এই প্ৰতিবেদকে ডায়েৰীত সবিশেষ লিখিথকাৰ সময়ত লাজো দেৱীয়ে কৌতুহলী দৃষ্টিৰে ডায়েৰীখনলৈ চাই ৰয়৷ কেই পলকমানৰ ভিতৰতে সেই কৌতুহল ভয়লৈ পৰ্যবসিত হয়৷
‘‘এ চব লিখ কে থানৱামে দেবাহু কা [এইবোৰ লিখিআপুনি থানাত দিব নেকি]?’’ বিহাৰৰ মগধ অঞ্চলৰ আঞ্চলিক ভাষা মগহীত তেওঁ এইদৰে প্ৰশ্ন কৰে৷ মহুৱাগছ (Madhuca longifolia var. latifolia)ৰ ফুলৰ পৰা প্ৰস্তুত কৰা মহুৱা সুৰাই হ’ল জীৱিকাৰ একমাত্ৰ সম্বল বুলি তেওঁ বৰ্ণনা কৰে৷
প্ৰথমতে স্বীকাৰ কৰিবলৈ অনিচ্ছুক হ’লেও তেওঁৰ কেঁচা ঘৰটোৰ এচুকত দুটা কেনিষ্টাৰত থকা গোন্ধ ওলোৱা আঠ কিলোগ্ৰামৰ গুড়খিনিয়ে তেওঁক কথা ক’বলৈ বাধ্য কৰালে। এই প্ৰতিবেদকে কেনিষ্টাৰত কি আছে জানিবলৈ বিচৰাত তেওঁ তৎকালে ক’লা পলিথিনেৰে সেইকেইটা ঢাকি দি ল’ৰালৰিকৈ কৈ উঠে, ‘‘এইবোৰ [সুৰা] মই ফাকুৱাৰ সময়ত বিক্ৰী কৰিবলৈ বুলি থৈছো৷’’
ঘৰতে প্ৰস্তুত কৰাসুৰাক লৈ লাজো দেৱীৰ মনত সৃষ্টি হোৱা ভয় আৰু শংকা অমূলক নহয়৷ বিহাৰ নিষিদ্ধকৰণ আৰু আবকাৰী আইন, ২০১৬ অনুসৰি মহুৱা সুৰাকে ধৰি বিভিন্ন ধৰণৰ সুৰাৰ প্ৰস্তুতকৰণ, ব্যৱহাৰ, বিতৰণ অথবা পান নিষিদ্ধ৷ এই অপৰাধৰ বাবে আজীৱন কাৰাবাসকে ধৰি ১ৰ পৰা ১০ লাখ টকালৈ জৰিমনাৰো বিধান আছে৷






