মুকাম্বিকাৰ ককাকে যেতিয়া তেওঁক ধেমালিতে যক্ষগণৰ ভাও লৈ থকা দেখিছিল, “তেওঁ বৰ হতাশ হৈছিল আৰু মোক গালি পাৰিছিল।” তেওঁ সেই কিশোৰী ছোৱালীজনীক কৈছিল যে কৰ্ণাটকৰ উপকূল অঞ্চল আৰু কেৰালাৰ কাছৰগোড়ৰ এই পৰম্পৰাগত লোকনৃত্য নাটত কিশোৰী আৰু মহিলাই ভাগ লোৱাটো নিষেধ।
কিন্তু উড়ুপি জিলাৰ মাৰৱি নামে গাঁওখনত সেই কিশোৰ ছোৱালীজনীৰ মনত যক্ষগণ পৰিৱেশনৰ ভাও সোমাই পৰিছিল। এই নৃত্যাভিনয় সাধাৰণতে পুৱাৰ পৰা সন্ধিয়ালৈ চলিছিল আৰু গাঁৱৰ পৰা দলে দলে পুৰুষ-মহিলা নাট চাবলৈ গৈছিল, তেঁৱো লগতে গৈছিল। পিছদিনা তেওঁ গাঁৱৰ লগৰবোৰক আনি বিচনা চাদৰ আদি গাত মেৰিয়াই কষ্টিউম বনাই প্ৰসংগ (নাটক)ৰ ভাও দি দেখুৱাইছিল।
“আমি আগচোতালতে নাচিছিলো আৰু অভিনয় কৰিছিলো, কিন্তু ককা নথকা সময়তহে। ককাই মানে যক্ষগণ ছোৱালীৰ বাবে নহয় বুলি ভাবিছিল,” তেওঁ কয়।
যক্ষগণৰ আক্ষৰিক অৰ্থ হৈছে দৈৱগীত। কৰ্ণাটকৰ উপকূল অঞ্চল আৰু কেৰালাৰ কাছৰগোড়ত এয়া বহুশতিকা জুৰি পৰিৱেশন কৰি অহা হৈছে। সংগীত, নৃত্য, সংলাপ আৰু কথনৰ যোগেদি ৰামায়ণ আৰু মহাভাৰত আদিৰ কাহিনী তুলি ধৰা হয়। যক্ষগণৰ মেলা প্ৰায়ে অঞ্চলটোৰ ডাঙৰ ডাঙৰ মন্দিৰে নিজে পৃষ্ঠপোষকতা কৰে।
যক্ষগণত ভাগ ল’বলৈ গাত বৰ বল-জোৰ লাগে। এই শিল্পক স্থানীয় ভাষাত গন্দু কালে বুলি কোৱা হয় যাৰ আক্ষৰিক অৰ্থ পুৰুষৰ শিল্প। এই নৃত্যশিল্পত ওখ জাপ মাৰিব লাগে আৰু খৰকৈ ঘূৰিব লাগে, যাৰ বাবে খৰকৈ নাচিবলৈ লাগে শাৰীৰিক সক্ষমতা। সেয়ে এয়া পুৰুষৰ কলা বুলিয়েই ধৰা হয়। নাৰীৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ হ’লেও পুৰুষেই কৰে।
“দৰ্শকে কাহিনী আৰু নাটখন আগতেই জানে,” প্ৰবীণ যক্ষগণ পৰিৱেশক আৰু যক্ষগণ একাডেমিৰ প্ৰাক্তন অধ্যক্ষ এম.এল. চামগাই কয়। “কিন্তু প্ৰতিবাৰে তেওঁলোকে একেই কাহিনী নতুন পোহৰত চাব বিচাৰে আৰু প্ৰতিবাৰেই নতুন অভিজ্ঞতা লয়। এটা চৰিত্ৰকে ভিন্নভাৱে অভিনেতা এজনে কেনেকৈ ৰূপায়ণ কৰে, তাকেই তেওঁলোকে চাবলৈ উৎসুক হৈ আহে।”














