গুজৰাটৰ জুনাগড় জিলাৰ মংগ্ৰোল ব্লকৰ জাৰিৱাড়া গাঁৱত ছকড়া নামে গাড়ীত কেৰমেৰ শব্দৰ মাজত খলা-বমা যাত্ৰাৰ সোৱাদ আপুনি ল’ব পাৰে। গুজৰাটৰ কচ্ছ অঞ্চত নাইবা সৌৰাষ্ট্ৰৰ গাওঁবোৰত আপুনি এই বাহনখন প্ৰায়েই দেখিব। এই সুকীয়া বাহনখনৰ সুলভ যাত্ৰা ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ মানুহৰ আৰ্থ-সাামাজিক অৱস্থা অনুধাৱনত আপোনা সহায় কৰিব।
T


JÅ«nÄgadh, Gujarat
|MON, APR 21, 2025
পশ্চিম ভাৰতৰ এক থলুৱা গাড়ী
আধাখিনি মটৰ চাইকেল, আধাখিনি গৰুগাড়ী - তেনেকৈয়ে জোৰা-ফোন্দা দি নিৰ্মাণ কৰা ছকড়া নামে বাহনখন গ্ৰামীণ সৌৰাষ্ট্ৰৰ পৰিবহনৰ এক অবিচ্ছেদ্য অংগ
Author
Translator

Gurpreet Singh
ডিজেলত চলা বুলেট এখনৰ ইঞ্জিনেৰে তৈয়াৰী বাহনখন আগফালৰ পৰা দেখাত মটৰ চাইকেলৰ দৰে। পিছফালে দুটা চকাৰে সেয়া দেখাত এখন গৰুগাড়ী

Gurpreet Singh
অদ্ভুত কিমাকাৰ চেহেৰাৰে এই জুগাড় গাড়ীখনে বিভিন্ন কাম কৰিব পাৰে: যাত্ৰী অনা-নিয়া, খেতি-খোলা আৰু অনান্য সামগ্ৰী বজাৰলৈ কঢ়িয়াই নিয়া আৰু ল’ৰা-ছোৱালীক স্কুলৰ পৰা অনা-নিয়া কৰা আদি

Gurpreet Singh
কিবা সৰবৰাহ কৰিবলৈ আছে নেকি? ছকড়াখন এটা কিকতেই ষ্টাৰ্ট হ’ব, নহ’লে ৰছীডাল তলত লগাই টান মাৰি দিলেও চলিব। তাৰ লগে লগে আহিব উদ্ভট কাণ গধুৰ কৰি পেলোৱা ডুগ ডুগ ডুগ শব্দ

Gurpreet Singh
১৯৮০ৰ দশকলৈ সৌৰাষ্ট্ৰত গ্ৰামীণ পৰিবহনৰ ঘাই আহিলা আছিল পৰম্পৰাগত গৰুগাড়ী। মানুহে কয় যে পৰৱৰ্তী কালত স্থানীয় পটু মিস্ত্ৰীৰ হাতত পৰি জামনগৰৰ মহাৰাজে এৰা গ’ল্ফ কাৰ্টবোৰ ছকড়ালৈ ৰূপান্তৰিত হ’ল আৰু সৌৰাষ্ট্ৰৰ বাটে-পথে দেখা গ’ল

Gurpreet Singh
এগাল টকা খৰছ কৰি ট্ৰাক বা আন মালবাহী গাড়ী ভাৰা কৰাৰ সাধ্য নথকা মানুহৰ বাবে, যাৰ উত্পাদিত শস্যৰ পৰিমাণ তথা আকাৰ খুব বেছি নহয়, তেওঁলোকৰ বাবেই এই ছকড়া। অৱশ্যে ছকড়াখন অধিক পৰিমাণৰ নাৰিকল, খেৰ, সাৰ, পাচলি আদি কঢ়িয়াই নিয়া, লগতে মানুহৰ যাতায়াতৰ কামতো খাটে। ইমানেই বিভিন্ন ধৰণৰ সামগ্ৰী গাড়ীখনে কঢ়িয়ায় যে সৰ্বোচ্চ কিমান ওজন লোড কৰা যায়, সেয়া আপুনি ভাবি আচৰিত হ’ব

Gurpreet Singh
যাত্ৰীৰ সুহৃদ ছকড়া গাড়ী - ভাৰা মাত্ৰ ৫ৰ পৰা ২০ টকা। গতিকে অহাবাৰ যেতিয়া সৌৰাষ্ট্ৰলৈ আহে, এই ছকড়া গাড়ীখনত এবাৰ চকু ফুৰাবলৈ নাপাহৰিব। জনপ্ৰিয় বাহনখন স্থানীয় পৰিবহন ব্যৱস্থাৰ অপৰিহাৰ্য্য অংগ। তাৰোপৰি ছকড়াৰ চাইলেঞ্চাৰৰ পৰা নিৰ্গত হোৱা বিকট শব্দ আপোনাৰ কৰ্ণকুহৰত দীৰ্ঘদিনলৈ থাকি যোৱাৰ যি অভিজ্ঞতা, তাৰ সোৱাদো আপুনি ল’ব পাৰিব
অনুবাদ: ওৱাহেদৰ ৰহমান
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/wheels-of-rural-indian-west-as

