মাত্ৰ এৰাতিৰ ভিতৰতে তাইবাঈ ঘুলেয়ে এক লাখ টকাৰ লোকচানৰ সন্মুখীন হ’ল বুলি অনুমান কৰিছে।
৪২ বছৰীয়া মহিলাগৰাকী গাঁৱৰ পৰা ৯ কিলোমিটাৰ আঁতৰৰ ভালাৱনীত আছিল, তেতিয়াই প্ৰচণ্ড বৃষ্টিপাত আৰম্ভ হৈছিল। “সন্ধিয়া পাঁচ বজাত বৰষুণ দিবলৈ আৰম্ভ কৰিছিল আৰু মাজনিশাৰ পিছত বাঢ়িছিল,” ভেড়া আৰু ছাগলী পালকজনে কয়। অলপতে হাল বোৱা পথাৰখন ততালিকে বোকাময় হৈ পৰিল আৰু তেওঁৰ প্ৰায় ২০০ টা ভেড়া আৰু ছাগলীৰ জাকটোৱে সেই বোকাত চলাচল কৰিবলৈ অসুবিধা পাবলৈ ধৰিলে।
মহাৰাষ্ট্ৰৰ আহমদনগৰ (আহমেদনগৰ বুলিও বানান কৰা হয়) জিলাত ২০২১ চনৰ ডিচেম্বৰত হোৱা ধাৰাসাৰ বৰষুণৰ কথা মনত পেলাই ছানীয়ে কয়, “আমি [গোটেই ৰাতি] বোকাৰ মাজত আছিলো আৰু আমাৰ পশুবোৰৰ সৈতে বৰষুণত তিতি জুৰুলা-জুপুলা হৈছিলো।
“আমি ধাৰাসাৰ বৰষুণ দেখিছো, কিন্তু এনে লোকচানৰ সন্মুখীন হোৱা নাই। এয়া প্ৰথমবাৰৰ বাবে হৈছে,’ ধৱলপুৰী গাঁৱৰ ভেড়াৰখীয়া তাইবাঈয়ে কয়। তেওঁ আঠটা ভেড়া আৰু এটা মাইকী ছাগলী হেৰুৱাইছে। “আমি মাত্ৰ সিহঁতক বচাব বিচাৰিছিলো।”
বিশেষকৈ সাতাৰাত প্ৰচুৰ বৃষ্টিপাত হৈছিল, ২০২১ৰ ২ ডিচেম্বৰত প্ৰায় ১০০ মিলিমিটাৰ বৰষুণ লিপিবদ্ধ হৈছিল।









