সুৰজ জাত্তিৰ দাঢ়ি ঠুটিওৱাই নাছিল, তেতিয়াই তেওঁ দেউতাকক কৈছিল যে তেওঁ সেনাবাহিনীৰ জোৱান হ’ব। তেওঁৰ দেউতাক শংকৰ নিজেই সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত এগৰাকী জোৱান, পুতেকক একেদৰেই দেশৰ হকে সেৱা আগবঢ়োৱাৰ বাবে উৎসাহিত কৰিব পাৰি তেওঁ নিজেই গৌৰৱান্বিত হৈছিল।
“মোৰ ঘৰৰ পৰিৱেশটোৱেই তেনেকুৱা আছিল, গতিকে মই সেনালৈ যোৱাৰ বাদে বেলেগ চিন্তা কৰা নাছিলো,” ১৯ বৰ্ষীয় সুৰজে মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ পালুচ চহৰৰ এখন প্ৰতিষ্ঠানত তেওঁৰ প্ৰশিক্ষণ চলি থকাৰ মাজতে পাৰিক কয়। “মোৰ যিমান মনত আছে, মোৰ মনলৈ আন কোনো কেৰিয়াৰৰ কথা অহা নাই।” সন্তানৰ সিদ্ধান্তত পিতৃ শংকৰ সন্তুষ্ট হৈছিল। দেউতাক এজন হৈ সন্তানৰ এনে এক সিদ্ধান্তত হয়ভৰ নিদিয়াকৈ কেনেকৈনো থাকিব পাৰি।
পিছে এটা দশকো পাৰ হ’বলৈ নাপালে, শংকৰে নিজৰ সন্তানৰ সিদ্ধান্তক লৈ দৃঢ়মনা হৈ থাকিব নোৱাৰিলে। এজন আৱেগিক আৰু গৌৰৱান্বিত পিতৃৰ পৰা তেওঁ কেইটামান বছৰ মানে সঠিককৈ ক’বলৈ গ’লে ২০২২ৰ ১৪ জুনৰ পিছৰ পৰা এজন সন্দেহবাদী পিতৃ হৈ পৰিল।
এইটো দিনতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সংবাদমেল এখন আয়োজন কৰি কয়, “অগ্নিপথ আঁচনিৰ অধীনত ভাৰতৰ ডেকা প্ৰজন্মক সেনাবাহিনীত অগ্নিবীৰ হিচাপে যোগদান কৰাৰ সুযোগ প্ৰদান কৰা হ’ব।”
এই আঁচনিৰ আগতে ভাৰতীয় সেনাবাহিনীত ২০১৫ৰ পৰা ২০২০ৰ ভিতৰত নিযুক্তিৰ বাৰ্ষিক গঢ় আছিল ৬১,০০০। ক’ভিড অতিমাৰীৰ পিছত, ২০২০ৰ পৰা নিযুক্তি বন্ধ হৈ আছিল।
অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰ হিচাপে এক “যুৱ, অধিক সবল আৰু বহুধাবিভক্ত” শক্তি গঢ়ি তোলাৰ বাবে প্ৰায় ৪৬ হাজাৰ যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ল - আগৰ তুলনাত কম। নিযুক্তিৰ বাবে উপযুক্ত বয়স ১৭.৫ৰ পৰা ২১ নিৰ্ধাৰণ কৰা হৈছিল, য’ত সেনাবাহিনীৰ বয়স ৪ৰ পৰা ৫ বছৰ কমাই অনা হয়, চৰকাৰী বিজ্ঞপ্তিত এই কথা কোৱা হৈছে।
সেনাবাহিনীত জীৱনজোৰা কেৰিয়াৰৰ বিপৰীতে অগ্নিবীৰৰ কৰ্মকাল চাৰিবছৰীয়া, সেই কাৰ্য্যকালৰ অন্তত সেইটো বেটচত নিযুক্তি পোৱা মুঠ সৈন্যৰ ২৫ শতাংশই সেনাবাহিনীৰ নিয়মীয়া কেডাৰত চাকৰি পাব।










