“গীতাই বিষত কেঁকাইছে, জ্বৰ উঠিছে আৰু মূৰ্চ্ছা গৈছে। পিছদিনা তেওঁ খুব বেছি বমি কৰিবলৈ ধৰে। মই শংকিত হৈ পৰিছিলো,” সতেন্দৰে কয়।
পিছদিনা ১৭ মে’, দেওবাৰ। কি কৰিব, সতেন্দৰে উৱাদিহ পোৱা নাই। দাতব্য ন্যাসৰ এম্বুলেন্স চলোৱা এজন চালকলৈ তেওঁ ফোন কৰে আৰু টাটা মেম’ৰিয়েললৈ লৈ যাবলৈ অনুৰোধ জনায়। তেওঁলোক হাস্পতাল গৈ পোৱাৰ লগে লগে তেওঁলোকক বৰ্হিবিভাগলৈ লৈ গৈ তাত থকা চিকিৎসকে ক’ভিড-১৯ৰ পৰীক্ষা কৰে। পৰীক্ষাৰ ফল পজিটিভ বুলি সোমবাৰে চিকিৎসকে জনালে।
গীতাৰ পেটৰ কৰ্কটৰোগ আছে। দুসপ্তাহৰ আগতে তেওঁ আৰু সতেন্দৰ মধ্য-মুম্বাইৰ পাৰেল এলেকাত থকা আৰ্তজনৰ সেৱাত উৎসৰ্গিত টাটা হাস্পতালৰ ওচৰৰ পদপথলৈ পুনৰ ঘূৰি আহিছে। কেইসপ্তাহমানৰ কাৰণে তেওঁলোক হাস্পতালৰ পৰা ৫০ কিলোমিটাৰ দূৰৰ ডম্বিৱালিত এজন আত্মীয়ৰ ঘৰত আছিল। বহুতো অনুনয়-বিনয় কৰা আৰু খোৱা-থকাৰ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত তাত থাকিবপৰা গৈছিল।
যোৱা নৱেম্বৰতে মহাৰাষ্ট্ৰৰ কোলহাপুৰ জিলাৰ ইচালকাৰানজী নগৰৰ পৰা ৪০ বছৰীয়া গীতা আৰু ৪২ বছৰীয়া সতেন্দৰ মুম্বাইলৈ আহিছিল। তেওঁলোকৰ ১৬ বছৰীয়া পুত্ৰ বাদল আৰু ১২ বছৰীয়া জীয়ৰী খুশীক ইচালকাৰানজীত থকা সতেন্দৰৰ জ্যেষ্ঠ ভাতৃ সুৰুন্দ্ৰৰ ঘৰত থৈ আহিছিল। প্ৰায় এক দশকৰ পূৰ্বে বিহাৰৰ ৰোহতাছ জিলাৰ দিনাৰা ব্লকৰ কানিয়াৰি গাঁৱৰ পৰা পৰিয়ালটোৱে প্ৰব্ৰজন কৰিছিল। গীতাৰ সৈতে মুম্বাইলৈ অহাৰ আগলৈকে সতেন্দৰে মাহে ৭০০০ টকা বেতনত ইচালকাৰানজীৰ বিদ্যুৎচালিত তাঁতশালত কাম কৰিছিল।
সোনকালে উভতি আহিম বুলি ল’ৰা-ছোৱালীদুটাক কৈ আহিছিলো। কিন্তু এতিয়া সিহঁতৰ মুখ কেতিয়া দেখা পাও, নাজানো,” মাৰ্চলৈ গীতাই মোক এইদৰে কৈছিল।
নৱেম্বৰত তেওঁলোক যেতিয়া মুম্বাইলৈ আহিছিল, তেতিয়া গোৰেগাঁৱৰ উত্তৰ উপকণ্ঠ অঞ্চলত সতেন্দৰৰ এক ভতিজাৰ ঘৰত তেওঁলোক আছিল। ক’ভিড-১৯ৰ শংকাৰ বাবে ভতিজাজনে তেওঁলোকক ঘৰ এৰিবলৈ অনুৰোধ কৰে। “আমি ষ্টেছনত আছিলো, তাৰ পিছত এই পদপথলৈ আহিলো,” ২০ মাৰ্চত লগ পাওতে গীতাই কয়। তাৰ পিছত তেওঁলোক ডম্বিৱালিলৈ যায়। (তলাবন্ধৰ ফলত মুম্বাইৰ পদপথত আবদ্ধ কৰ্কট ৰোগী- দ্ৰষ্টব্য)।





