“এতিয়া আৰু আমি সিহঁতৰ খেতিপথাৰলৈ যাব নালাগে। আমি নিজেই নিজৰ খাদ্যশস্য উত্পাদন কৰোঁ। পশুখাদ্যৰো খেতিও নিজে কৰোঁ। আপোনাৰ চকু যিমান দূৰলৈ যায়, সেয়া আমাৰেই মাটি।” হাতখন দাঙি ১২৫ একৰ খেতিমাটিৰ বিশাল ভূমিৰ ফালে আঙুলিয়াই ৰাজিন্দৰ কৌৰে কয়। এইখন গাঁৱৰ দলিতসকলে স্বাধীনতাৰ ৬৭ বছৰ পিছত আধিপত্যশীল শ্ৰেণীৰ পৰা কাঢ়ি এই ভূমি লৈছিল।
বলাদ কলাঁ গাঁৱৰ প্ৰায় প্ৰতিগৰাকী দলিত মহিলাৰে নিজৰ নিজৰ কাহিনী আছে কেনেকৈ তেওঁলোকক আধিপত্যশীল শ্ৰেণীৰ লোকৰ খেতিপথাৰত সোমোৱাৰ বাবে ‘ঔকাদ দেখুওৱা’ হৈছিল। তেওঁলোকে সন্মুখীন হোৱা অপমানৰ কথাবোৰ স্মৃতিত এতিয়াও আছে যদিও সেই স্মৃতি এতিয়া তেওঁলোকৰ সংগ্ৰামে পিছ পেলাই আগবাঢ়িছে।
পঞ্চায়তৰ মাটিৰ এক-তৃতীয়াংশত নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ দলিতসকলে জোৰদাৰ আন্দোলন কৰিছিল। পাঞ্জাৱৰ গ্ৰামাঞ্চলৰ সমূহীয়া ভূমি (নিয়ন্ত্ৰণ) আইন, ১৯৬১ৰ অধীনত প্ৰদত্ত অধিকাৰৰ হকে তেওঁলোকে উঠি-পৰি লাগিছিল। তেওঁলোকে ২০১৪ৰ পৰা এতিয়ালৈ ১৬২ খন গাঁৱত ২০,০০০ বিঘা মাটি উদ্ধাৰ কৰিছে। এতিয়া দলিত সমাজে আকৌ এবাৰ সকলো বাধা ওফৰাই পেলাবলৈ উদ্যত হৈছে। তেওঁলোকে চৰকাৰে ভূমি চিলিং আইন, ১৯৭২ৰ অধীনত নিৰ্ধাৰণ কৰি দিয়া সৰ্বাধিক ভূমিৰ উপৰি যি উদ্বৃত্ত ভূমি আধিপত্যশীল শ্ৰেণীয়ে ভোগ কৰি আছে, সেই ভূমি উদ্ধাৰৰ বাবে একগোট হৈ লাগিছে।
৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সংগ্ৰুৰ আৰু পাটিয়ালাৰ মাজত অৱস্থিত বলাদ কলাঁতে তেওঁলোকৰ এই আন্দোলন এক মাইলৰ খুঁটিত পৰিণত হৈছিল যেতিয়া ৰাজিন্দৰ কৌৰৰ দৰে মহিলাই ভূমি আন্দোলনত আগভাগ লৈছিল। তেওঁলোকে কেনেকৈ একত্ৰিত হৈ দীঘলীয়া যুঁজত অৱতীৰ্ণ হৈছিল, সেইবিষয়ে মুকলিকৈ আৰু বহলাই এই প্ৰতিবেদকক ৰাজিন্দৰ কৌৰে কয়। বলাদ কলাঁৰ এই যুঁজ ন্যায়ৰ নতুন কোনো যুঁজ নহয়। তেওঁলোকৰ গাঁৱৰ সীমামুৰীয়া এলেকাত সেইসকল লোক যিয়ে ন্যায়সংগত পৃথিৱী এখনৰ সপোনৰ বাবে নিজৰ প্ৰাণৰ আহুতি দিছিল, তেওঁলোকৰ স্মৃতিচিহ্নই তাৰেই নীৰৱ সাক্ষ্য বহন কৰে।













