জনাকীৰ্নআনন্দ বিহাৰ ৰে’ইলৱে’ ষ্টেচনত, চনু কুমাৰ ৰাৱট আৰু তেওঁৰ পৰিয়ালে এটুকুৰা হুলস্থূল নোহোৱাঠাই বিচাৰি পাইছে।তেওঁলোকৰ চাৰিওফালে যাত্ৰী, হকাৰ আৰু ৰে’লবোৰৰ আহ-যাহ। এই ২৭ বছৰীয়া মানুহজনে তেওঁৰ বয়বস্তুবোৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।তেওঁৰ পত্নী চিতাৰাখাতুনে তেওঁলোকৰ শিশুটিক কোলাত লৈ আছে।কিন্তু এতিয়া মাত্ৰ দুপৰীয়া ২ বাজি পাৰ হৈছেহেআৰু এই গা সিজি যোৱা গৰমত জনবহুল প্লেটফৰ্মখনত তেওঁলোকৰ ঘৰ বিহাৰলৈ যাবলৈ লিচ্ছৱী এক্সপ্ৰেছত উঠাৰ আগেয়ে আৰুচাৰি ঘণ্টা অপেক্ষা কৰিব লাগিব।
চনুএজন ৰাজমিস্ত্ৰী; চিতাৰাইনিৰ্মাণ ক্ষেত্ৰতকাম কৰে। দুয়োজনেপ্ৰতিদিনে ৰাতিপুৱা কাম বিচাৰিবলৈ গাজিয়াবাদৰ শ্ৰমিক মণ্ডীত শাৰীপাতি থাকে। যোৱা সপ্তাহকেইটাত, চনুৱে কয়, “আমি গোটেই দিনটো শ্ৰমিক চৌকত কটালো।দুই তিনিদিন ধৰি আমি কোনো কাম পোৱা নাই।”
ইৰাণৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুদ্ধ আৰু তাৰ পিছত হৰমুজ প্ৰণালীৰ অৱৰোধৰ প্ৰভাৱৰ ফলত গোটেই দেশতে এলপিজিৰ মূল্য বৃদ্ধি হোৱাত, দিল্লীত বাস কৰাটো ৰাৱত পৰিয়ালৰ বাবে টকা-পইচাৰ ফালৰ পৰা অসম্ভৱ হৈ পৰে।
“আগতে আমি এটা গেছ চিলিণ্ডাৰৰ বাবদ ১,২০০টকা,ঘৰ ভাড়াৰ বাবদ ২,৫০০টকা,বিদ্যুতৰ বাবদ ৫০০টকা খৰচ কৰিছিলো।৪০০০ ৰ পৰা ৫০০০ টকাটো আমি খোৱাৰ খৰচৰ আগতেই ইতিমধ্যেই মাহটোৰখৰচ,”চনুৱে কয়।প্ৰাথমিক প্ৰয়োজনীয় বস্তুৰ বাবে খৰচ কৰিবলৈ অপাৰগ হৈ তেওঁলোকৰ সন্মূখত নিজৰ গাঁৱলৈ উভতি যোৱাৰ বাহিৰে আন কোনোবিকল্প নাই।
কিন্তুতেওঁলোকৰ উভতনিটো এক বৃহৎ পৰিমাণৰ উদ্বিগ্নতাৰ আভাসেৰে ভৰা - আন্তঃধৰ্মীয় দম্পতীহালে বিয়া কৰাবলৈ ঘৰৰ পৰা পলায়ন কৰিছিল।অজ্ঞাত হৈ থকাৰ লগতে কাম বিচাৰি তেওঁলোকে এবছৰতকৈও কম সময়ৰ আগতে ৰাজধানী চহৰখনত উপস্থিত হৈছিল।এতিয়া তেওঁলোকে ঘূৰি যাবলাগিব।আন ঠাইতকৈ কিছু নৰম আদৰণিৰআশাত তেওঁলোকে চিৱান জিলাৰ মাইৰৱাত থকা চিতাৰাৰঘৰত চেষ্টা কৰিব।
দিল্লীতপৰিয়ালটোৱে কানাৱানী গাঁওসম্প্ৰসাৰণৰ এটা বস্তিৰ একোঠালীয়া ঘৰ এটাতবাস কৰে।“আমিহয়তো মাহত ২০ দিন মানৰবাবে কাম বিচাৰি পাওঁ”, চনুৱে কৈ গ’ল। “এটা ভাল মাহত, আমি দুয়ো প্ৰত্যেকেই১০,০০০ টকাকৈ উপাৰ্জনকৰিছোঁ।” এলপিজি সংকটে তেওঁৰযত্নশীল ঘৰুৱা অৰ্থনীতি কেনেদৰে উন্মোচন কৰিছে সেই বিষয়ে বৰ্ণনা কৰিবলৈ আগবাঢ়ি যোৱাৰ সময়ত তেওঁ হুমুনিয়াহ কাঢ়ে।






