চি. জেয়াবলৰ তামিলনাডুস্থিত খেতিপথাৰৰ মাজেদি খোজকাঢ়ি গৈ থাকোতে আমি তেওঁক সুধিলো, “এজন পূৰ্ণকালীন কৃষকৰ বাবে কেৱল খেতি কৰি পেটে-ভাতে ভালদৰে খাই জীয়াই থাকিবলৈ প্ৰয়োজনীয় ধন উপাৰ্জন কৰাটো সম্ভৱ হয় জানো?” আমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে তেওঁ আমাক বঁটগছ এজোপাৰ তলত বহি থকা কেইজনমান ব্যক্তিলৈ আঙুলিয়াই ক’লে, “এই মানুহ কেইজনৰ ফালে চাওঁক ৷ তেওঁলোকৰ এজনেও কেৱল খেতি-বাতি কৰিয়েই পেটৰ ভাত মোকলাব নোৱাৰে৷ তেওঁলোকৰ মাজৰ এজনে যদি খেতি কৰাৰ উপৰিও ট্ৰেক্টৰ চলায়, আনজনে আকৌ ট্ৰাকেৰে বস্তু-বাহিনী ফেৰি কৰে। কোনো এজনৰ আকৌ বেকাৰী দোকান আছে৷ তেনেদৰেই মই ইয়াৰ পৰা ২৫ কি.মি. দূৰৈত থকা মাদুৰাইৰ এখন হোটেলত সাঁতোৰ শিকাও।”
মাদুৰাই জিলাৰ নাডুমুদলইকুলম গাঁৱত থকা জেয়াবলৰ খেতিমাটি তেনেই কম৷ তেওঁৰ ৭৫ বৰ্ষীয় পিতৃ চিন্নতেৱৰৰ পৰা উত্তৰাধিকাৰসূত্ৰে ১.৫ একৰ মাটি জেয়াবলে পাইছে আৰু লগতে দুই একৰ মাটি তেওঁ লীজটো লৈ থৈছে৷ তেওঁ বছৰটোত কঠোৰ পৰিশ্ৰম কৰি তিনিবাৰকৈ ধানখেতি কৰে যদিও মাজে-সময়েহে তাৰ পৰা লাভ অৰ্জন কৰিব পাৰে৷ জেয়াবলে প্ৰায় বিছ হাজাৰ টকা খৰচ কৰি এক এক একৰ মাটি চহাই যদিও পিছলৈ বৰ বেছি লাভ কৰিব নোৱাৰে ৷ কিন্তু সেইখিনিৰ বাবেও তেওঁ আৰু তেওঁৰ পত্নী দুয়ো মিলি দৈনিক ১২ ঘণ্টা মান কামেই কৰিব লাগে৷ তেওঁলোকে যে ইমান হাড়ভঙা শ্ৰম কৰাৰ পিছত তাৰ মূল্য প্ৰতি একৰ মাটিত উলিয়ালে ঘণ্টাই প্ৰতি এজন মানুহৰ নামত মাত্ৰ ৯.২৫ টকাকৈহে পৰে৷ তেনেতে জেয়াবলে মোক প্ৰশ্ন কৰিলে, “কিয় বাৰু মোৰ ল’ৰাই এই কামটো কৰিবলৈ বিচাৰিব কওঁক চোন?’








