বাঘৰ আক্ৰমণঃ “এই স্থানীয় গৰুটো বাঘে খাইছে। যেতিয়া বাঘে মাৰে, তেতিয়া সি চিকাৰটোক দুৰলৈ নি খায়। ই চিকাৰটোৰ পিছফালৰপৰা খাবলৈ আৰম্ভ কৰে। ই প্ৰথমতে ওহাৰটো খায় আৰু পিছৰ ঠেং দুখন খায়। ই বৰ চাফ-চিকুণকৈ খায়। নেজডাল এৰে। কিয় এৰে মই নাজানো। বাঘে মৰা প্ৰত্যেকটো চিকাৰৰে এই বৈশিষ্ট দেখা যায়। কেৱল বাঘেহে এনেদৰে ডাঙৰ গৰু মাৰে আৰু তাক খাবলৈ চোঁচৰাই লৈ যাব পাৰে। আমি চিকাৰীৰ হাতোৰাৰ চিন চায়ে ক'ব পাৰো যে সেয়া বাঘ নে নাহৰফুটুকী। এই মানুহজন য়েলাচাট্টিৰ। তেওঁৰ ১০-১২ টামান গৰু আছে। বন বিভাগে ক্ষতিপুৰণ হিচাপে ১০ হাজাৰ টকা দিব লাগে যদিও কোনেও ৩ হাজাৰতকৈ বেছি টকা পোৱা নাই। বন বিভাগৰ পাৰ তেওঁ এতিয়াও ক্ষতিপুৰণ পোৱা নাই যদিও আমাৰ ট্ৰাষ্টৰ তৰফৰ পৰা ৫ হাজাৰ টকা পাইছে।”
এই প্ৰকল্পটো জেৰে মাৰ্গুলিছৰ সাহায্যপ্ৰাপ্ত, সহযোগ আগবঢ়াইছিল কৰ্ণাটকৰ মংগলা গাঁওস্থিত মৰিয়াম্মা চেৰিটেবল ট্ৰাষ্টে। বাল্টিমোৰ কাউণ্টিৰ ইউনিভাৰ্ছিটি অৱ মেৰিলেণ্ডৰ গ্ৰেজুৱেট ষ্টুডেণ্ট এচছিয়েছন ৰিচাৰ্ছ গ্ৰাণ্টৰ অধীনত দিয়া ২০১৫-১৬ বৰ্ষৰ ফুলব্ৰাইট নেহৰু ছাত্ৰ গৱেষণা অনুদানেৰে আৰু মৰিয়াম্মা চেৰিটেবল ট্ৰাষ্টৰ দয়াশীল সহযোগত আৰু তদুপৰি ফটোগ্ৰাফাৰসকলৰ অংশগ্ৰহণ, উত্সাহ-উদ্দীপনা আৰু প্ৰচেষ্টাৰ বলতে সম্ভৱ হৈ উঠিছিল। বি আৰ ৰাজীৱে আটাইখিনি অনুবাদ কৰি দিয়াটো অমূল্য সহায়। পৰিৰ (PARI) ক্ৰিয়েটিভ কমনচ পলিচিৰ অনুসাৰে ফটোবোৰৰ সমগ্ৰ স্বত্ব ফটোগ্ৰাফাৰৰ হাতত থাকিব। ইয়াৰে কিবা ব্যৱহাৰ বা পুনৰ প্ৰকাশৰ বিষয়ে যিকোনো কথা পৰিৰ (PARI) সৈতে আলোচনাৰ অধীন।
অনুবাদকঃ রশ্মি রেখা দাস