‘‘মোৰ মনত পৰে কেনেদৰে প্ৰচণ্ড বৃষ্টিপাত আৰু বাঢ়নি পানীয়ে আমাৰ ঘৰটো ভাঙি পেলাইছিল৷ আমাৰ চকুৰ সমুখতে ঘৰ-বাৰী সকলো জহি-খহি (মুৰি গংগা) নদীৰ বুকুত জাহ গৈছিল,’’ পূৰ্ণিমা ভুঞাই পুৰণি কথা দোহাৰিলে৷ খাচিমাৰা গাঁৱত নদীয়ে তাইৰ ঘৰ কেবাবাৰো ভাঙি নিছে৷ তাই মাত্ৰ এটা বছৰৰ ঘটনাৰ কথা কৈছিল৷


South 24 Parganas, West Bengal
|WED, OCT 31, 2018
‘আমাৰ ঘৰ-বাৰী ডুবিব ধৰিছে, কোনেও ভ্ৰুক্ষেপকে নকৰে
নদীয়ে বাৰে বাৰে ঘৰ-বাৰী ভাঙি নিয়াৰ ফলত অতিষ্ঠ হৈ পৰি বহুদশক জুৰি সুন্দৰবনৰ ঘোৰামাৰা দ্বীপৰ বাসিন্দাসকলে সাগৰ দ্বীপত আশ্ৰয় ল'বলৈ বাধ্য হৈছে। চৰকাৰ আছে, কিন্তু সাহায্য তেনেই কিঞ্চিত।
Author
Translator

Siddharth Adelkar

Siddharth Adelkar
ভুঞাৰ হাতত উপায় থকা হ’লে তাই আজিও ঘোৰামাৰাতেই থাকিলহেঁতেন৷ ‘‘আপোনাক কও কিয় সেই ঠাইটো মোৰ প্ৰিয়৷ তাৰে মানুহবোৰ বৰ ভাল আছিল৷ সকলোকে সহায়ৰ বাবে আগবাঢ়ি আহে৷ এটা পৰিয়ালে ঘৰ হেৰুৱালে অইন এজনে ততালিকে নতুন ঘৰ সজাৰ বাবে মাটি দি সহায় কৰে৷ কিন্তু ইয়াতে তেনে নহয়,’’ এইখিনি কৈ পূৰ্ণিমাই দীৰ্ঘশ্বাস এৰিলে৷ দুখজনক কথাটো হৈছে এয়ে যে খাচিমাৰা গাঁওখন সম্পূৰ্ণৰূপে জলমগ্ন আৰু ২০১১ চনৰ লোকপিয়ল মতে খাচিমাৰাৰ জনসংখ্যা শূণ্য৷ অৱশ্যে এতিয়াও প্ৰায় ৫ হাজাৰ লোক (২০১১ চনৰ লোকপিয়ল মতে) এই দ্বীপৰ ঘোৰামাৰা গাঁও পঞ্চায়তৰ অইন ছখন গাঁৱত বসবাস কৰি আহিছে (অৱশ্যে সময়ৰ সোঁতত তাতো জনসংখ্যা হ্ৰাস পাইছে)৷
মণ্টু মণ্ডলেও ১৯৯৩ চনত ঘোৰামাৰাৰ অইন পৰিয়ালৰ দৰে গংগাসাগৰলৈ উঠি অহাৰ পিছৰ সময়চোৱাত সাগৰ দ্বীপত সমুখীন হোৱা কষ্টকৰ দিনৰ কথা পাহৰা নাই৷ চৰকাৰে আৱণ্টন কৰি দিয়া মাটিত লৱণৰ পৰিমাণ অধিক থকাৰ ফলত প্ৰথম কেইবছৰমান খেতি কৰিব পৰা নাছিল৷ আনফালে খোৱাপানী কিম্বা গা ধোৱাৰ বাবেও স্বচ্ছ পানী নাছিল৷ বৰ্তমান ৬৫ বছৰ বসয়ৰ মণ্ডলে জীৱিকাৰ তাগিদাত দিনহাজিৰাৰ বাবে মাটি কাটে আৰু চুটকি মাছ বিক্ৰী কৰে৷ ১.৫ বিঘা মাটি (প্ৰায় আধা একৰ)ত তেঁও ঘৰ এটা সাজিলে আৰু ধানৰো খেতি ফলিল৷

Siddharth Adelkar

Siddharth Adelkar
কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ স্কুল অৱ অ’চিয়েনোগ্ৰাফিক ষ্টাডিজৰ অধ্যাপক সুগাতা হাজৰাই কয়, ‘‘ঘোৰামাৰাৰ ছিন্নমূল গাঁওবাসীক চৰকাৰে ‘পৰিৱেশগত শৰণাৰ্থী’ (ক্লাইমেট ৰিফিউজি) হিচাপে স্বীকৃতি দিয়া নাই৷ কিয়নো তেঁওলোকে দেশৰ ভিতৰতেই প্ৰব্ৰজন কৰিবলগীয়া হৈছিল৷ ‘‘কিন্তু তেঁওলোকে নিশ্চয়কৈ পৰিৱেশগত প্ৰব্ৰজনকাৰী হিচাপে স্বীকৃতি পোৱা উচিত৷ চৰকাৰে এই বিশেষ পৰিচয়টিৰ স্বীকৃতি দি অসহায় মানুহখিনিৰ মৰ্যাদা আৰু ন্যায়বিচাৰ সুনিশ্চিত কৰা উচিত৷’’

Siddharth Adelkar

Siddharth Adelkar
সাগৰ দ্বীপৰ কৰ্মসংস্থাপনৰ অভাৱত পৰিয়ালৰ পুৰুষসকলে জীৱিকাৰ সন্ধানত পশ্চিমবংগ এৰি বাহিৰলৈ যাবলৈ বাধ্য হৈছে৷ উদ্বেগৰ আৰু এটি কাৰণ হৈছে সাগৰ দ্বীপটো প্ৰতি বছৰে খহনীয়ৰ ফলত মুঠ মাটিকালিৰ পৰিমাণ হ্ৰাস পাইছে আৰু তাৰে বাসিন্দাসকলে ঘৰ-মাটি হেৰুৱাব বুলি আতংকিত হৈছে৷
দিলজানৰ সৈতে কথা পতাৰ সময়ত তেঁও আমাক ৰিক্সাৰে দ্বীপৰ সেই স্থানলৈ লৈ গৈছিল য’ত নদী ভঙাৰ ফলত বিস্তীৰ্ণ এলেকা নদীৰ গৰ্ভত লীন হৈছে৷ সেই সময়তে ৰঞ্জিতা পুৰকাইতে আমাৰ সৈতে কথা-বতৰাত যোগ দিলে৷ তেঁওৰ ঘৰ নৈয়ে ইতিমধ্যে এবাৰ নিছে, তাৰে পৰা কেইমিটাৰমান দুৰতে তেঁওৰ ঘৰ৷ তেঁও কয়, ‘‘হয়তো এই ঘৰটোও নৈয়ে নিব৷ চাৰকাৰে কিনো কৰিছে? একো এটা কৰা নাই৷ অন্তত তেঁওলোকে নৈৰ মথাউৰিবোৰ মজবুত কৰিব পাৰিলেহেঁতেন৷ কিমান সাংবাদিক আহিছে, ফটো তুলিছে৷ কিন্তু তাৰ পিছত নাইকিয়া হৈ গৈছে৷ কিন্তু আমাৰ পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই৷ চৰকাৰে কি আমাক অইন ঠাইত মাটি দিবনে? এই দ্বীপটো ক্ৰমে সংকুচিত হ’ব ধৰিছে আৰু আমাৰ ঘৰ-মাটি নৈত বিলীন হ’ব ধৰিছে৷ কিন্তু কোনেও ভ্ৰুক্ষেপকে নকৰে৷’’
অনুবাদঃ পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/আমাৰ-ঘৰ-বাৰী-ডুবিব-ধৰিছে-কোনেও-ভ্ৰুক্ষেপকে-নকৰে

