“মই হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা পাছ কৰিছিলো। কলা শাখাৰ ফলাফল জুনত দিয়াৰ কথা আছিল। তাৰপিছত কি কৰিম সেয়া জনা নাছিলো, কিন্তু কলেজত পঢ়িবলৈ মন আছিল। ডিগ্ৰী এটা কৰাৰ মন আছিল,” সংকেত লখাণ্ডেৰ কথাত পঢ়াৰ হেঁপাহ স্পষ্ট। সেয়া আছিল ২০২১ৰ কথা, আন দহজন ১৮ বছৰীয়া ল’ৰাৰ দৰে তেওঁ আছিল তজবজীয়া ডেকাল’ৰা। এতিয়া তেওঁ হুমুনিয়াহ কাঢ়ি কথাখিনি কয়। কথাৰ মাজত তেওঁৰ অৱসাদ স্পষ্ট হৈ পৰে। তেওঁ ৰছী লগোৱা খাট এখনত কিলাকুটি দুটা আঠুৰ ওপৰত ভেঁজা দি বহিছে। এই সপ্তাহৰ ডাইলাচিচৰ পিছৰ এয়া চতুৰ্থটো দিন।
“শ্বাসৰুদ্ধ হোৱা যেন অৱস্থা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ কেইসপ্তাহমান পিছতে আৰম্ভ হৈছিল। কেইখোজমান দিলেই ভাগৰত বহি পৰিছিলো,” তেওঁ কয়। তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ ভাল চিকিৎসাৰ আশা কৰি অহিল্যানদৰ (পূৰ্বৰ আহমেদনগৰ)ৰ প্ৰাইভেট হস্পিতাল এখনলৈ তেওঁক লৈ যায়। তেওঁলোকৰ নিমাগাঁও ভোগিৰ পৰা প্ৰায় ৬৪ কিলোমিটাৰ দূৰৰ হস্পিতালৰ পৰা সংকেতে পৰীক্ষাৰ ফলাফল ঘোষণাৰ পূৰ্বেই যকৃত সম্পুৰ্ণৰূপে বিকল হোৱাৰ খবৰ লৈ তেওঁ ঘৰলৈ আহে।
“ডাক্তৰে ক’লে যে আমি খোৱা পানীৰ কাৰণে তেনে হ’ব পাৰে। আমি আটায়ে হ্ৰদৰ পানীয়ে খাও। সেয়াই চাগে প্ৰদূষিত হৈছে। আমাৰ ল’ৰাটো বেমাৰত পৰাৰ আগলৈকে এইবোৰ কথা আমি বুজিয়ে পোৱা নাছিলো,” সংকেতৰ ৪৭ বছৰ বয়সীয়া মাতৃ মণিষাই কয়।
তেওঁ পাজৰ তালাব নামে পাৰ্ক’লেচন টেংকিটোৰ কথা কৈছে। সেয়া প্ৰায় অৰ্ধশতিকা পূৰ্বে এটা প্ৰাকৃতিক জল-প্ৰণালীৰ কাষত নিৰ্মিত কৃত্ৰিম জলাশয়। গাঁওখনৰ ৩৩০ ঘৰ পৰিয়ালে তেওঁলোকৰ ঘৰুৱা কামত আৰু খেতিপথাৰত ব্যৱহাৰৰ বাবে সেই জলাশয়ৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰি আহিছে। কিন্তু যোৱা ১২ৰ পৰা ১৫ বছৰত গাঁওখনত কৰ্কট আৰু যকৃত বিকল হোৱা ৰোগ বৃদ্ধি পাইছে।
“দীৰ্ঘদিন ধৰি প্ৰদূষিত পানী খাই থকাৰ ফলত কিডনি বিকল হৈ পৰে, ডাক্তৰে আমাক সতৰ্ক কৰি দিছিল। আমাৰ গাঁৱৰ বহুতৰে কিডনি বিকল হৈ পৰিছে,” মণিষাই কয়। প্ৰতিবেদন যুগুতোৱাৰ বাবে এবাৰ যাওতেই মই পাঁচটা পৰিয়াল লগ পাইছিলো যাৰ অতিকমেও এজনকৈ লোক ডাইলাচিচ কৰাই আছে।






















