ক’ৰণা ভাইৰাছক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰথমটো ভাষণত তেওঁ আমাক কাঁহি-বাতি বজাই অপদেৱতা খেদিবলৈ আহ্বান জনালে।
দ্বিতীয়টো ভাষণত তেওঁ আমাক ভয় খুৱালে।
আগন্তুক সপ্তাহবোৰত জনতাই, বিশেষকৈ দৰিদ্ৰ শ্ৰেণীয়ে কেনেদৰে খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱা-সামগ্ৰী লাভ কৰিব সেই বিষয়ে এটা শব্দও নোকোৱাকৈ আগন্তুক বিপদৰ আগজাননী দি আমাক উৎকণ্ঠাৰ মাজলৈ ঠেলি দিয়া হ’ল। মধ্যবিত্তই দোকান-পোহাৰত ভীৰ কৰিলে, যিটো দৰিদ্ৰ শ্ৰেণীৰ বাবে সহজ নহয়। চহৰ এৰি গাঁৱলৈ যাবলৈ সাজু হোৱা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবেও সেয়া সম্ভৱ নহয়। ক্ষুদ্ৰ বিক্ৰেতা, ঘৰুৱা সহায়ক, কৃষি শ্ৰমিক, কাৰো বাবেই সহজ নহয়। ৰবি শস্য চপাবলৈ নোপোৱা বা চপোৱাৰ পিছতো বজাৰলৈ উলিয়াই দিবলৈ সক্ষম নোহোৱা কৃষকৰ কাৰণেও এয়া সহজ নহয়। একেদৰে কোটি কোটি উপান্ত ভাৰতীয়ৰ বাবে এয়া সম্ভৱ নহয়।
২৬ মাৰ্চৰ দিনা বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰা সাহায্যত আৰ্তজনক উদ্ধাৰৰ চেষ্টা এনেধৰণৰঃ তিনিমাহৰ বাবে ব্যক্তিয়ে প্ৰতি ৫ কিলোগ্ৰাম গম বা চাউল পাব, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ যোগেদি ইতিমধ্যে ধাৰ্য কৰা ৫ কিলোগ্ৰামৰ সৈতে এয়া যোগ হ’ব। ইয়াতে এইখিনি কথা স্পষ্ট নহয় যে আগেয়ে দিয়া ৫ কি.গ্ৰা. বিনামূলীয়া হ’ব নে সেয়া ক্ৰয় কৰিব লাগিব। যদি সেইখিনি কিনিব লাগে তেন্তে সেয়া অনৰ্থক হ’ব। ‘সাহায্য’ বুলি দিয়াখিনিৰ প্ৰায়খিনি উপাদানেই দৰাচলতে ইতিমধ্যে থকা আঁচনিৰ পৰা টানি অনা হৈছে। এমজি এনৰেগা আঁচনিৰ অধীনত দৈনিক মজুৰীৰ ২০ টকাকৈ বঢ়োৱাখিনি ইতিমধ্যে অনাদায় হৈ আছিল, আকৌ তাতে অতিৰিক্ত দিন যোগ দিয়াৰ উল্লেখ ক’ত আছে? আৰু ততালিকে কেনেদৰে চৰকাৰে সেয়া সম্ভৱপৰ কৰি তুলিব? কামৰ প্ৰকৃতি কেনে হ’ব? সামাজিক দূৰত্বৰ নিয়ম বজাই ৰখা হ’বনে? আৱশ্যক হোৱা কাম মুকলি হোৱাৰ আগৰ সপ্তাহকেইটাত মানুহে কি কৰিব? তেওঁলোকৰ স্বাস্থ্য সিমানখিনি কাম কৰিব পৰাকৈ ঠিকে থাকিবনে? সংকট আঁতৰি নোযোৱালৈকে আমি এমজি এনৰেগা আঁচনিৰ অধীনত কাম কৰাসকলক দৈনিক মজুৰী দিয়া উচিত, কাম থাকক বা নাথাকক।
প্ৰধানমন্ত্ৰী কৃষক যোজনাৰ অধীনত দিবলগীয়া ২০০০ টকাৰ সাহায্য ইতিমধ্যে অনাদায় হৈ আছে। তাতে কি যোগ দিয়া হৈছে? চতুৰ্থাংশৰ শেষৰটো মাহত পৰিশোধ কৰিবলগীয়াখিনি এতিয়াও দিয়া হোৱা নাই, নতুন মাহ পৰিল। বিত্তমন্ত্ৰী গৰাকীয়ে মহামাৰীৰ প্ৰাদুৰ্ভাৱ আৰু লকডাউনৰ কাৰণে ঘোষণা কৰা ১.৭ লাখ কোটি টকাৰ সাহায্য কি কি শিতানত কেনেদৰে ব্যয় কৰা হ’ব সেয়া স্পষ্ট নকৰিলে। তাতে নতুনকৈ কি শিতান যোগ দিয়া হৈছে? এই সাহায্য ৰাশিৰ কিমানখিনি পুৰণি বা ইতিপূৰ্বে থকা আঁচনিৰ পৰা লোৱা হৈছে? সেয়া জৰুৰীকালীন পদক্ষেপ হিচাপে কোনোমতেহে ধৰিব পাৰি। তাৰোপৰি পেঞ্চনধাৰী, বিধবা আৰু দিব্যাংগসকলক এককালীন ১০০০ টকা আগন্তুক তিনিটা মাহত দুটাকৈ কিস্তিত পাব? আকৌ জন ধন যোজনা থকা ২০ কোটি মহিলাই তিনি মাহৰ বাবে মাহে ৫০০ টকাকৈ পাব? এয়া প্ৰতীকি চেষ্টাতকৈও নিকৃষ্টতৰ, এয়া গৰিহণা-যোগ্য।
আত্মসহায়ক গোটৰ কাৰণে ঋণৰ সীমা বঢ়োৱাটোৱে কেনেদৰে পৰিস্থিতি সলনি কৰিব, য’ত ইতিমধ্যে থকা ঋণ লাভ কৰাটো এটা দুঃস্বপ্ন। গাঁৱৰ ঘৰলৈ উভতাৰ বাবে চেষ্টা কৰি থকা চহৰত অসহায় অৱস্থাত আবদ্ধ প্ৰব্ৰজনকাৰী অগণন শ্ৰমিকক এই ‘সাহায্য’ই কেনেদৰে সহায় কৰিব? প্ৰব্ৰজনকাৰী শ্ৰমিকক ই সহায় কৰিব বুলি কোৱাটোৰ কোনো সত্যাসত্য নাই। জৰুৰীকালীন এলানি পদক্ষেপ সাজু কৰিব নোৱাৰাটো যদি উদ্বেগজনক কথা, ইফালে সাহায্যৰ নীতি প্ৰস্তুত কৰাসকলৰ দৃষ্টিভংগীও আতংকৰ কাৰণ। তৃণমূল পৰ্যায়ত পৰিস্থিতিয়ে কি ৰূপ লৈছে, সেই বিষয়ে নীতি নিৰ্ধাৰকসকলৰ কোনো ধাৰণা নাই।






