এই চহৰৰ শিশুবোৰ অনাথ নেকি?
1. কেলেণ্ডাৰখন চাওঁক,
আগষ্ট আহে আৰু যায়…
কাৰোবাৰ চকুৰ লোতকৰ দৰে ই বৈ যায়
কাৰোবাৰ কঁপি থকা হাতৰ পৰা সৰি পৰে, ভাগি যায়
নাকটো কিহবাই সোপা মাৰি ধৰে,
শ্বাসৰুদ্ধ কৰে, মাৰি পেলায়।
কাৰোবাৰ বাবে দুঃস্বপ্ন,
কাৰোবাৰ বাবে খোৰোচা গাঁঠি
গোৰখপুৰৰ মাকহঁতৰ পিছে প্ৰাণৰো প্ৰাণৰ
আগষ্ট, অন্ত নাইকিয়া
যেন এটা সম্পূৰ্ণ বছৰ।
2. মাকহঁতে মিছাতে চিন্তা চপায়, সিহঁতে কয়।
দেউতাকহঁতৰো কি মিথ্যাচাৰ, সিহঁতে কয়।
হস্পিতালত অক্সিজেন নথকাৰ কথা হেনো
মোগলৰ অভিসন্ধি।
ৰাস্তাই-ঘাটে দেখোন সকলোতে অক্সিজেন উভৈনদী
গোমাতাই উশাহত লৈছে আৰু এৰিছে অক্সিজেন।
ইমানেই প্ৰাচুৰ্য্য যে উশাহত ল’লে ই ঘাতক হৈ পৰে।
নামটোৱেই শ্বাসৰুদ্ধ হৈ পৰে।
3. এয়া কাৰ সন্তান, কেও-কিছু নাইকিয়া?
এয়া কাৰ সন্তান
কদৰ্য্য নৰ্দমাৰ পৰা উৰি অহা মহে তেজ শুহি খায় যাৰ?
কাৰ এয়া সন্তান
হাতত যে বাঁহী নাই?
কাৰ সন্তান ইহঁত?
কোনখন পৃথিৱীৰ পৰা আহিছে?
যাৰ বস্তিবোৰ এইখন পৃথিৱীৰ বুলি ধৰা নহয়?
যাৰ ঘৰত মাজনিশা কৃষ্ণই অৱতাৰ নলয়
ভূমিষ্ঠহে হয় মাত্ৰ।
আৰু ইহঁতক অক্সিজেন লাগে?
হস্পিতালত বিচনা লাগে?
কিযে আচৰিত!
4. গোৰখৰ ধৰাতল ফাটিব খোজে।
কবীৰক বিষণ্ণতাই আৱৰে।
ৰাপ্তি উপত্যকা লেলিহান শিখাই আগুৰে।
যিখন চহৰে হুকহুকাই কান্দিব লাগিছিল
সেই চহৰৰ সাৰসুৰ নাই।
দেশৰ মহন্তগণে বিশ্বাস কৰে
প্ৰতিমাৰ প্ৰাণ প্ৰতিষ্ঠাই
আমাৰ কণমানিহঁতৰ আত্মাহুতি বিচাৰে।



