নামটো কি বুলি সোধাত তেওঁ তামিল ভাষাতে উত্তৰ দিলে, “ভেণ্ডা।” সেইটোৱেই যে তেওঁৰ নাম আছিল সেয়া বুজিবলৈ কেইছেকেণ্ডমান সময় লাগিল। নকও বা ক’ব বিচৰা নাই বুলি তেওঁ আচলতে কোৱা নাছিল, সেইটো তেওঁৰ নামেই আছিল। তামিল ভাষাত ‘ভেণ্ডা’ শব্দটো আচলতে ‘ভেণ্ডাম’ শব্দটোৰ চুটি ৰূপ, যাৰ অৰ্থ হৈছে নালাগে/প্ৰয়োজন নাই।”
নৰসিম্মন আৰু প্ৰয়াত ৰাজাম্মলৰ কন্যা এইগৰাকী ৩৯ বছৰীয়া এন. ভেণ্ডাম। তেওঁ আছিল পৰিয়ালটোৰ পঞ্চমগৰাকী সন্তান। ইয়াৰ আগেয়ে পাঁচটাকৈ সন্তান জন্ম দি (তিনিজন পুত্ৰ আৰু দুগৰাকী কন্যা) শাৰীৰিকভাৱে অত্যন্ত দুৰ্বল হৈ পৰা মাতৃগৰ্ভৰ পৰা তেওঁ জন্মলাভ কৰিছিল। ভৱিষ্যতে যাতে আৰু কোনো সন্তান নহয়, ভগৱানৰ চৰণত জনোৱা সেই কাতৰ প্ৰাৰ্থনাৰ প্ৰতীকস্বৰূপেই মাক-দেউতাকে তেওঁৰ নাম ৰাখিছিল ‘ভেণ্ডা’। বৰ্তমান তেওঁৰ আধাৰ কাৰ্ডত তেওঁৰ নামটো ‘ভেণ্ডাম’ বুলিয়েই পঞ্জীকৃত।
কেইবছৰমান পূৰ্বে জীয়াই থাকোতে ৰাজাম্মলৰ সৈতে হোৱা কথোপকথনত তেওঁ কৈছিল যে সন্তানটি যদি ল’ৰা হ’লহেঁতেন, তেতিয়া তেওঁলোকে নামটো ‘ভেণ্ডা’ ৰাখিবলগীয়া নহ’লহেঁতেন। ছোৱালীহে হ’ল আৰু জন্মৰ প্ৰমাণপত্ৰত তেওঁৰ পৰিচয় তেনেকৈয়ে ৰখা হ’ল।
এই লৈ অৱশ্যে প্ৰয়াত ৰাজাম্মলৰ আক্ষেপ নথকা নহয়। “এই নামটো নাৰাখি যদি ভাল নাম এটা দিলোহেঁতেন, কিজানি তোৰ ভৱিষ্যত বেছি ভাল হ’লহেঁতেন,” তেওঁ নিজৰ ছোৱালীজনীক কৈছিল।
ভেণ্ডাই অনুমান কৰি কয় যে গাঁওখনত অতিকমেও আন ১০ গৰাকী মহিলাৰ নাম ভেণ্ডা। তামিলনাডুৰ তিৰুভাল্লুৰৰ মাদ্দুৰ গাঁৱৰ বাসিন্দা ভেণ্ডাই লগতে কয়, “তিৰুট্টানি ব্লকৰ ভালেকেইখন গাঁৱত এই নামটো এটা সময়ত তেনেই সাধাৰণ আছিল।”





