"মই পুৱাৰ পৰা একো খোৱা নাই," নাচিক জিলাৰ দিনডৰি তালুকৰ অহিৱন্তৱাড়ী গাঁৱৰ ৫০ বৰ্ষীয় কৃষক কুন্দবাঈ গুনগুড়েৱে কয়। তেতিয়া দুপৰীয়া ডেৰ বাজছিল। "আমাৰ গাঁৱৰ মানুহখিনি এই ঠাই আহি পালেহে মই খাম।"
কুন্দবাঈ অইন ভালেমান পুৰুষ-মহিলাৰ সৈতে ৫০ গৰাকীমান কৃষকৰ কাৰণে ভাত ৰান্ধি আছিল। এওলোকে যোৱা সপ্তাহত প্ৰতিবাদী সমদলত চামিল হোৱা কৃষকৰ ভোজভাতৰ প্ৰস্তুতিৰ কাৰণে নিজৰ তালুকৰ গোট অহাৰ আগেয়েই সেই ঠাইত হাজিৰ হৈছিল। নাচিকৰ দিনডৰি তালুকৰ সোণজাম্ব গাঁৱৰ পৰা অহা গংগুবাঈ ভৱৰে (ওপৰৰ প্ৰচ্ছদ ফটোত থকাজন) বেঙেনা আৰু আলু ৰান্ধিছে। "আমাৰ তালুকৰ কৃষকে চাউল, আটা আৰু শাক-পাচলি আনিছে," তেঁও কয়।
২১ ফেব্ৰুৱাৰীৰ দিনা নাচিকৰ পৰা ১১ কিলোমিটাৰ বাট খোজকাঢ়ি অহাৰ পিছত কৃষকসকলে দুপৰীয়া আঢ়ৈমান বজাত নাচিক তালুকৰ বিলহোলি গাঁৱৰ পৰা এক কিলোমিটাৰ দুৰৈত দুপৰীয়া আহাৰ খাবলৈ ৰ’ল। তেঁওলোকে ২০ ফেব্ৰুৱাৰীৰ দিনা নিজ নিজ গাঁৱৰ পৰা আহি নাচিকত উপস্থিত হৈছে। (২১ ফেব্ৰুৱাৰীৰ দিনা মাজনিশা মৰ্চাৰ আয়োজক অখিল ভাৰতীয় কিষাণ সভাই চৰকাৰী প্ৰতিনিধিৰ সৈতে দীঘলীয়া আলোচনাৰ অন্তত চৰকাৰে কৃষকৰ সকলো সমস্যা সমাধান কৰিব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছত প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।)
২০১৮ত নাচিকৰ পৰা মুম্বাইলৈ দীঘলীয়া প্ৰতিবাদী সমদল উলিওৱাৰ সময়ত কুন্দাবাঈয়ে নিজৰ গাঁৱৰ মানুহৰ কাৰণে খাদ্য ৰান্ধি আছিল। তেঁও মহাদেৱ কোলি নামৰ অনুসূচিত জনজাতিৰ লোক।










