"আমাৰ গাওঁবোৰত বা আশে-পাশে থকা গাওঁবোৰত কাচিতহে কিবা কাম ওলায়," জংগম ধনলক্ষ্মীয়ে কয়। "খেতিপথাৰবোৰ খান্দি মাছপোহা পুখুৰী কৰি পেলোৱা হৈছে।"
৪০ বৰ্ষীয় ধনলক্ষ্মী (ওপৰৰ বেটুপাতৰ ফটো থকাগৰাকী) আংকেন্নাগুদেমত নামৰ দলিত গাওঁখনত থাকে। অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ তামিৰিসা গাঁৱৰ এই দলিত চুবুৰীটোত প্ৰায় ৪৫০ ঘৰমান লোকে বাস কৰে। তাই দিনে ২০০ টকাৰ হাজিৰা কামৰ বাবে ৬০ কিলোমিটাৰ দুৰৈৰ কৃষিপাম এখনলৈ অটোৰিক্সা লৈ যাবলগা হয়। ভাড়াতে তেঁওৰ হাজিৰাৰ চাৰিভাগৰ এভাগ যায়।
"ইমান দুৰলৈ ভ্ৰমণ কৰাৰ পিছতো, আমি বছৰটোত মাত্ৰ ৩০ দিন মানৰহে কাম পাও- এপ্ৰিল মাহত ১০ দিন, আগস্ত মাহত ১০ দিন আৰু খেতিপথাৰৰ কামৰ হেঁচা বঢ়া ডিচেম্বৰ মাহত ১০ দিনমান," ধনলক্ষ্মীৰ চুবুৰীয়া ৬০ বছৰ বয়সৰ গান্তা সৰোজাই কয়। কৃষিৰ কামৰ পৰা অঞ্চলটোৰ লোকে যিহেতু ৫ ৰপৰা ৬ হাজাৰমানহে আয় কৰিব পাৰে, সেয়ে বহুতে সেই ঠাই এৰি গৈছে। "১০ বছৰমান আগেয়ে এই গাওঁখনত ১৫০ মান পৰিয়াল আছিল। এতিয়া ৬০ ঘৰমানহে ৰৈছেগৈ," সৰোজাই হিচাপ কৰি ক'লে। "কিছুমানে গুদিৱাড়া, বিজয়ৱাড়া আৰু হায়দৰাবাদলৈ গ'লগৈ, আন কিছুমানে আকৌ শহুৰৰ গাঁৱলৈ কামৰ সন্ধানত ঢাপলি মেলিলে।"
আংকেন্নাগুদেম আছে নন্দিৱাড়া মণ্ডলত পৰে। ইয়াৰে জনসংখ্যা ৩৬ হাজাৰমান হ'ব। নন্দিৱাড়াৰ জনমুৰি আয় অন্ধ্ৰপ্ৰদেশৰ (বিশাথাপট্টনম জিলাৰ অটচুপুৰম মণ্ডলৰ পিছতে) ভিতৰতে সৰ্বাধিক। মাছৰ পুখুৰীৰ পৰা হোৱা আয়ৰ বলতে এই আয়। মাছবোৰ প্ৰথমে একুৱা প্ৰচেছিং ইউনিটত ৰখা হয়। তাৰ পিছতে সেয়া পূৱ এছিয়া আৰু ইউৰোপীয় দেশলৈ চালান দিয়া হয়। ২০১৪-১৫ চনত, ৰাজ্যিক কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটিৰ তথ্য মতে নন্দিৱাড়াৰ জনমুৰি আয আছিল মুঠ ৩০৮,৩৭১ টকা। আৰু একেটা বছৰতে সমগ্ৰ কৃষ্ণা জিলাৰ আয় আছিল ১৪০,৬২৮ টকা।






