“কিছু বছৰ আগৰ কথা, আমি যদি গাঁৱত পুখুৰী এটা খন্দাৰ কথা বা আন কিবা বিষয় গাওঁসভাত উত্থাপন কৰিবলৈ বিচাৰিছিলো, আমাক সুযোগ দিয়া হোৱা নাছিল। আনকি গাওঁসভাত বহি গাওঁবুঢ়া বা গাওঁ পৰিষদৰ অধ্যক্ষজনক কথা এটা ক’বলৈ মহিলাৰ কোনো স্থান নাছিল,” গোদাবৰী মাৰাৱিয়ে কয়।
তেতিয়াৰ পৰা পৰিস্থিতি লেখত ল’বলগীয়াকৈ সলনি হৈছে যদিও ২০২৪ৰ জুলাইৰ বাৰিষাৰ দিনটোত মধ্যপ্ৰদেশৰ ৱৰ্গাগাঁৱত পাৰিয়ে লগ পোৱা মহিলাসকলৰ মনোবল আৰু অধ্যৱসায় অবিহনে সেয়া সম্ভৱ নহ’লহেঁতেন।
মহিলা সদস্যৰে গঠিত হলচলিত মহিলা কিষাণ ৱিমেন প্ৰডিউচাৰ কোম্পানী লিমিটেড (HMKWPC)ৰ গোদাৱৰীকে ধৰি আন ছগৰাকী সদস্য পুৱাতেই আহি পাইছিল। টিনৰ চালি আৰু বেৰ দিয়া ৱেৰহাউছ আৰু অফিছৰ কামত ব্যৱহাৰ কৰা ডাঙৰ ঘৰটোৰ তলত বহি আছিল। দিন্দৌৰি জিলাৰ সমনাপুৰ ব্লকৰ ৱেৰহাউছটোৰ দুৱাৰমুখৰ কাষতে এটা ফালে এজোৰ চকী-মেজ আৰু এটা কম্পিউটাৰ, কেইখনমান চেলফ আৰু এটা এয়াৰ কুলাৰ – সেইটোৱেই তেওঁলোকৰ অফিছ।
মহিলা খেতিয়ক হোৱাৰ যি গৌৰৱ, সেইৰেই তেওঁলোকে নিজৰ কোম্পানীটোৰ নাম ৰাখিছে। হাল ধৰা কামটো পৰম্পৰাগতভাৱে পুৰুষে কৰি আহিছে হেতুকে তেওঁলোকে সেই ৰীতিকেই প্ৰত্যাহ্বান জনই হলচলিত শব্দটো ব্যৱহাৰ কৰিছে। সেয়ে তেওঁলোকৰ কোম্পানীটোৰ নাম হৈছে হলচলিত মহিলা কিষাণ ৱিমেন প্ৰডিউচাৰ কোম্পানী। আজিৰ তাৰিখত তেওঁলোকৰ ১,৪০০ পঞ্জীকৃত সদস্য আছে, যিসকল তেওঁলোকৰ ব্যৱসায়ৰ অংশীদাৰো।
তাৰ দুগৰাকী সদস্য গোদাৱৰী মাৰাৱি (৪৪) আৰু দেৱকী ৱাগলে (৪৭) ৱৰ্গাগাঁৱত (বৰগা গাঁও বুলিও কোৱা হয়) ঘৰ। তেওঁলোকে খোজকাঢ়ি অফিছলৈ আহিছে। আন মহিলাসকলে সামনাপুৰ ব্লকৰ নিজ ঘৰৰ পৰা অটোৰিক্সাত আহিছে, কোনোবাই পৰিয়ালৰ সদস্যৰ সৈতে মটৰ চাইকেলৰ পিছফালে উঠি আহিছে।
গোদাৱৰী মাৰাৱি এতিয়া অধ্যক্ষ। তেওঁ কথ আৰম্ভ কৰে পুৰণি দিনৰ খেতিক লৈ - কেনেকৈ পৰম্পৰাগতভাৱে খেতি কৰা কৃষকসকলে ৰাসায়নিক সামগ্ৰী অবিহনেই খেতি কৰিছিল, কিন্তু ২০১০ চনৰ পৰা সেয়া ক্ৰমান্বয়ে সলনি হৈ গ’ল যেতিয়া কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰাটো নিয়ম হৈ পৰিল। ২০২২ চনৰ পৰা অৱশ্যে দিন্দৌৰি জিলাৰ বহু কৃষকে জৈৱিক বা প্ৰাকৃতিক কৃষি বা দুয়োটাৰে সংমিশ্ৰণ ঘটোৱাৰ চেষ্টা কৰিছে। অ-ৰাসায়নিক কৃষিৰ প্ৰসাৰৰ বাবে কাম কৰা সংস্থাসমূহে তেওঁলোকক সমৰ্থন আৰু উৎসাহিত কৰি আহিছে।
“আমি কৃষকক জৈৱিক বীজ দিওঁ। ঘাঁহ, অপতৃণ আৰু হৰপতৱাৰ (নৰা)ৰ সৈতে পথাৰখন হাল বোৱা হ’লে এইবোৰ মাটিত মিহলি হৈ যায় আৰু ইয়েই প্ৰথম প্ৰাকৃতিক সাৰ হৈ পৰে,” গোদাৱাৰীয়ে আমাক কয়।


