বহু লিখক, বিশ্লেষক আৰু চৰকাৰী প্ৰতিবেদনত ইতিমধ্যেই কোৱা হৈছে যে ভাৰতৰ 'কলা' অৰ্থনীতিৰ বহুলাংশই সোণ-ৰূপ, বেনামী সম্পত্তি আৰু বিদেশী মূদ্ৰাৰ ৰূপত আছে। সেয়া কোনো আইতাৰ পুৰণি পেৰাত জমা হৈ থকা নাই। প্ৰত্যক্ষ কৰৰ কেন্দ্ৰীয় বৰ্ডৰ অধক্ষ্যই ভাৰত তথা বিদেশত থকা ক'লাধনৰ সমস্যা সমাধানৰ উপায় (Measures to tackle black money in India and abroad) ২০১২ চনৰ শীৰ্ষক প্ৰতিবেদনখনতো একে কথাই কৈছে। প্ৰতিবেদনত কোৱা হৈছে যে (খণ্ড ২ৰ পৃষ্ঠা ১৪ৰ ৯.১ত) বিমূদ্ৰাকৰণ ১৯৪৬ আৰু ১৯৭৮ চনত "শোচনীয়াভাবে বিফল" হৈছে। তথাপি এই কামকেই ভাৰতীয় জনতা পাৰ্টিয়ে পুনৰাবৃত্তি কৰিছে। 'মোদীৰ মাষ্টাৰষ্ট্ৰোক' আখ্যা দিয়া এচাম ঘোষক আৰু টিভিত দেখা দিয়া বহুৱাই অবিশ্বসনীয়ভাৱে বুদ্ধিভ্ৰষ্টৰ দৰে আচৰণ কৰিছে। ইয়েই সমগ্ৰ দেশজুৰি বেথা আৰু দুৰ্দশাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। যদি কোনো এনে ষ্ট্ৰোক হৈছে, তেন্তে কেৱল ভাৰতীয় গ্ৰামীণ অৰ্থনীতিয়ে ইয়াত আক্ৰান্ত হৈছে।
এই ষ্ট্ৰোকৰ কবলৰপৰা আৰোগ্য লাভ কৰাৰ বাবে বিত্তমন্ত্ৰী তথা তেওঁৰ দলৰ সহকৰ্মীসকলে কেৱল ২-৩ দিনৰ অসুবিধা বুলি কৈছিল। ড. জেটলীয়ে সেয়া ২-৩ সপ্তাহৰ বুলি সংশোধন কৰি ক'লে। তাৰে পিছতেই, তেওঁৰ শল্যচিকিত্সাবিদ নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে যে ৰোগীক সুস্থ অৱস্থালৈ আনিবৰ বাবে অতিকমেও ৫০ দিনৰ প্ৰয়োজন হ'ব। গতিকে এনেদৰেই আমি এই চিকিত্সাৰ মাজতে ২০১৭ চনত প্ৰৱেশ কৰিলো। এই সময়তে, দেশজুৰি শাৰীত থিয় হৈ কিমান লোকে প্ৰাণ এৰিলে সেয়া আমি নাজানো, কিন্তু তেওঁলোকৰ সংখ্যা দিনে দিনে বাঢ়িছে।
"নাচিক জিলাৰ লাচালগাঁৱত নগদ ধনৰ অভাৱত ভোগা খেতিয়কে পিয়াজৰ বজাৰেই বন্ধ কৰিবলগা হৈছে," আধুনিক কিষাণ নামৰ সাপ্তাহিকখনৰ সম্পাদক নিশিকান্ত ভালেৰাওয়ে কয়। "বিদৰ্ভ আৰু মাৰাথাৱাড়াত, কপাহৰ দাম প্ৰতি কুইণ্টলত ৪০ শতাংশ নামিছে।" সৰু-সুৰা লেনদেন বন্ধ কৰাৰ বাবে বিক্ৰী একেবাৰে নোহোৱা হৈছে। "কাৰো হাতত নগদ ধন নাই। কমিছন এজেণ্টসকল, উত্পাদকসকল আৰু ক্ৰেতাসকল বিবুদ্ধিত পৰিছে," দা টেলিগ্ৰাফ কাকতৰ নাগপুৰস্থিত সাংবাদিক জয়দীপ হাৰ্দিকাৰে কয়। "চেক জমা দিয়াটো গ্ৰামাঞ্চলৰ শাখাবোৰত আগৰে পৰা এক বিৰক্তিকৰ প্ৰক্ৰিয়া আৰু এতিয়া টকা উলিওৱাটো দুঃস্বপ্নৰ দৰে হৈ পৰিছে।"
গতিকে, খুব কম খেতিয়কেহে চেক লোৱাটো মানি লব। চেক ভঙোৱাৰ কাৰণে ৰৈ থকাৰ সময়ত ঘৰৰ সা-সামগ্ৰী কেনেকৈ আহিব। বহুতৰে আকৌ বেংকত একাউণ্টেই নাই।
এই ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ বেংকটোৰ গোটেই ভাৰতবৰ্ষত মুঠ ৯৭৫ টা এটিএম আছে। ইয়াৰে, ৫৪৯ টাই বিমূদ্ৰাকৰণৰ দৰেই হতাশা বিয়পাইছে। কাম নকৰা এনে প্ৰায়ভাগ এটিএমেই গ্ৰামীণ এলেকাত আছে। প্ৰভাৱৰ ক্ষেত্ৰত সন্দেহৰ ভাৱতেই সুকীয়াকৈ কোৱা হৈছে যে "গ্ৰামীণ অঞ্চলবোৰ ধাৰতেই চলে। নগদ ধন মানে একো নহয়।" সঁচাকৈয়ে নে? ইয়েই সকলো কথা কয়।
তলৰ পৰ্যায়ত লেনদেনবোৰ প্ৰায়েই নগদত হয়। এসপ্তাহত যদিহে সৰু নোট আহি নাপায়, তেন্তে গ্ৰামাঞ্চলত থকা শাখাবোৰত আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অইনসকলৰ মতে সংকট ইতিমধ্যেই সৃষ্টি হৈছে আৰু এই সময়ত নগদ ধন আহি পালেও তাৰে উপশম নঘটে।
ঔৰাংগাবাদতেই অইন এটা শাৰীত পাৰভেজ পাইথান নামৰ এজন কনষ্ট্ৰাকশ্যন চুপাৰভাইজাৰে মনে মনে ভয় কৰিছে যে তেওঁলোক সোনকালেই হিংস্ৰ হৈ উঠিব পাৰে। "ইতিমধ্যে কৰা কামৰ বাবে তেওঁলোকক মজুৰী আদায় দিবলগা হৈ আছে," তেওঁ কয়। "কিন্তু মই নগদত হাতেই দিব নোৱাৰো।" চিকালথানা গাঁৱত, ৰইছ আখতাৰ খানে কয় যে তেওঁ আৰু তেওঁৰ দৰে অইন বহুতো মাতৃয়ে সিহতৰ ল'ৰা-ছোৱালীক খুওৱাটো কষ্টকৰ হৈ পৰিছে। যেতিয়া সিহতে সেয়া কৰে, "তেতিয়ালৈ বহুত পলম হৈ যায়, কিয়নো আমাৰ দিনটোৰ প্ৰায়ভাগ সময়েই আমাৰ সেই শাৰীত থিয় দিওতেই যায়। খোৱাৰ সময় পাৰ হৈ যোৱা হেতুকে ল'ৰা-ছোৱালীবোৰ ভোকতেই থাকিবলগা হয়।"
শাৰীত থিয় দি থকা প্ৰায়ভাগ মহিলাই কোৱামতে তেওঁলোকৰ ২-৪ দিন মানৰহে খোৱাবস্তু ৰৈছে। সেই সময়লৈ নগদৰ প্ৰৱাহৰ সমস্যা সমাধান নহব বুলি ভাবি সিহত আতংকিত হৈ পৰিছে। কিন্তু দুখৰ কথা যে এয়া নহয়।
খেতিয়ক, ভূমিহীন শ্ৰমিক, ঘৰুৱা কৰ্মচাৰী, পেঞ্চনাৰ, ক্ষুদ্ৰ ব্যৱসায়ী- এই আটাইবোৰৰ লগতে অইন বহুতো সমূহত ভয়ংকৰ সমস্যাৰ সৃষ্টি হৈছে। কৰ্মচাৰী নিযুক্তি দিয়া বহুতেই ধাৰত ডুবিব আৰু মজুৰী দিবৰ বাবে ধন ধাৰলৈ ল'ব। বহুতৰ বাবে এয়া খাদ্য-সামগ্ৰী কিনাৰ বাবেহে। "প্ৰতিদিনে আমাৰ শাৰীবোৰ বাঢ়ি গৈ আছে, কমা নাই," এইবুলি ঔৰংগাবাদস্থিত এছবিএইছৰ ষ্টেশ্যন ৰোড শাখাৰ এজন কৰ্মচাৰীয়ে কৈছে। মানুহৰ দীঘল আৰু ক্ৰমান্বয়ে ক্ৰোধান্বিত হৈ উঠা শাৰীবোৰৰ মোকাবিলা কৰাৰ বাবে ইয়াতে কেইগৰাকীমান কৰ্মচাৰী আছে। এজন কৰ্মচাৰীয়ে পৰিচয় পত্ৰ আৰু অইন সৱিশেষৰ সত্যাপনৰ চফটৱেৰৰ ক্ৰুটি আঙুলিয়াই দিছে।
মানুহক ৫০০ টকীয়া আঠখন অথবা ১০০০ টকীয়া চাৰিখন সলাবলৈ, মুঠতে মুঠ ২০০০ টকা সলাবলৈ অনুমতি দিয়া হৈছে। এয়া এবাৰৰ লেনদেন। "হয়, আপুনি আপোনাৰ একেটা কামকে পুনৰাই কৰিলে ধৰা পৰি যাব। কিন্তু আপুনি তাৰে সুৰুঙা ওলাব পাৰে। মাত্ৰ এটা বেলেগ পৰিচয় ব্যৱহাৰ কৰক। আপুনি যদি আজি আধাৰ কাৰ্ড ব্যৱহাৰ কৰিছে, তেন্তে কাইলৈ আপোনাৰ পাছপৰ্ট আনক, পৰহিলৈ আপোনাৰ পান কাৰ্ড ব্যৱহাৰ কৰক। ধৰা নপৰাকৈ আপুনি লেনদেন কৰিব পাৰিব।"