খুমনিয়া আদিবাসী কফাৰ গাওঁখনৰ মুখিয়াল, কিন্তু সেয়া কাগজৰহে কথা।
তেওঁ কয়, “আমাকতো গাঁৱৰ মানুহে নামমাত্ৰ সৰপঞ্চ বুলিও গণ্য নকৰে।”
২০২২ৰ ১৪ জুনত খুমনিয়া বিনা প্ৰতিদ্বন্দিতাৰে এই পদত জয়ী হৈছিল। ৫৮ বৰ্ষীয় চহৰিয়া আদিবাসী মহিলাগৰাকীয়ে সেই দিনটো মনত পেলায়, যেতিয়া তেওঁক মধ্যপ্ৰদেশৰ তেওঁৰ নিজ গাওঁ কফাৰৰ পঞ্চায়ত কাৰ্য্যালয়লৈ মাতি পঠিওৱা হৈছিল। সেয়া আছিল পঞ্চায়তত তেওঁৰ প্ৰথম আৰু শেষৰটো দিন।
খুমনিয়াই কয়, “আৰম্ভণিতে এদিন মাতিছিল,” সিদিনা তেওঁক এখন প্ৰমাণপত্ৰ দিয়া হৈছিল। সেই পত্ৰখনৰ মতে তেওঁ বিনা প্ৰতিদ্বন্দিতাৰে সৰপঞ্চ (গাওঁবুঢ়া) হিচাপে নিৰ্বাচিত হৈছে। তেওঁ নিৰক্ষৰ। সেয়ে কাগজখনত কি লিখা আছিল, সেয়া পঢ়িব পৰা নাছিল। “হমাই পঞ্চয়ত মে আদিবাসী চিট আই হতী, তৌ গাঁৱ কে বড়ে লৌগন নে হমাও নাম দে দও (আমাৰ পঞ্চায়তত আদিবাসী আসন আহিছিল, সেয়ে গাঁৱৰ জ্যেষ্ঠসকলে মোৰ নাম দিছিল)। তেওঁৰ বিৰুদ্ধে কোনেও সেই পদৰ বাবে থিয় হোৱা নাছিল,” নিজৰ বুন্দেলখণ্ডী ভাষাত তেওঁ কয়।







