১৯৬৮ৰ ডিচেম্বৰৰ শেষৰটো সপ্তাহত ভেনমনি গাঁৱৰ কিলভেনমনি চুবুৰীত অত্যাচাৰী জমিদাৰবোৰৰ বিৰুদ্ধে তুঁহজুইৰ দৰে জ্বলি থকা শ্ৰমিকসকলৰ সংঘবদ্ধ সংগ্ৰামে টগবগ কৰিছিল। তামিলনাডুৰ নাগাপাট্টিনাম জিলাৰ সেই গাওঁখনৰ ভূমিহীন দলিত শ্ৰমিকে উচিত মজুৰি, খেতিপথাৰৰ ওপৰত নিজৰ নিয়ন্ত্ৰণৰ দাবী উত্থাপন কৰিছিল আৰু সামন্তবাদী শোষণৰ ওৰ পৰাটো বিচাৰিছিল। জমিদাৰবোৰে কি সঁহাৰি দিছিল? চুবুৰীটোৰ ৪৪ জন দলিত শ্ৰমিকক তেওঁলোকে জীৱন্তে জ্বলাই এঙাৰ কৰি পেলাইছিল। অনুসূচিত জাতিৰ লোকসকলৰ মাজত নতুন ৰাজনৈতিক জাগৰণ দেখি ধনিক আৰু ক্ষমতাশালী জমিদাৰবোৰ ক্ৰোধিত হৈ কেৱল চুবুৰীয়া গাঁৱৰ পৰা শ্ৰমিক আনি কামত লগোৱাই নহয়, এক বিশাল গণ প্ৰতিশোধৰো চক্ৰান্ত ৰচিছিল।
২৫ ডিচেম্বৰৰ নিশা কোনেও কেনি ওলাই যাব নোৱাৰকৈ চুবুৰীটো চাৰিওদিশৰ পৰা ঘেৰি ধৰি জমিদাৰবোৰে আক্ৰমণ চলায়। প্ৰাণৰ ভয়ত পঁজা এটাত গৈ আশ্ৰয় লোৱা ৪৪ জন শ্ৰমিকক বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি আক্ৰমণকাৰীয়ে জুই লগাই দিয়ে। তেনেদৰে কৰুণ মৃত্যুক সাৱতি লোৱাসকলৰ আধাখিনি- ১১ জনী ছোৱালী আৰু ১১ জন ল’ৰাৰ বয়স ১৬ বছৰো হোৱা নাছিল। দুজনৰ বয়স ৭০ উৰ্দ্ধ আছিল। আটাইকেইজনৰ ভিতৰত ২৯ গৰাকী মহিলা আৰু ১৫ গৰাকী পুৰুষ আছিল। আটাইকেইজন দলিত সম্প্ৰদায়ৰ আছিল আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সমৰ্থক আছিল।
১৯৭৫ত মাদ্ৰাছ উচ্চ ন্যায়ালয়ে উক্ত হত্যাকাণ্ডৰ গোচৰৰ ২৫ জন অভিযুক্তক নিৰ্দোষী বুলি ৰায় দিয়ে। কিন্তু এই অমানুষিক অত্যাচাৰৰ ধাৰাক কলমেৰে ধৰি ৰখা অন্যতম বুৰঞ্জী লেখক মৈথিলী শিৱৰমণৰ শক্তিশালী আৰু বিস্তৃত বিশ্লেষণে সেই গণহত্যাক পোহৰলৈ অনাই নহয়, তাৰ অন্তৰালত থকা শ্ৰেণী আৰু জাতিগত নিপীড়নৰ সমস্য়াবোৰো উন্মোচিত কৰে। ৮১ বছৰ বয়সত মৈথিলী শিৱৰমণ ক’ভিড-১৯ আক্ৰান্ত হৈ দেহাৱসান ঘটা এই সপ্তাহটোতে আমি সেই কৰুণ ঘটনাৰ ওপৰত লিখা কবিতাটো প্ৰকাশ কৰিছো।



