‘আহক, আমাক চাওঁক। আমি সকলোৱে নিৰ্দেশ মানি চলিছো। আমি মাস্ক পিন্ধি পৰস্পৰৰ মাজত দূৰত্ব ৰক্ষা কৰি ইয়াত বহি আছো। খাদ্যবস্তু পোৱাৰ বাবে মই কৃতজ্ঞ, কিন্তু এইখিনি বস্তুৰে মই মোৰ পৰিয়ালক মাত্ৰ কেইদিনমান খুৱাব পাৰিম। ইয়াৰ পিছত কি কৰিম, মই একো নাজানো,’ তেওঁ কয়।
শিবৰি হস্তশিল্পী হিচাপে কাম কৰা বেচৰকাৰী সংস্থা দিশা শেখাৱতীৰ কাৰ্যালয়ত বিনামূলীয়া খাদ্য-সামগ্ৰী সংগ্ৰহ কৰিবলৈ শাৰী পাতি ৰৈ থকা ৰাজস্থানৰ চুৰু জিলাৰ সুজানপূৰৰ পৰা ৫৫ বছৰ বয়সীয়া দুৰ্গা দেৱীয়ে ফোনত এইখিনি কথা ক’লে। সম্পূৰ্ণৰূপে হস্তনৈপুণ্যতাৰ কলা শিৱৰি হৈছে এবিধ সূত আৰু ৰঙৰ শিল্পকৰ্ম। ‘আমাৰ ক’ৰণা কেতিয়া হ’ব নাজানো, কিন্তু ইয়াৰ আগতে আমি খাবলৈ নাপাই মৰিম,’ নিজৰ নিৰ্মম উক্তিৰ বিষাদভৰা পূৰ্বাভাস ব্যক্ত কৰি দুৰ্গা দেৱীয়ে হাঁহিলে।
সুৰাপান কৰাৰ ফলত কেইবছৰমান পূৰ্বে স্বামীৰ মৃত্যুৰ পিচত এতিয়া দুৰ্গা দেৱী পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী। নিজৰ ৯ টা সন্তানৰ লালন-পালনৰ দায়িত্ব তেওঁ নিজে বহন কৰিব লাগে। তেওঁ দৈনিক ২০০ টকা মজুৰী পায়। মাহত মাত্ৰ ১৫ দিন তেওঁ কাম পায়।
খাদ্যবস্তুৰ বাবে শাৰী পাতি তেওঁৰ পিছতে বহি থকা দিন মজুৰ হস্তশিল্পী ৩৫ বছৰীয়া পৰমেশ্বৰীক তেওঁ ফোন দিলে। পৰমেশ্বৰী (তেওঁ নিজৰ নাম ক’বলৈ বিচৰা নাই) য়ে ক’লে, তেওঁৰ স্বামী নিৰ্মাণ শ্ৰমিক, কিন্তু তলাবন্ধৰ ফলত নিৰ্মাণকাৰ্য বন্ধ হৈ থকাৰ বাবে এতিয়া কৰ্মহীন হৈ পৰিছে। ‘আমাৰ কামো নাই, খাদ্যবস্তু ক্ৰয় কৰিবলৈ টকা নাই,’ তেওঁ কয়। দুৰ্গা দেৱীৰ দৰে তেঁৱো ভাবিছে চৰকাৰে বিনামূলীয়াকৈ দিয়া পাঁচ কিলো আটা, এক কিলো দাইল আৰু ধনীয়া, হালধি আৰু জলকীয়াৰ দুশ গ্ৰামৰ একোটা পেকেটেৰে তেওঁ, তেওঁৰ স্বামী আৰু চাৰিটা ল’ৰা-ছোৱালীয়ে কেইদিনমান খাব পাৰিব।
বিনামূলীয়া খোৱাবস্তু ল’বলৈ ৰৈ থকা লোকৰ শাৰীত এতিয়া শিবৰিৰ কাম নকৰা ৬৫ বছৰীয়া চান্দনী দেৱীও আছে। ‘২৪ ঘণ্টাৰ আগতে মই আহাৰ খাইছিলো। মই ভাত খাও, কেৱল ভাত। কালি কিছুমান বস্তু লৈ আমাৰ এলেকালৈ এখন গাড়ী আহিছিল। মই লাহে লাহে খোজ কাঢ়ি সেই ঠাই পালো, কিন্তু বস্তুবোৰ দি শেষ কৰিলে। মোৰ বৰ ভোক লাগিছে।’










