‘মোৰ সাত মাহ চলি আছে আৰু চিকিৎসকে মোক ফল-মূল আৰু গাখীৰ খাবলৈ কৈছে। কওকচোন, এইবোৰ বস্তু মই ক’ত খাবলৈ পাম? মোক যদি নদীলৈ যাবলৈ অনুমতি দিলেহেঁতেন, মই নাও চলাই ল’ৰা-ছোৱালীক খুৱাব পাৰিলোহেঁতেন আৰু নিজেও খাব পাৰিলোহেঁতেন।’ দমকলৰ পানী ল’বলৈ ৰৈ থকা সুষমা দেৱী (নাম সলনি কৰা হৈছে)য়ে কয়। তেওঁ সাতমাহৰ গৰ্ভৱতী আৰু বিধবা।
নাৱৰীয়া হ’ব? নিষাদ সম্প্ৰদায়ৰ ২৭ বছৰীয়া সুষমা দেৱী? এই সম্প্ৰদায়ৰ পুৰুষসকলহে নাৱৰীয়া। মধ্যপ্ৰদেশৰ সাতনা জিলাৰ মাঝগাঁৱন ব্লকৰ কেৱাত্ৰা নামৰ তেওঁৰ সৰু গাওঁখনত তেওঁলোকৰ ১৩৫ জন লোকৰ বসতি। তেওঁৰ ৪০ বছৰীয়া স্বামী বিজয় কুমাৰ (নাম সলনি কৰা হৈছে) সেইসকলৰে এজন আছিল, পাঁচ মাহ আগতে এটা দুৰ্ঘটনাত নিহত হোৱাৰ আগলৈকে তেওঁ নাও চলাইছিল। তেওঁলোকৰ বৈবাহিক জীৱনৰ সাত বছৰ হ’ল। সুষমাই নাও চলাবলৈ কেতিয়াও শিকা নাছিল, কিন্তু চলাব পাৰিব বুলি তেওঁৰ বিশ্বাস আছে, কিয়নো বিজয়ৰ লগত নাও চলাওতে তেৱো কিছুদিন আছিল।
চিত্ৰকূট অঞ্চলক মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ মাজত বিভাজিত কৰা মন্দাকিনী নদীৰ বিস্তীৰ্ণ জলপৃষ্ঠত তলাবন্ধৰ সময়ত এখনো নাও চলা নাই।
সূৰ্যাস্তৰ প্ৰায় এঘণ্টাৰ পিছত কেৱাত্ৰালৈ যোৱাৰ পথত আমি প্ৰথম ষ্ট্ৰীট লাইট দেখিলো। প্লাষ্টিকৰ বাল্টি এটাৰে পানী নিবলৈ সৰু কেঁচুৱাটোক লগত লৈ সুষমা গাঁৱৰ দমকলৰ ওচৰ পালে। তাতে তেওঁক আমি লগ পালো।
মন্দাকিনী নদীত নাও চলাই নিষাদ সম্প্ৰদায়ৰ লোকসকলে জীৱিকা উপাৰ্জন কৰে। চিত্ৰকূট বিখ্যাত তীৰ্থস্থান, দীপাৱলীৰ সময়ত লাখ লাখ লোক ইয়ালৈ আহে। কেৱাত্ৰাৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত মন্দাকিনীৰ পাৰত আছে ৰামঘাট, তাৰ পৰা ভাৰত ঘাট আৰু গোৱেংকা ঘাটৰ দৰে পৱিত্ৰ স্থানলৈ নাৱেৰে তেওঁলোকে তীৰ্থযাত্ৰী অনা-নিয়া কৰে।
এই সময়তে নিষাদসকলে বছৰটোৰ ভিতৰতে সৰ্বাধিক ধন উপাৰ্জন কৰে। আন সময়ৰ তুলনাত এই সময়ত উপাৰ্জন ২-৩ গুণ বেছি হয়, ৬০০ পৰ্যন্ত হাতলৈ আহে।






