নাগাৰাজুৰ উদ্বিগ্নতা সহজে বুজিব পাৰি। এজন দৈনিক মজুৰী কৰ্মী হিচাপে তেওঁৰ বাগিচাখন এক কষ্টোপাৰ্জিত সপোন। মাদিগা সম্প্ৰদায়ৰ এজন সদস্য (অন্ধ্ৰ প্ৰদেশত অনুসূচীত জাতি হিচাপে তালিকাভুক্ত) হিচাপে এই ভূমি ৰাজ্য চৰকাৰে প্ৰায় ২৫ বছৰ পূৰ্বে তেওঁক আৱণ্টন দিছিল। অন্ধ্ৰ প্ৰদেশ ভূমি সংস্কাৰ (কৃষি ধাৰণৰ সৰ্বোচ্চ সীমা) আইন, ১৯৭৩-ৰ অধীনত প্ৰৱৰ্তন কৰা ভূমিহীন শ্ৰেণীবোৰৰ মাজত ভূমি পুনৰ বিতৰণ কৰাৰ বাবে এই কাম কৰা হৈছিল।
জুনত যেতিয়া আমৰ বতৰ শেষ হয়, তেতিয়া তেওঁ ওচৰৰ গাওঁবোৰৰ কুঁহিয়াৰৰ খেতিত দৈনিক মজুৰিৰ কাম কৰিবলৈ যায়। কাম পালে তেওঁ দিনে ৩৫০ টকা উপাৰ্জন কৰিব পাৰে। তেওঁ এবছৰত ৭০-৭৫ দিনৰ বাবে মনৰেগাৰ পুখুৰী খন্দা, সাৰ প্ৰস্তুত কৰা আৰু অন্যান্য কাম কৰে। তেওঁ এদিনৰ কামৰ বাবে ২৩০ ৰ পৰা ২৫০ টকাৰ ভিতৰত মজুৰি পায়।
নাগাৰাজু প্ৰথমবাৰৰ বাবে মাটিৰ গৰাকী হোৱাৰ সময়ত তেওঁ হালধি খেতি কৰিছিল, কিন্তু প্ৰায় পাঁচ বছৰৰ ভিতৰত উন্নত লাভৰ আশাত তেওঁ আমৰ খেতি কৰিবলৈ লয়। তেওঁ কয়, "যেতিয়া মই [২০ বছৰ আগতে] এই কাম আৰম্ভ কৰিছিলো, মই প্ৰতিডাল গছৰ পৰা ৫০-৭৫ কিলো আম পাইছিলো," তেওঁ অত্যধিক শস্য চপোৱাৰ সুখৰ দিনবোৰৰ কথা মনত পেলাই কয়। তেওঁ লগতে কয়, "মই আম ভাল পাওঁ, বিশেষকৈ টোটাপুৰী।"
অন্ধ্ৰ প্ৰদেশ হৈছে দেশৰ দ্বিতীয় সৰ্ববৃহৎ আম উৎপাদনকাৰী ৰাজ্য। প্ৰায় ৩.৭৮ লাখ হেক্টৰ এলেকাত আমৰ খেতি কৰা হয় আৰু ২০২০-২১ বৰ্ষত বাৰ্ষিক উৎপাদন আছিল ৪৯.২৬ লাখ মেট্ৰিক টন, ৰাজ্যিক উদ্যান শস্য বিভাগে এইদৰে কয়।
পমুলা ভীমাৱৰাম গাওঁখন কৃষ্ণা আৰু গোদাৱৰী নদীৰে বেষ্টিত। বংগোপসাগৰৰ পৰা বেছি দূৰত নহয়। সকলো কৃষি কাৰ্যকলাপ স্বাভাৱিক পৰিসৰৰ ভিতৰত থকা উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। অক্টোবৰ-নৱেম্বৰত আম ফুলক শীত আৰু আৰ্দ্ৰতাৰ প্ৰয়োজন হয় আৰু ফলবোৰ সাধাৰণতে ডিচেম্বৰ-জানুৱাৰীৰ পৰা লাগিবলৈ আৰম্ভ কৰে।
কিন্তু, "যোৱা পাঁচ বছৰত অক্টোবৰ আৰু নৱেম্বৰৰ সময়ছোৱাত অকাল বৰষুণ বৃদ্ধি পাইছে," বেংগালুৰুৰ ভাৰতীয় উদ্যানশস্য গৱেষণা প্ৰতিষ্ঠান (ইণ্ডিয়ান ইনষ্টিটিউট অব্ হৰ্টিকালচাৰেল ৰিচাৰ্ছ চমুকৈ আইআইএইচআৰ)ৰ মুখ্য বিজ্ঞানী ড০ এম শংকৰণে এই সন্দৰ্ভত আলোকপাত কৰে।