টোকা বহীখন জপাই থৈ কাণ দুখনকে ভালকৈ পাতিলোঁ, লগতে মেলি দিলোঁ মোৰ মনৰ দুৱাৰ। মই তেতিয়া দিল্লীৰ এদল যৌনকৰ্মীৰ সাক্ষাৎকাৰ লৈ আছিলোঁ আৰু তেওঁলোকে কোৱা কথাবোৰ মোৰ ক’লা পকাবন্ধা ডায়েৰীখনত টুকি গৈছিলোঁ। যদিও সেয়া অতিমাৰীৰ সময় আছিল আৰু আমি নিৰাপদে থাকিব খুজিছিলোঁ, এসময়ত আমি পিন্ধি থকা মুখাবোৰ খুলি পেলালোঁ। তেওঁলোকে খুলিছিল জীৱনৰ পুংখানুপুংখ কথাবোৰ ক’বলৈ, আৰু মই খুলিছিলোঁ তেওঁলোকক এই কথাৰ বিশ্বাস জন্মাবলৈ – যে তেওঁলোকে উদঙাই দিয়া সত্যবোৰৰ প্ৰতি মই সংবেদনশীল।
লিখি যোৱাটোৱে যিদৰে এক সাঁকোৰ সৃষ্টি কৰিছিল, একেদৰে সি আনিছিল এক ব্যৱধানো।
আমাৰ বাৰ্তালাপ শেষ হোৱাৰ পিচত বৈঠক আয়োজন কৰি দিয়া সমন্বয়কজনে তেওঁলোকৰে এগৰাকীক তাই থকা ঠাইলৈ আগুৱাই দিবগৈ পাৰিম নেকি মোক সুধিলে। মানুহজনীক মোৰ সৈতে চিনাকী কৰাই দি তেওঁ ক’লে, ‘আপোনাৰ উভতি যোৱাৰ বাটতে পৰিব।’ ইংৰাজী ভাষাত তাইৰ নামটোৰ অৰ্থ হ’ল সীমা। আমি ইজনীয়ে সিজনীলৈ চাই হাঁহিলো। মই কথা পাতি থকা মহিলাৰ দলটোৰ মাজত তাই নাছিল। কিন্তু আমি গাড়ীখনত বহাৰ পিচত আমাৰ নিজ নিজ পৰিচয়ৰ প্ৰাসংগিকতাৰ দেওনা পাৰ হৈ কথাত বুৰ গ’লোঁ। সম্ভাব্য গ্ৰাহকে বুকিং কৰাৰ আগেয়ে কেনেকৈ যৌনকৰ্মীগৰাকীৰ মুখখন চাব বিচাৰে আৰু বৰ্তমান যুগৰ প্ৰযুক্তিয়ে সেইটোক কি ধৰণে সহায় কৰে তাই মোক সেই বিষয়ে ক’লে। মই তাইৰ পেছাটোৰ একান্ত গোপনীয় কথা কিছুমানো সুধি পেলালোঁ। তাই মোক গোটেইবোৰ খুলি কৈ গ’ল। আমি প্ৰেমৰ বিষয়ে কথা পাতিলোঁ। মই গাড়ীখনৰ গতি ইতিমধ্যেই কমাই দিছিলোঁ। তাইৰ চকুযুৰি যে ইমান ধুনীয়া আছিল। মোৰ হৃদয়খন মোচৰ খাই গ’ল।
মোৰ হাতদুখন ষ্টিয়াৰিং হুইলৰ ওপৰত আছিল। এইখিনি সময়ত মই একো লিখি থকা নাই। মোক তাই তাইৰ পুৰণি প্ৰেমিকৰ ফটোবোৰ দেখুৱালে, এতিয়াও তাই সেইবোৰ মোবাইলত ৰাখি থৈছে! এই গোটেইবোৰ কাহিনী মই লিখাটোত সামৰাটো সম্ভৱ নহ’ব - মোৰ ভাৱ হ’ল, তেনে কৰিলে মই প্ৰকাশ কৰিব পৰা কথাৰ সীমাৰেখাডাল পাৰ হৈ যাব লাগিব আৰু হয়তো সেইবোৰ অপৰিশীলিতও হ’ব। সেই বাবেই মই এয়াই লিখিলোঁ…


