“ভাৰত ত্যাগ আন্দোলনৰ সময়ত আপোনাৰ স্বামীৰ ১৩ মাহৰ কাৰাবাসৰ কালচোৱা আপোনাৰ বাবে নিশ্চয়কৈ খুব কঠিন সময় আছিল?” পুৰুলিয়াত মই ভৱানী মাহাতোক প্ৰশ্ন কৰিলো। “ইমান ডাঙৰ পৰিয়াল এটা চলোৱাটো আৰু …”
“তেওঁ আহি পোৱাৰ পিছতহে অৱস্থা বেয়া হ’ল,” তেওঁ শান্ত সুৰত কিন্তু দৃঢ়তাৰে কয়। “তেওঁ তেওঁৰ বন্ধুবৰ্গক লৈ আহিব, তেওঁলোকৰ কাৰণে ৰান্ধিব লাগিব, আৰু সেইখিনি তেওঁলোকে লৈ যাব। কেতিয়াবা ৫ জন, কেতিয়াবা ১০-২০ জন আৰু কেতিয়াবা আৰু বেছি মানুহ আনে। মই এটা মুহূৰ্তও জিৰাবলৈ নাপাওঁ।” .
“কিন্তু ভাৰত ত্যাগ আন্দোলনৰ সৈতে আপোনাৰ সম্পৰ্ক…”
“সেই আন্দোলনৰ লগত মোৰ সম্পৰ্কনো কি, তেনে কিনো কাম কৰিছো?” তেওঁ ওলোটাই প্ৰশ্ন কৰে। “মই সেই আন্দোলনত একো কৰা নাই, মোৰ স্বামী বৈদ্যনাথ মাহাতোৱেহে কৰিছিল। মই ডাঙৰ এটা পৰিয়াল চোৱাতহে ব্যস্ত আছিলো, কিমান যে ৰান্ধিবলগীয়া হৈছিল। প্ৰতিদিনে ৰন্ধা কাম বাঢ়িছিলহে!” ভৱানীয়ে কয়। “তাতে আকো মই খেতিৰ কামো চাইছিলো।”
আমি ভগ্ন মনোৰথ হ’লো। আমাৰ মুখত হতাশাৰ চিন ফুি উঠাটোও স্বাভাৱিক আছিল। জীৱিত মুক্তিযুঁজাৰুগৰাকীক বিচাৰি পশ্চিম বংগৰ এই আওহতীয়া ঠাইটুকুৰালৈ আমি বহুদূৰ বাট অতিক্ৰম কৰি আহিছিলো। এক নং মনবাজাৰ ব্লকৰ চেপুৱা গাঁৱত তেনে এজন মুক্তিযুঁজাৰু আমি বিচাৰি পোৱা বুলিয়েই ধৰিছিলো। কিন্তু তেওঁ দেখোন দেশলৈ স্বাধীনতা অনা ঐতিহাসিক সংগ্ৰামখনৰ লগত জৰিত নহয় বুলিয়েই কয়।
ভৱানী মাহাতোৰ বয়স ১০১ৰ পৰা ১০৪ বছৰ বয়সৰ মাজত হ’ব, কিন্তু তেওঁ কথা-বতৰাত এক সাংঘাতিক স্পষ্টতা আৰু সিদ্ধান্তবাদী সুৰ। গ্ৰামাঞ্চলৰ দৰিদ্ৰজনৰ বয়স হিচাপ কৰি উলিওৱাটো টান কাম হৈ পৰে। তাতে তেওঁৰ জন্ম এটা দশক পূৰ্বে, সেইখিনি সময়ত বয়সৰ হিচাপ ৰখাৰ নিয়মেই নাছিল। কিন্তু আমি তেওঁৰ ডাঙৰ পৰিয়ালটোৰ ডাঙৰজন পুত্ৰৰ ৭০ বছৰ বয়স হোৱালৈ চাই আৰু তেওঁৰ প্ৰয়াত স্বামীৰ ৰেকৰ্ডবোৰ চাই তেওঁৰ বয়স অনুমান কৰিলো। তাৰোপৰি সেই অনুমানৰ কাৰণে পুৰুলিয়াত কেইখনমান গাঁৱত থকা তেওঁতকৈ বয়সত সৰু সমকালীন লোকৰ কথাও বিবেচনালৈ আনিলো।
বিসংগতিপূৰ্ণ আধাৰ কাৰ্ডৰ ব্যৱস্থাটোৱে যেনে-তেনে জাপি দিয়া বয়সতকৈ এই ব্যৱস্থাটো বহুগুণে ভাল বুলি ভাবো। কাৰ্ডত ভৱানীৰ জন্ম চনটো ১৯২৫ বুলি লিখা আছে। তাৰমানে তেওঁৰ বয়স সেই হিচাপত ৯৭ হ’ব।
তেওঁৰ পৰিয়ালে কোৱামতে তেওঁৰ বয়স ১০৪ বছৰ।









