হাৰিয়ানাৰ সোনিপত জিলাৰ সিংঘু-দিল্লী সীমান্তৰ প্ৰতিবাদকাৰী কৃষকৰ আগবাঢ়ি অহা সাগৰৰ ঢৌৰ লেখীয়া সমদললৈ চাই থকা হৰজিৎ সিঙৰ মুখত শীতৰ ধূসৰ পোহৰে খেলা কৰিছিল।
তেওঁৰ ওচৰত থকা ডেকা-বুঢ়া, পুৰুষ-মহিলা আৰু শিশু- সকলো বিভিন্ন কামত ব্যস্ত আছিল। দুজন মানুহে লাঠীৰে কোবাই তুলীবোৰ পৰিষ্কাৰ কৰি নিশাৰ বাবে সাজু কৰিছিল। কিছুমানে পথেৰে গৈ থকা মানুহক চাহ আৰু বিস্কুট বিতৰণ কৰি আছিল। বহুতে ভিৰ ঠেলি নেতাৰ বক্তব্য শুনাৰ বাবে সন্মুখৰফালে আগুৱাই গৈছিল। একাংশই আকৌ নিশাৰ খাদ্য প্ৰস্তত কৰাত ব্যস্ত আছিল। অন্য একাংশক অকল ইফাল-সিফালে ঘূৰি ফুৰা দেখা গৈছিল।
এই বছৰৰ ছেপ্টেম্বৰত সংসদত গৃহীত হোৱা তিনিখন কৃষি আইনৰ বিৰুদ্ধে দিল্লী দৰবাৰতবিৰোধ প্ৰদৰ্শন কৰি থকা হাজাৰ হাজাৰ কৃষকসকলৰ মাজত হৰজিতো এজন আছিল।
তেওঁ কয় যে পাঞ্জাৱৰ ফটেহগড় ছাহিব জিলাৰ মজৰি সোধিয়ান গাঁৱত থকা তেওঁৰ চাৰি একৰ মাটিত ধান আৰু ঘেঁহুৰ খেতি কৰিছিল। ৫০ বছৰীয়া হৰজিৎ অবিবাহিত আৰু তেওঁ মাকৰ লগত থাকে।
২০১৭ চনৰ এটা দুৰ্ঘটনাই হৰজিতক চলা-ফুৰাত অসমৰ্থ কৰি পেলাইছিল যদিও এইটোৱে তেওঁক তেওঁৰ সতীৰ্থ কৃষকসকলৰ বিশাল প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱাৰ পৰা বিৰত কৰিব পৰা নাছিল। “ মোৰ ঘৰৰ ছাদত কাম কৰি থকাৰ সময়ত মই তাৰ পৰা বাগৰি পৰিছিলো,” তেওঁ দুৰ্ঘটনাটোৰ সম্পৰ্কত এনেদৰে কয়। “মোৰ কঁকালৰ হাড় ভাগিছিল।”





