ভাৰতীয় ৰাজনীতিলৈ ড. বি আৰ আম্বেদকাৰৰ আগমনৰ পিছত কবি-গায়ক শ্বাহিৰ (ৰজা-মহাৰজা বা অন্য বিখ্যাত লোকৰ গীত গোৱা লোক) সকলে মহাৰাষ্ট্ৰৰ সকলো দিশতে তেওঁৰ আন্দোলনৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি জ্ঞানৰ আলোক বিয়পোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁলোকে তেওঁৰ জীৱন সম্পৰ্কে, তেওঁৰ বাৰ্তাসমূহ তথা দলিত সংগ্ৰামত তেওঁৰ ভূমিকাৰ কথা ব্যাখ্যা কৰিছিল। তেওঁলোকে এই কথাবোৰ সকলোৱে বুজিব পৰা এক ভাষাৰে ইয়াৰ প্ৰচাৰ কৰিছিল। তেওঁলোকে গোৱা গীতবোৰ গাঁৱৰ দলিতসকলৰ বাবে একমাত্ৰ বিশ্ববিদ্যালয় আছিল, আৰু তেওঁলোকৰ জৰিয়তেই পিছৰ প্ৰজন্মই বুদ্ধ আৰু আম্বেদকাৰৰ সৈতে পৰিচিত হৈছিল।


Beed, Maharashtra
|FRI, APR 15, 2022
আম্বেদকাৰৰ দ্বাৰা অনুপ্ৰাণিতঃ ছালভেৰ মুক্তিৰ গীত
আম্বেদকাৰ জয়ন্তীত শ্বাহিৰ আত্মাৰাম ছালভেৰ কবিতাৰে শ্ৰোতাক পুৰণি পথ ত্যাগ কৰি বাবাচাহেবে দেখুওৱা পথ অনুসৰণ কৰিবলৈ আহ্বান
Author
Illustration
Translator

আত্মাৰাম ছালভে (১৯৫৩-১৯৯১) এনে এক শ্বাহিৰ দলৰেই অংশ আছিল যি অশান্ত ৭০ৰ দশকত কিতাপৰ যোগেদি বাবা চাহেবৰ অভিয়ানৰ বিষয়ে পৰিচয় কৰাইছিল। ড. আম্বেদকাৰ আৰু তেওঁৰ মুক্তিৰ বাৰ্তাসমূহ প্ৰসাৰেই ছালভেৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য হৈ পৰিছিল। তেওঁৰ পোহৰ বিলোৱা কবিতাসমূহে দুই দশক ধৰি চলি থকা নামান্তৰ আন্দোলনক এক ৰূপ প্ৰদান কৰে। সেই আন্দোলন আছিল মাৰাঠৱাড়া বিশ্ববিদ্যালয়ৰ নাম ড. আম্বেদকাৰৰ নামেৰে পুনৰ নামাকৰণ কৰাৰ আন্দোলন, যি মাৰাঠৱাড়া অঞ্চলক পৰৱৰ্তী সময়ত জাতিৰ যুদ্ধৰ যুদ্ধক্ষেত্ৰলৈ পৰিণত কৰিছিল। তেওঁৰ কণ্ঠ, শব্দ তথা তেওঁৰ শ্বাহিৰীৰে ছালভেই শোষণৰ বিৰুদ্ধে যেন এক অগ্নিশিখা হৈ পৰিছিল, যি পদব্ৰজে মহাৰাষ্ট্ৰৰ গাঁৱে গাঁৱে খোজকাঢ়ি ঘূৰি ফুৰিছিল। হাজাৰ হাজাৰ লোক আত্মাৰামৰ গীত শুনিবলৈ একত্ৰিত হৈছিল। তেওঁ কৈছিল, “যেতিয়া বিশ্ববিদ্যালয়ৰ নাম চৰকাৰীভাবে সলনি হ’ব মই আম্বেদকাৰৰ নাম বিশ্ববিদ্যালয়ৰ তোৰণত সোণালী আখৰেৰে লিখিম।”
শ্বাহিৰ আত্মাৰাম ছালভেৰ বলিষ্ঠ শব্দই মাৰাঠৱাড়াৰ দলিত যুৱ প্ৰজন্মক আজিলৈকে তেওঁলোকৰ জাতিগত শোষণৰ বিৰুদ্ধে সংগ্ৰামত অনুপ্ৰাণিত কৰি আহিছে। ভিৰ জিলাৰ ফুলে পিমপল গাঁৱৰ ২৭ বছৰীয়া যুৱক সুমিত ছালভেই কয়, আত্মাৰাম তেওঁৰ বাবে কি সেয়া বৰ্ণনা কৰিবলৈ “এদিন এনিশাও যথেষ্ট নহয়।” ড. আম্বেদকাৰ আৰু আত্মাৰাম ছালভেক শ্ৰদ্ধা নিবেদন কৰি সুমিতে আত্মাৰামৰ এক উদ্যমী গীত পৰিবেশন কৰি শ্ৰোতাসকলক পুৰণিকলীয়া পথ ত্যাগ কৰি আম্বেদকাৰৰ পথ অনুসৰণ কৰিবলৈ আহ্বান জনায়। তেওঁ উপস্থিত দৰ্শকক প্ৰশ্ন কৰে, “আৰু কিমানদিন আপোনালোকে মান্ধাতাযুগীয়া কম্বল গাত মেৰাই থাকিব?” শ্বাহিৰে আমাক মনত পেলাই দিয়ে, সংবিধানক সাৰোগত কৰি আপোনালোকৰ ত্ৰাণকৰ্তা ভীমে দাসত্বৰ শিকলি ছিঙিলে।” সুমিতৰ গীতটো শুনক।
সংবিধানক সাৰোগত কৰি
তহঁতৰ ত্ৰাণকৰ্তা ভীমে
দাসত্বৰ শিকলি ছিঙিলে
তহঁতে কিমানদিন আৰু মান্ধাতাযুগীয়া কম্বলখন মেৰিয়াই থাকিবি?
তহঁতৰ জীৱন জৰাজীৰ্ণ আছিল
ভীমজীয়ে তহঁতক তুলি আনি মানুহ কৰিলে
নিৰ্বোধহঁত, মোৰ কথা শুন
তহঁতৰ দাড়ি-চুলি দীঘল কৰিবলৈ এৰ
ৰাণবা’ (এক দেৱতা)ৰ অন্ধ ভক্তহঁত
তহঁতে কিমানদিন আৰু মান্ধাতাযুগীয়া কম্বলখন মেৰিয়াই থাকিবি?
কম্বলত চাৰিটা বৰ্ণ আছিল
ভীমে ইয়াক জ্বলাই শক্তিহীন কৰি পেলায়
তহঁত বুদ্ধ নগৰীত থাক
কিন্তু থাকিব খোজ অন্য কৰবাত
ভীমবাড়ী (দলিত বস্তি)য়ে ভাল দিন কেনেকৈ দেখিব?
তহঁতে কিমানদিন আৰু মান্ধাতাযুগীয়া কম্বলখন মেৰিয়াই থাকিবি?
কম্বলৰ উৰহে তহঁতৰ জধলা চুলিত বগালে
তহঁতে তথাপি নিজৰ ঘৰত ৰাণবাৰ পূজা কৰি যাবি
অজ্ঞতাৰ পথ এৰ
ছালভেক গুৰুৰূপে অনুসৰণ কৰ
মানুহক পথভ্ৰষ্ট কৰিবলৈ এৰ, শুনিলিনে?
তহঁতে কিমানদিন আৰু মান্ধাতাযুগীয়া কম্বলখন মেৰিয়াই থাকিবি?
এই ভিডিঅ'টো ‘পিপলছ আৰ্কাইভ অফ ৰুৰেল ইণ্ডিয়া’ৰ সহযোগত ‘ইণ্ডিয়া ফাউণ্ডেচন ফৰ দা আৰ্টছ’ৰ দ্বাৰা তেওঁলোকৰ আৰ্কাইভ আৰু সংগ্ৰহালয় কাৰ্যসূচীৰ অধীনত ৰূপায়ণ কৰা প্ৰকল্প 'প্ৰভাৱশালী শ্বাহিৰ, মাৰাঠৱাড়াৰ বিৱৰণ' শীৰ্ষক এক সংগ্ৰহৰ অংশ। নতুন দিল্লীৰ গৱেথ-ইনষ্টিটিউট/মেক্স মুলাৰ ভৱনৰ আংশিক সমৰ্থনৰ দ্বাৰা এই কাৰ্য সম্ভৱ হৈ উঠে।
অনুবাদক: কুইলিন কাকতি
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/আম্বেদকাৰৰ-দ্বাৰা-অনুপ্ৰাণিতঃ-ছালভেৰ-মুক্তিৰ-গীত

