জয়পুৰৰ উচ্চ ন্যায়ালয়ৰ পৰিৱেশ শান্ত-সমাহিত। তাতে ভালেমান ৰাজস্থানী লোকৰ দৃষ্টিত কটু যেন লগা এটাই বস্তু আছে। সেয়া হৈছে বোধকৰো ন্যায়ালয়ৰ চৌহদত থিয় হৈ থকা 'মনু, ন্যায়দাতা'ৰ প্ৰতিমূৰ্ত্তি (প্ৰচ্ছদ আলোকচিত্ৰখন চাওক)। দেশৰ বোধকৰো এইখনেই একমাত্ৰ এনে ন্যায়ালয়, য'ত মনুৰ প্ৰতিমূৰ্ত্তি আছে।
মনু বুলি দৰাচলতে কোনো ব্যক্তি আছিল নে নাই তাৰ কোনো প্ৰমাণ নাই। শিল্পীৰ মনৰ অভিব্যক্তিহে আছিল সেই প্ৰতিমূৰ্ত্তিটো। অৱশ্যে শিল্পীৰ সীমিত কল্পনাৰ সেয়া পৰিণতি বুলি প্ৰমাণিত হ'ল। মনুৰ প্ৰতিমূৰ্ত্তিটো ইয়াতে তথাকথিত ঋষি-মুনিৰ মূৰ্ত্তি যেনহে বোধ হয়।
কিংবদন্তি মতে একে নামৰে এজন ব্যক্তিয়ে মনুস্মৃতি ৰচনা কৰিছিল। বহু শতিকা আগতে ব্ৰাহ্মণসকলে সমাজৰ ওপৰত জাপি দিব বিচৰা নীতি-নিয়মেই আছিল মনুসংহিতা। সেই ৰীতি-নীতিবোৰ তীব্ৰ জাতিভেদমূলক আছিল। প্ৰায়বোৰ নীতিয়ে খ্ৰীষ্টপূৰ্ব ২০০ আৰু খ্ৰীষ্টাব্দ ১০০০ৰ ভিতৰত ৰচিত। বিভিন্ন ৰচয়িতাই সেইবোৰ বহু দীঘলীয়া সময় ধৰি লিখিত আকাৰত উলিয়াইছিল। তাৰে আটাইতকৈ জনাজাত পুথিখন হৈছে মনুস্মৃতি। একেবিধ অপৰাধৰ বাবে বিভিন্ন জাতিৰ লোকৰ বাবে বিভিন্ন শাস্তিৰ মান নিৰ্ধাৰণ কৰা হৈছে এই মনুস্মৃতিত।
স্মৃতিখনত নিম্নজাতৰ লোকৰ জীৱনৰ মূল্য একেবাৰে নগণ্য বুলি ধৰা হৈছে। উদাহৰণ স্বৰূপে 'এজন ক্ষূদ্ৰক হত্যা কৰাৰ প্ৰায়শ্চিত্ত'ৰ কথাই ধৰা হওক। এয়া এজন ব্যক্তিয়ে "এটা ভেকুলী, এটা ফেঁচা অথবা এটা কাউৰী" মৰাৰ সমান বুলি গণ্য কৰা হয়। সিমানখিনি প্ৰায়শ্চিত্ত কৰিলেই কাম সমাধা। এজন "গুণৱান ক্ষূদ্ৰ"ক হত্যা কৰাৰ প্ৰায়শ্চিত্ত এগৰাকী ব্ৰাহ্মণক শিৰচ্ছেদ কৰাৰ ১৬ ভাগৰ এভাগ।
সেই প্ৰতিমূৰ্ত্তিৰ উপস্থিতিয়ে দলিতক অৱদমন কৰাৰে ইংগিত বহন কৰে যিটোক লৈ ৰাজস্থানৰ দলিতসকলৰ মাজত ক্ষোভ আছে। তাতোকৈ দুখৰ কথা যে চৌহদৰ ভিতৰত ভাৰতীয় সংবিধানৰ সংৰচনা কৰা অন্যতম ব্যক্তিয়েও স্থান পোৱা নাই। ড. বাবাচাহেব আম্বেদকাৰৰ এটা প্ৰতিমূৰ্ত্তি ট্ৰেফিকৰ ফালে মুখ কৰি ৰাস্তাত থিয় দি আছে। ইফালে মনুৱে স্বমহিমাৰে ন্যায়ালয়লৈ অহা প্ৰতিজন লোককে দৰ্শন দিয়ে।






