প্ৰহ্লান সিংহ টিপানিয়া আৰু শৱনম বিৰমণি (কবীৰৰ প্ৰকল্পৰ)য়ে কবীৰৰ ভজন গাওঁতে একতাৰী লৈ গায়।
একতাৰী বাদ্যযন্ত্ৰবিধ ভাৰতৰ বিভিন্ন অঞ্চলত ভজন গায়ক আৰু পৰিভ্ৰমী শিল্পী বজায় আৰু গায়। প্ৰায় ১০০-১২০ চেণ্টিমিটাৰ দীঘল একতাৰীৰ বিভিন্ন নাম আছে। কৰ্ণাটকৰ ইয়াক একনাদ, পাঞ্জাৱত টুম্বি, বংগত বাউল আৰু নাগালেণ্ডত তাতি বুলি কয়। টেলাংগনা আৰু চত্তীশগড়ত ইয়াক বুৰ্ৰা বুলি কয়। চত্তীশগড়ৰ আদিবাসীসকলে তেওঁলোকৰ নৃত্য-গীতত একতাৰী বজায়।
একতাৰীত এটা চেপেটা, শুকুৱাই ফোঁপোলা কৰা ৰঙালাও ৰিজনেটৰ হিচাপে ব্যৱহাৰ কৰা হয়। ৰিজনেটৰৰ ঠেক মুখখন এটুকুৰা চামৰাই ঢাকি ৰাখে। ৰিজনেটৰৰ ভিতৰত এটুকুৰা ফোঁপোলা বাঁহ (ভেলু বুলি কয়) ভৰাই ৰখা হয়। তলৰ ফালটোত এডাল তাঁৰ গাঠি দিয়া হয়। তাঁৰডাল ব্ৰীজত ৰাখি ভেলুৰ আনটো মুৰত গাঠি দিয়া হয়। মধ্যমা নাইবা তৰ্জনী আঙুলিৰে তাঁৰডালত আঘাত কৰি বজোৱা হয়।
একতাৰী ডিজাইন কৰা আৰু বনোৱাটো আন বাদ্যযন্ত্ৰতকৈ হজ। ৰঙালাও, কাঠ, বাঁহ আৰু তাঁৰ সহজেই পোৱা যায়। ৰঙালাও আটাইতকৈ ভাল ৰিজনেটৰ। আফ্ৰিকীয় বাদ্যযন্ত্ৰটো ইয়াৰ বহল ব্যৱহাৰ হয়। একতাৰীয়ে বুনিয়াদী নোট দিয়াৰ লগতে মৌলিক ছন্দও দিয়ে। গায়কে নিজৰ মাতটো আৰু গীতৰ ছন্দ সুন্দৰকৈ সেই শব্দৰ সৈতে মিলাব পাৰে। এয়া এক প্ৰাচীন আৰু থলুৱা বাদ্যযন্ত্ৰ। আগতে তাঁৰডালো চামৰাৰে বনোৱা হৈছিল, জন্তুৰ ছালৰ ভিতৰৰ অংশৰে। কৰ্ণাটকত য়াল্লাম্মাৰ পুজাত বজোৱা একতাৰীত এতিয়াও চামৰাৰ তাঁৰেৰে বজোৱা হয়। ইয়াক কুম্বাৰ্ক বুলি কয়। সেয়ে আমি ক’ব পাৰো যে প্ৰথম নোট আৰু প্ৰথম ছন্দ সৃষ্টি হৈছিল যেতিয়া চামৰাৰ ডিস্ক এখনত চামৰাৰ তাঁৰ এডালৰ অনুৰণন ঘটিছিল। তেনেকৈয়ে প্ৰথমটো বাদ্যযন্ত্ৰৰ সৃষ্টি হৈছিল। কৃষকৰ সমাজত ধাতুৰ আৱিস্কাৰৰ পিছতহে তাত ধাতুৰ তাঁৰ যোগ দিয়া হৈছিল। বিশ্বৰ বিভিন্ন প্ৰান্তত এডাল তাঁৰৰ বাদ্যযন্ত্ৰ আৱিস্কাৰ কৰা আৰু বজোৱা হৈছিল। ৰাস্তাৰ দাঁতিত গোৱা সংগীতশিল্পী আৰু যাযাবৰসকলে বজোৱা এই বাদ্যযন্ত্ৰবিধ তেওঁলোকৰ জীৱন ধাৰণৰ সৈতে ওতঃপ্ৰোতভাৱে জৰিত আছিল।
এয়া বিশ্বাস কৰা হয় যে ভাৰতৰ ভক্তি আন্দোলনৰ সময়ত সন্ত আৰু কবিসকলে একতাৰী ব্যৱহাৰ কৰিছিল। কিন্তু ঐতিহাসিকভাৱে এয়া সম্পূৰ্ণৰূপে সঁচা নহয়। কবীৰ, মীৰাবাঈ আৰু কিছুমান ছুফী সন্তই গান গাওঁতে একতাৰী ব্যৱহাৰ কৰিছিল, কিন্তু মহাৰাষ্ট্ৰত বহুতো কবি-সন্ত যেনে নামদেৱৰ পৰা আৰম্ভ কৰি তুকাৰামে তাল, চিপলি আৰু মৃদংগ আদি বজাইছিল। বহু চিত্ৰশিল্প আৰু ছবিত সন্তসকলৰ হাতত বীণা দেখা গৈছে।
মাৰাঠী বিশ্বকোষত কোৱা হৈছে: “বীণা হৈছে ভাৰতীয় সংগীতত ব্যৱহৃত প্ৰাচীন তন্ত্ৰীবাদ্য। বৈদিক মন্ত্ৰ পঢ়াৰ সময়ত সুৰৰ লহৰবোৰ গণনা কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হৈছিল।” আমি ইয়াৰ ছবি নামদেৱ আৰু তুকাৰামৰ ছবিত পাওঁ যদিও তুকাৰামে লিখা কোনো অভঙতে ইয়াৰ প্ৰসংগ নাপাও। কিন্তু আন কিছুমান বাদ্যযন্ত্ৰ যেনে তাল, চিপলি আৰু মৃদংগ আদি বজোৱাৰ ভালেমান ঠাইত প্ৰসংগ উল্লেখ আছে।
তুকাৰামে বীণা লৈ থকা ছবিখন সন্তজনৰ ব্ৰাহ্মণ্যবাদী উপস্থাপন।