তেওঁ কথা কওঁতে খোকোজা লাগিছে, শোকে খুন্দা মাৰি ধৰিছে। কিন্তু দীঘল উশাহ এটা লৈ তেওঁ চেষ্টা কৰিছে। মাতটো থোকাথুকি হৈছে। তেওঁ মূৰ তল কৰিছে আৰু থুঁতৰিটো লৰিছে। যোৱা এটা বছৰ ধৰি অনিতাই সাহসেৰে পৰিস্থিতিৰ মুখামুখি হৈছে। কিন্তু তেওঁৰ গিৰীয়েকৰ স্মৃতিয়ে তেওঁক বাৰে বাৰে আৱেগিক কৰি তোলে। “আমাৰ বৰ সুখী পৰিয়াল আছিল,” অনিতাই (৩৩) কয়। “মোৰ দেউতা এগৰাকী এংকৰ আছিল।”
অনিতাৰ স্বামী ৪২ বৰ্ষীয় জইকৰ্ণ সিং উত্তৰ প্ৰদেশৰ বুলন্দচহৰ চহৰৰ পৰা ২০ কিলোমিটাৰ দূৰৰ লখাৱতী গাঁৱৰ এগৰাকী প্ৰাথমিক শিক্ষক আছিল। ২০২১ৰ এপ্ৰিলৰ প্ৰথম সপ্তাহত তেওঁৰ গাত ক’ভিড-১৯ৰ লক্ষণে দেখা দিয়ে। “তেওঁৰ কাহ হৈ আছিল, গাত জ্বৰো আছিল,” চহৰখনৰ তেওঁৰ ঘৰত আমি তেওঁক লগ পাঁওতে অনিতাই আমাক কৈছিল। “দ্বিতীয় ঢৌ তীব্ৰ হৈ অহা স্বত্ত্বেও শিক্ষকসকলক স্কুললৈ যাবলৈ নিৰ্দেশ দিয়া হৈছিল। তেনেকুৱা এটা দিনতে বোধকৰো তেওঁৰ গাত ক’ভিড লাগিল।”
২০২১ৰ ২০ এপ্ৰিলত জইকৰ্ণ ক’ৰনাভাইৰাছ পজিটিভ হৈ পৰে। উশাহ লোৱাত কষ্ট পাই ফোঁপাই থকা জইকৰ্ণৰ বাবে চহৰখনৰ কোনো এখন হস্পিতালতে অক্সিজেন নাছিল। “ভালেকেইখন হস্পিতালত মই কাকূতি-মিনতি কৰিলো, সকলোৱে কেৱল নাই বুলি কৈ সামৰিলে,” অনিতাই মনত পেলায়। “তেওঁৰ স্বাস্থ্যৰ তীব্ৰ অৱনতি ঘটাত আমি অ’ত-তত ফোন কৰিছিলো। কিন্তু কাৰোৰে পৰা সহায় নাপালো। ঘৰতে তেওঁৰ চিকিৎসা কৰাবলগীয়া হ’ল।”
স্থানীয় ডাক্তৰ এজনে তেওঁৰ জ্বৰ আৰু কাহৰ চিকিৎসা কৰালে। অনিতাৰ আত্মীয়ই কোনোমতে অক্সিজেন চিলিণ্ডাৰ এটাৰ ব্যৱস্থা কৰালে। “কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়াও আমি নাজানিছিলো। আমি নিজে সেয়া শিকি ল’বলগীয়া হৈছিল,” তেওঁ কয়। “তেতিয়াও আমি হস্পিতাল বেডৰ সন্ধান কৰি আছিলো।”
অতিমাৰীয়ে ভাৰতৰ ইতিমধ্যে শোচনীয় জনস্বাস্থ্যৰ আন্তঃগাঁথনিৰ ফোপোলা স্বৰূপটো, বিশেষকৈ গ্ৰামাঞ্চল আৰু সৰু চহৰত উদঙাই দিলে। কেৱল স্বাস্থ্যখণ্ডটোত দেশৰ ৰাজহুৱা ব্যয় জিডিপিৰ (২০১৫-১৬ত) ১.০২ শতাংশ, সেয়ে মানুহৰ কাৰণে ভৰসাৰ বাবে বেছি একো নাথাকে। ৰাষ্ট্ৰীয় স্বাস্থ্যৰ ৰূপৰেখা ২০১৭ অনুসৰি দেশখনত ১০,১৮৯ গৰাকী ব্যক্তিৰ বিপৰীতে এজন চৰকাৰী এলোপেথিক ডাক্তৰ আছে আৰু প্ৰতি ৯০,৩৪৩ গৰাকী ব্যক্তিৰ বিপৰীতে এখন চৰকাৰী হস্পিতাল আছে।







