‘মোৰ ডাঙৰজন ল’ৰা (অটোৰিক্সা চালক) আৰু মোৰ বোৱাৰীয়ে পুৱা আৰক্ষীৰ টহল আৰম্ভ হোৱাৰ আগেয়েই কামলৈ যায়। সি অটোৰে তাইক এৰে, তাই পৰিয়াল এটাৰ ৰন্ধা-বঢ়াৰ কাম কৰি সন্ধিয়া দুয়োজন উভতে,’ বয়সস্থ মহিলা এগৰাকীয়ে কয়। শ্ৰমিক শ্ৰেণীৰ বহুতেই গোপনে পৰিশ্ৰম কৰি আছে যদিও আঢ্যৱন্ত শ্ৰেণীয়ে বিশ্ব মহামাৰীৰ এই সময়চোৱাক খুবেই প্ৰয়োজন হৈ থকা বিৰতিৰ দিন বুলি বিবেচনা কৰিছে। ‘ক’ৰণাভাইৰাছৰ বন্ধ এয়া,’ চুপাৰমাৰ্কেট এখনৰ বাহিৰত মানুহ এজনে ১৯ মাৰ্চৰ দিনা এনেকৈ কোৱা মই শুনিছিলো।
আমাৰ ঘৰৰ বেলকনিৰ পৰা নিম্ন আয়ৰ শ্ৰমিক পৰিয়ালেৰে ভৰা সংগমেশ নগৰখন বিহংগম দৃষ্টিৰে চাব পাৰি। আমাৰ চুবুৰীটোৰ পৰিয়ালবোৰ তেনেই ঠেক এটা বা দুটা কোঠাৰ ঘৰত থাকে। তেওঁলোকে দিনটোৰ ভালেখিনি সময় ঘৰৰ বাহিৰতে থাকি কটায়। আমি শাৰীৰিক ব্যৱধানৰ তাৎপৰ্যৰ কথা আমাৰ চুবুৰীৰ কিছুমানক বুজাইছিলো যদিও অনন্তপুৰত জহকালত এনেদৰে লাম-লাকটুৰে ভৰা ঘৰ এটাত এখন ফেনৰ তলত গোটেইটো পৰিয়াল থকাটোৱেই ইমান সহজ নহয়। আমাৰ চুবুৰীত অটোৰিক্সা চালক, পাচলি বেপাৰী, গাহৰি বেপাৰী, শিক্ষক আৰু ঘৰুৱা বনকৰা কৰ্মী থাকে। কিছুমানে খৰাহী-কুলা আদি বাহৰ যতন সাজে। বাঁহৰ কাম কৰাসকলৰ বাবে প্ৰতিটো দিনেই ঘৰৰ পৰা কাম কৰাৰ দিন। তলাবন্ধ স্বত্বেও তেওঁলোকে কাম অব্যাহত ৰাখিছে।
প্ৰায়েই ল’ৰা-ছোৱালীবোৰে পুৱা সোনকালে উঠি ঘৰৰ কাৰণে পানী অনাত পৰিয়ালক সহায় কৰে। অনন্তপুৰ জিলাত পানীৰ বৰ নাটনি, সেয়ে পানী অত্যাৱশ্যকীয় হৈ পৰে। সুবিধা অনুযায়ী সালসলনি কৰি লোৱা অটোৰিক্সাত কেইটামান স্থানীয় কোম্পানীয়ে ‘বিশুদ্ধ খোৱপানী’ যোগান ধৰে। ২০১৪ৰ তেলেগু চিনেমা এখনৰ গান লগাই অহা অটোৰিক্সা এখনত লাউড স্পীকাৰত খোৱাপানী অহাৰ কথা সদায় ঘোষণা কৰা শুনা যায়। ৩০ মাৰ্চৰ দিনাও কেইগৰাকীমান মহিলাই প্লাষ্টিকৰ পাত্ৰত পানী ভৰালে। পানীৰ আন উৎসবোৰ ‘বেক্টেৰিয়া, ভাইৰাছেৰে প্ৰদূষিত...’ হৈ পৰাৰ ফলত কোম্পানীয়ে আগতীয়াকৈ ৰেকৰ্ড কৰি থোৱা কথাৰে লাউড স্পীকাৰত ‘বিশুদ্ধ’ বুলি প্ৰচাৰ কৰি পানী কিনিবলৈ মানুহবোৰক আহ্বান জনায়।
তলাবন্ধই ধীৰে ধীৰে মানুহৰ নিয়মিত কৰ্মসূচী সলনি কৰিছে যদিও কেন্দ্ৰই নগৰাঞ্চলৰ বাসিন্দাৰ ওপৰত ভিত্তি কৰি বান্ধি দিয়া তলাবন্ধৰ নিৰ্দেশনাবোৰ মানুহে অনুসৰণ কৰাটো কঠিন হৈ পৰে। ল’ৰা-ছোৱালীহঁতে ৰাস্তাত সিহঁতৰ খেল-ধেমালী এৰি দিয়া নাই (যেনে লুকা-ভাকু, চোৰ-পুলিচ- এইবোৰত কোনো বিশেষ পোচাক-পাতি নালাগে)। এই ল’ৰা-ছোৱালীহঁতৰ কাৰণে তলাবন্ধ হৈছে সম্প্ৰসাৰিত ছুটী। ভাল ভাল বস্তু বিক্ৰী কৰা বেপাৰীবোৰ শেহতীয়াকৈ আহিবলৈ এৰিছে। ভজা বাদাম বিক্ৰী কৰা বেপাৰীবোৰ ২১ মাৰ্চৰ পৰা আহিবলৈ এৰিলে। ২৮ মাৰ্চৰ পৰা আইচক্ৰীমৰ দোকানীবোৰকো দেখা পোৱা নগ’ল। পাচলি বেপাৰীবোৰ আহিবলৈ এৰা নাই।
আমাৰ চুবুৰীয়াহঁতৰ ঘৰবোৰ ইমানেই ঠেকাঠেকিকৈ আছে যে গোটেই দিনটো ঘৰত থকাৰ কথা ভাবিব নোৱাৰে, তেওঁলোকৰ বাবে ব্যৱহাৰ্য বস্তু মজুত কৰা বা ‘সামাজিক ব্যৱধান’ ৰখাটো প্ৰায় অসম্ভৱ। ডাঙৰবোৰে মজিয়াতে বাকচত বহি লৈ ডাইচ লৈ তেওঁলোকৰ প্ৰিয় খেল মেকা-পুলি (ছাগলী-বাঘ) খেল খেলিছে।