ঘৰলৈ আহিলো, মোৰ পত্নি আৰু লৰাকেইটা অইনৰ খেতিপথাৰত কাম কৰিবলৈ ওলাই গৈছিল," তেওঁ কৈ গ'ল। "ঘৰ কেনেদৰে চলাম, ঋণবোৰ কেনেদৰে পৰিশোধ কৰিম আদি কথাকে মই চিন্তা কৰি থাকিলো।" সেত্তুৱে জিলা কোঅপাৰেটিভ বেংককে ধৰি অইন সুতখোৰ আদিক মুঠ ১.৫ লাখমান টকা দিব আছে। "মই উদ্বিগ্ন হৈ পৰিলো আৰু চিপ লোৱাৰ কথা ভাবিলো।"
সেত্তুৱে আত্মহত্যাৰ চেষ্টা কৰাৰ কিছুমাহৰ পিছতে ২০১৭ বৰ্ষৰ এপ্ৰিলৰ শেষৰফালে তামিলনাডুৰ কাবেৰী বদ্বীপৰ এসময়ৰ উৰ্বৰা ভূমিৰ খেতিয়কসকলৰ সেই এলেকাৰ কৃষকৰ দলে দিল্লীত নিগনি খাই, মানুহৰ লাওখোলা দেখুৱাই আৰু ৰাস্তাত চুচৰি-বাগৰি নাটকীয় প্ৰতিবাদ প্ৰদৰ্শন কৰে। তেওঁলোকে ঋণৰ ৰেহায় দাবী কৰিছিল। সেই অঞ্চলৰ ভালেমান খেতিয়কে আত্মহত্যা কৰিছিল, অইনে হতচকিত কৃষকে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল।
২০১৭ বৰ্ষৰ জানুৱাৰী মাহত পিপলচ্ ইউনিয়ন অব চিভিল লিবাৰ্টিজৰ এটা দলৰ কৃষি কৰ্মী, সামাজিক কৰ্মী, ছাত্ৰ, ডাক্তৰ আৰু অইন বহুতে মিলি বদ্বীপটোত মৃত্যু আৰু আত্মহত্যাৰ ৫০ টা মান ঘটনাৰ অধ্যয়ন কৰিছিল। স্থানীয় খেতিয়কৰ গোটে থিৰাং কৰা মতে ২০১৭ বৰ্ষৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত হৃদৰোগৰ ফলত হোৱা মৃত্যুৰ ঘটনা ২০০ টাৰো অধিক। ২০১৬ বৰ্ষৰ ডিচেম্বৰ মাহত অঞ্চলটোত ১০৬ জন খেতিয়কে আত্মহত্যা কৰা বুলি প্ৰতিবেদন প্ৰকাশ পাইছে। এয়া ৰাষ্ট্ৰীয় মানৱধিকাৰ আয়োগে ৫ জানুৱাৰী, ২০১৭ ত ৰাজ্য চৰকাৰক দিয়া প্ৰতিবেদন।
এনেদৰেই তামিলনাডুক এক গুৰুতৰ সংকটৰ ডাঁৱৰে ছানি ধৰিছে। কাবেৰি নৈখন সাগৰত লগ লগাৰ ঠিক আগেয়ে তামিলনাডুৰ পুৰ্বাঞ্চলৰ সেই সমৃদ্ধিশালী অঞ্চলটোত খেতিয়কে বদ্বীপটো আৰু কাবেৰী উপত্যকাত গাঁৱে-ভুঞে সকলোতে এক নিয়ন্ত্ৰণহীন পানীৰ সংকটৰ কথা সকলোৰে মুখে মুকে। এয়া মানৱসৃষ্ট সংকট, তেওঁলোকে সেই কথাত জোৰ দিয়ে, সেয়া যিকোনো সাময়িক খৰাং হোৱা বছৰৰ দৰেই হৈ থকা নাই, সেয়া সীমা কেতিয়াবাই অতিক্ৰম কৰি গৈছে।





