আব্দুল ৰহমানৰ পৃথিৱীখন এতিয়া সৰু হৈ পৰিছে। পেছা, ব্যক্তিগত জীৱন আৰু শাৰীৰিক অৱস্থা- কেউফালৰ পৰাই তেওঁৰ পৃথিৱীখন স্তব্ধ হৈ পৰিছে। কাম সংক্ৰান্তত চাৰিখনকৈ মহাদেশত ভ্ৰমি ফুৰা প্ৰব্ৰজিত কৰ্মীজন এতিয়া পৰিয়ালৰ পাঁচজন সদস্যৰ সৈতে ডেৰশ বৰ্গফুটৰ ঘৰটোতে আৱদ্ধ হৈ পৰিছে।
এয়া মুম্বাইৰ টেক্সি চালকজন। ছৌদি আৰৱ, ডুবাই, বৃটেইন, কানাডা, ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু আফ্ৰিকাৰ বিভিন্ন প্ৰান্তত বুলড’জাৰ আৰু কাৰ চলোৱাৰ অভিজ্ঞতা থকা মানুহজনৰ দেউতাক তামিলনাডুৰ গ্ৰামাঞ্চলৰ পৰা এই চহৰলৈ বহুদশক আগতে আহিছিল। দেশে-বিদেশে কাম কৰি ঘূৰি ফুৰা এই মানুহজনক মাহিম কলনিৰ এটা ঠেক ৰাস্তাত এতিয়া চকী এখনত কঢ়িয়াই টেক্সিখনলৈ নিয়া হৈছে, সেইখনতে তেওঁক চিয়’নৰ এখন হস্পিতাললৈ নিয়া হয়, সঘনাই।
হস্পিতাললৈ যোৱাৰ দিনা ৰহমান পুৱাৰ পৰাই কোঠাটোৰ পৰা ওলোৱা প্ৰস্তুতি চলায়। ঘৰৰ বাহিৰতে জখলাডাল আছে। তেওঁ মজিয়াত বহি দিয়ে, ল’ৰাটোৱে তেওঁৰ ভৰিৰ ফালে ধৰে, ভতিজা বা চুবুৰীয়াই ওপৰৰ ফালে ধৰে। তেনেকৈয়ে তেওঁ লাহে লাহে নামি আহে, এটা এটাকৈ নটা খলপা তেওঁ শাৰীৰিক যন্ত্ৰণাত কেঁকাই কেঁকাই নামে।
তলৰ ঠেক গলিটোত তেওঁক প্লাষ্টিকৰ দাগলগা পুৰণি চকী এখনত বহুৱাই দিয়া হয়। তেওঁৰ কাটি বিচ্ছিন্ন কৰি পেলোৱা পতাৰ সৈতে সোঁভৰিখন চকীখনৰ ওপৰতে ৰখা হয়। তাৰপাছত তেওঁৰ পুত্ৰ আৰু আন দুজনে তেওঁক চকীখনত উঠাই লৈ সেই দীঘল অকোৱা-পকোৱা ৰাস্তাটোৰে মাহিম বাছ ডিপ’টৰ ৰাস্তাটোলৈ লৈ যায়। তাতে ৰহমানক এখন টেক্সিত উঠাই দিয়া হয়।
কোনোমতে পাঁচ কিলোমিটাৰ দূৰৰ চিয়’নৰ চৰকাৰী হস্পিটেলখনলৈ টেক্সিৰ ভাৰা বহন কৰিব পৰাৰ সামৰ্থ তেওঁৰ নাই, কিন্তু তেওঁ যাবই লাগিব। এনেদৰেই যোৱাবছৰ মাহৰ পিছত মাহ ধৰি তেওঁ নিজৰ ভৰিখন বেণ্ডেজ কৰিবলৈ আৰু চুড়ান্ত পৰ্য্যায়ৰ মধুমেহ আৰু ৰক্তপ্ৰৱাহ বন্ধ হৈ যোৱাৰ ফলত দেখা দিয়া সমস্যাৰ বাবে চিকিৎসা কৰাবলৈ তালৈ যাবলগীয়া হ’ল। ঘাটুকুৰা অকণমান শুকোৱাৰ পিছত হস্পিটেললৈ যোৱাটো কমিল, কিন্তু অন্ত নপৰিল। কিন্তু উত্তৰ মুম্বাইৰ মৰি ৰোডৰ এই কলনিটোত থেপাথেপিকৈ গঢ়ি উঠা দুই-তিনিমহলীয়া ঠেক ঘৰবোৰৰ মাজেৰে যোৱা ৰাস্তাটোৰে চকীত উঠি তেওঁ এতিয়াও মাজে মাজে যাবলগীয়া হয়।














