ঝুনুৱে বৰ আমেজত তালৰ পাতবোৰ চোবাইছে। ঘৰুৱা ছাগলীজনীৰ সেয়া খাদ্য নহয় যদিও মাজে-সময়ে তাই সেই সুস্বাদু খাদ্য চোবাবলৈ পাই থাকে।
তালৰ দীঘল পাতেৰে জাপি এটা বনাবলৈ ওলোৱা কল্যাণী পাত্ৰাৰ বাবে এনেকৈ ছাগলীয়ে পাতবোৰ চোবাই পেলোৱাটো অকণমান চিন্তাৰ কথা। তেওঁ ছাগলীজনীক আলফুলকৈ মুৰত পিহি দি কোনোমতে যোগাৰ কৰা পাতখিনি চোবোৱাৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰিছে।
তালগছ [Borassus flabellifer] বৰ ওখ, সাধাৰণতে প্ৰায় ৩০ মিটাৰ ওখ। “আটাইতকৈ টান কামটো হৈছে তালগছৰ পাত সংগ্ৰহ কৰা। বংগত সেই গছেই আটাইতকৈ ওখ গছৰ ভিতৰত এবিধ। তালগছ বহুত আছে ঠিকেই, কিন্তু তালগছত উঠাটোহে ডাঙৰ কথা,” ৫০ বৰ্ষীয় কল্যাণীয়ে কয়।
এইবিধ কাৰুশিল্পত পাকৈত তেওঁ ওচৰ-চুবুৰীয়া ছায়া প্ৰমাণিকে হয়ভৰ দি কয়, “আগতে ঘৰৰ মতাবোৰে পাত আনি দিছিল। কিন্তু এতিয়া সৰু ল’ৰাবোৰে তালগছত উঠিব নাজানে।” তাৰ পাছত প্ৰমাণিকে অলপ দাৰ্শনিক আৰু ব্যৱহাৰিক দিশটো টানি আনি কয়, “আৰু এতিয়া গছত উঠিবলৈ কাৰ সময় আছে?”
কল্যাণী আৰু ছায়া দুয়ো আখুৰি ডোম সম্প্ৰদায়ৰ। তেওঁলোকে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি তালপাত বোৱা কাম কৰি আহিছে। কাম কৰি থকাৰ মাজতে কল্যাণীয়ে কয়, “আমাৰ চুবুৰীটো তালপাত আৰু বাঁহৰ কামৰ বাবে পৰিচিত। “আগতে আমাৰ সম্প্ৰদায়ৰ লোকৰ যেতিয়া বিয়া হৈছিল, বাঁহৰ কাম জনা পুৰুষ বা মহিলাই প্ৰাধান্য পাইছিল।” তেওঁ লগতে কয় যে এতিয়া বাঁহ বা তালপাতৰ কাম কৰা বেছিভাগেই ডোম সম্প্ৰদায়ৰ মহিলা (ৰাজ্যত অনুসূচীত জাতি হিচাপে তালিকাভুক্ত)। তেওঁলোকে তালপাত আৰু বাঁহৰ পৰা জাপি, বিচনী আদি সামগ্ৰী তৈয়াৰ কৰে।


























