“পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা আৰু উত্তীৰ্ণ হোৱাৰ আমাৰ দায়িত্ব। কিন্তু প্ৰশ্নকাকত সুৰক্ষিত হৈ থকাটো নিশ্চিত কৰাৰ দায়িত্ব বিষয়াসকলৰ,” ক্ষোভ ব্যক্ত কৰি আংশু কুমাৰীয়ে কয়।
প্ৰায় ২৪ বছৰীয়া আংশু কুমাৰীয়ে প্ৰতিযোগীতামূলক পৰীক্ষাৰ চাপ কেনে, সেই কথা ভালদৰেই জানে। স্কুলত শিক্ষকতা কৰাৰ লগতে তেওঁ এখন মুক্ত বিশ্ববিদ্যালয়ৰ পৰা বি.এড. পঢ়ি আছে। তেওঁৰ লক্ষ্য চৰকাৰী স্কুলৰ শিক্ষকৰ চাকৰি কৰা। ইয়াৰ সমান্তৰালভাৱে তেওঁ কেন্দ্ৰীয় শিক্ষকৰ যোগ্যতা পৰীক্ষা চমুকৈ চি-টেটৰ বাবেও প্ৰস্তুতি চলাই আছে।
২০২৩ আৰু ২০২৪ চনত আংশুৱে চৰকাৰী চাকৰিৰ আশাত বেংক নিযুক্তিৰ পৰীক্ষা দিছিল। সকলো প্ৰচেষ্টা যেতিয়া ব্যৰ্থ হ’ল, তেতিয়া তেওঁ শিক্ষকতাৰ কথা চিন্তা কৰিলে। লগে লগে আৰম্ভ হ’ল প্ৰস্তুতি - দিনত শিক্ষকতা আৰু ৰাতি চি-টেট পৰীক্ষাৰ বাবে পঢ়া-শুনা কৰিবলৈ লয়।













