ভেডামাল গাঁৱৰ চাহাদু জোগাড়ে কয়, 'আমাৰ গাঁওখন খৰাংপীড়িত বুলি ঘোষণা কৰা হোৱা নাই যদিও যোৱা বছৰতকৈ এইবাৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। পানী পোৱাটো তেনেই দুৰুহ হৈ পৰিছে। আমি পানীৰ কাৰণে বহুদুৰ খোজকাঢ়ি যাবলগীয়া হয়। তথাপি চৰকাৰে ভ্ৰূক্ষেপ নকৰে।'
তেঁওৰ গাঁৱৰ খেতিয়কসকলে গৰু-ছাগলীৰ কাৰণে ঘাঁহ আৰু পানী বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে। জীৱ-জন্তুৱে কথা ক'ব নোৱাৰে। নিজৰ অধিকাৰৰ কাৰণে যুঁজ দিবও নোৱাৰে। আমাৰ গাঁৱৰ আশে-পাশে ক'তো পশুখাদ্যৰ শিবিৰ নাই। গৰু-মহ, ছাগলী সকলোকে পানী লাগে। আমি ক'ৰপৰা আনিম?
তিলভাত গাঁৱৰ ভিত্থাল চৌধাৰীয়েও খৰাঙৰ বিষয়ে ক'লে। 'একোৱে বাকী ৰোৱা নাই। শস্যবোৰ মৰহি গ'ল। খাবলৈও পানী নাই।' ভাল দিনত ভিত্থালে তেঁওৰ পাঁচ একৰ মাটিত ধান, মাহৰ দাইল আৰু চানা দাইলৰ খেতি কৰিছিল।
'মই ইয়ালৈ যোৱাবাৰো আহিছিলো। চৰকাৰে আমাৰ দাবীবোৰ ছমাহতে পূৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল।' তেঁও কয়। 'বছৰ পাৰ হৈ গ'ল। কিন্তু আমি কিনো পাইছো? এতিয়া আকৌ খৰাং পৰিবৰ হৈছে।'
ভিত্থালে ২০ ফেব্ৰুৱাৰীত তিলভাতত থকা ঘৰ এৰিছিল, ২০০ কিলোমিটাৰ নিলগৰ মুম্বাইলৈ যাবলৈ মন বান্ধিছিল। নাচিকৰ যি ঠাইত তেঁওলোক ৰাতিটোৰ বাবে ৰৈছিল, তাতেই তেঁওৰ চশমাজোৰ হেৰাল। 'মই চশমা নহলে দিনত খুব কম দেখো, ৰাতি খোজ কাঢ়িবলৈ লগত এজন লাগে। কিন্তু চৰকাৰখনে কি মোৰ দৰেই কম দেখে নেকি? আমাৰ জীৱন সংগ্ৰাম তেঁওলোকৰ চকুত নপৰে নেকি?'
পুনশ্চঃ ২১ ফেব্ৰুৱাৰীৰ দিনা নিশা মিচিলৰ আয়োজক সৰ্বভাৰতীয় কিষাণ সভাই চৰকাৰী প্ৰতিনিধিৰ সৈতে পাঁচ ঘণ্টাজোৰা আলোচনাৰ অন্তত প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে৷ চৰকাৰে কৃষকৰ সকলো দাবী পুৰণ কৰিব বুলি লিখিত অংগীকাৰ কৰাৰ পিছত কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হয়৷ ‘আমি নিৰ্ধাৰিত সময়সূচীৰ ভিতৰত প্ৰতিটো সমস্যা সমাধান কৰিম আৰু প্ৰতি দুমাহৰ মুৰে মুৰে অগ্ৰগতিৰ খতিয়ান ৰখাৰ কাৰণে বৈঠক পাতিম,’ জলসম্পদৰ ৰাজ্যিক মন্ত্ৰী গিৰিশ মহাজনে প্ৰতিবাদী দলটোক উদ্দ্যেশী ঘোষণা কৰিলে৷ ‘আপোনালোকে (কৃষক আৰু কৃষিশ্ৰমিক) মুম্বাইলৈ এনেদৰে মুৰৰ ঘাম মাটিত পেলাই আহিবলগীয়া নহয়৷ এই চৰকাৰ হৈছে জনতাৰ কথা শুনা চৰকাৰ৷ আপোনালোকে দুনাইবাৰ যাতে এনেদৰে মৰ্চা উলিয়াবলগা নহয় তাৰ বাবে আমি আমাৰ প্ৰতিশ্ৰুতিসমূহ বাস্তবায়িত কৰিম৷’
অনুবাদঃ পংকজ দাস