সকলোতকৈ ডাঙৰ ছাত্ৰজনৰ বয়স ১৩ বছৰ। বাকিখিনি ১০ৰ পৰা ১২ বছৰৰ ভিতৰত। ইংৰাজী টেলিভিছন চেনেলৰ ‘আনুষ্ঠানিক আলোচনা’ক বাদ দি স্কুলৰ ‘তৰ্কসভা’তকৈয়ো বিৰক্তিদায়ক কিছুমান বিষয় আছে। সাধাৰণতে ১৪-১৬ বছৰৰ ভিতৰত বাকপটু ইংৰাজী কোৱাসকলে বাচি লোৱা বিষয় হয় যদি ‘গান্ধী’ এতিয়াও প্ৰাসংগিক। তদুপৰি একেলগে বহুতো ভোটা বাক্যাংশৰে একেবোৰ কথাৰে পুনৰাবৃত্তি কৰে। এনে এখন তৰ্কসভাত মুখ্য অতিথি হ’ব লগা হ’লে আপুনি হামিয়াই-হিকটিয়াই শেষ হোৱালৈ বাট চাব লাগিব।
ইয়াত মই মোৰ আসনত বহি আছো। ১০-১৩ বছৰৰ মাজৰ ল’ৰা-ছোৱালীবোৰে জিনগত সালসলনি ঘটোৱা শস্যৰ বিষয়ে যুক্তি-তৰ্ক কৰিছে। দুয়োটা পক্ষ চমৎকাৰ বাকপটু। প্ৰতিজন বক্তাই নিজৰ বিষয়বস্তু সম্পৰ্কে পাৰ্গত আৰু বিষয়বস্তু সম্পৰ্কে গভীৰভাৱে উপলব্ধি কৰিবলৈ চেষ্টা কৰিছে। বিষয়বস্তু, মানদণ্ড, প্ৰৱল আবেগ তেওঁলোকৰ বক্তব্যত দেখা গৈছে আৰু পতিয়ন নিয়াবপৰা বিধৰ। ভিডিঅ’ত আপুনি নিজে চাওক আৰু শুনক। পাৰস্পৰিক বাক্যবান আছিল ক্ষুৰধাৰ, কিছুমান মতবিৰোধ থকা বক্তব্য, কিন্তু সংযমী-মাৰ্জিত। সোণালী ধান, খাদ্যপ্ৰাণৰ অভাৱ, শস্যনাশক, কীট আৰু অনান্য কীট-পতংগ, জৈৱিক কৃষিকাৰ্য, ক্ৰাই জিনচ, কৃত্ৰিম নিষেচন আৰু দূষিত খাদ্যশস্য। আপুনি ইয়াৰ যিকোনো এটাৰ নাম কওক, তেওঁলোকে আপোনাক ইয়াৰ বিশদ বাখ্যা কৰি দিব। আৰু কেনেকৈ?
তৰ্ক সভাৰ সঞ্চালকজন সঁচাকৈয়ে শান্ত, কিন্তু যথেষ্ট দৃঢ়মনা। তেওঁ বিৰাম-ঘড়ী এটা লৈ আসনত বহি আছে। নিৰ্ধাৰিত সময়ৰ অন্ত পৰিলে কোনো বক্তাৰ বাক্য সম্পূৰ্ণ নোহোৱাকৈয়ে তেওঁ ৰাখি দিয়ে। আমি গভীৰভাৱে চিন্তা কৰি পঢ়াশালিৰ অধ্যক্ষাক সুধিলো যে তেওঁৰ ছাত্ৰসকলে পৰিচালনা কৰা পুনঃশিক্ষাদান শিবিৰত টিভি এংকৰৰ নামভৰ্ত্তিৰ অনুমোদন জনাব নে?
অধিক সংখ্যক তাৰ্কিক প্ৰথম প্ৰজন্মৰ ইংৰাজী বক্তা অথচ তেওঁলোকে সলসলীয়াকৈ সেই ভাষাটো কৈ গৈছিল। (জি.এম. তৰ্কৰ পুৰ্ণ প্ৰতিলিপি ইয়াত আছে)।
তামিলনাডুৰ বিদ্যা বনম স্কুলৰ প্ৰকল্প দিৱসৰ বিস্তৃত বিষয়বস্তু আছিল ধান। আঠ বছৰৰ পৰা ১৩ বছৰ বয়সৰ মাজৰ স্কুলীয়া ল’ৰা-ছোৱালী কিছুমানৰ পৰা মই কিছুমান অন্তৰ্নিহিত কথা জানিব পাৰিলো। মই টয়টা (Toyota) শব্দটোৰ বিষয়ে জনা নাছিলো। টয়টা যান-বাহন সংস্কৃতিৰ প্ৰতিষ্ঠা শব্দ-এই শব্দৰ মূল কৃষি। পূৰ্বৰ শব্দটো আছিল টয়ডা (Toyoda) আৰু ইয়াৰ অৰ্থ হ’ল উৰ্বৰা অথবা উপচি পৰা ধাননি পথাৰ। কোম্পানীৰ উদ্যোক্তাসকলে ইংৰাজীৰ D আখৰটো সলনি কৰি তাৰ ঠাইত T আখৰটো বহাই শান্ত-সৌম্য কৃষি জগতৰ পৰা নিজক আঁতৰাই আনিলে।
হোন্দা (Honda) মানে ‘আচল ধান গছ’ বুলি মই জনা নাছিলো। অথবা ‘ধাননী পথাৰৰ উৎস’ বুলিও জনা নাছিলো। আপুনি যদি দাবী কৰে যে ‘নাকাছনে’ (Nakasone) মানে মধ্যম মূল, বা ‘ফুকুডা’ (Fukuda) মানে ‘সমৃদ্ধ ধাননী পথাৰ’ বুলি জানে, তেন্তে মোক মাফ কৰক, মই জনা নাছিলো। যদিওবা ল’ৰা-ছোৱালীহঁতে জানে। প্ৰকল্প দিৱসৰ বাৰ্ষিক প্ৰদৰ্শনীত তেওঁলোকে পোষ্টাৰ আৰু ৰেখাচিত্ৰ প্ৰদৰ্শন কৰিলে।
ধান গছ গজোৱা পাঁচটা ক্ষুদ্ৰ আৰ্হি আমাক কণমানি গাইডগৰাকীয়ে দেখুৱালে। এই প্ৰতিবিধ ধানৰ ভিন্ন প্ৰজাতি আৰু খেতি কৰাৰ ভিন্ন সময়ৰ বিষয়েও আমাক ক’লে। কোনেও শিকাই থকা নাই, লগত কোনো শিক্ষকো নাছিল। ছাত্ৰসকলৰ একান্ত প্ৰান্তীয় কৃষক বা ভূমিহীন কৃষি শ্ৰমিকৰ সন্তান।











