মাই মাহটো শেষ হোৱাৰ লগে লগে আমি বৰ আগ্ৰহেৰে বাট চাই ৰও চিমগা উত্সৱলৈ। আমাৰ ৱাৰ্লি ভাষাত বছৰৰ বাৰটা মাহ হৈছে চৈত, বৈশাখ, জেঠ, আখাৰ, শ্ৰাৱণ, ভাদৱা, অশ্বিন, কাৰ্তিক, মকচীৰ, পুচ, মাই আৰু ফাল্গুন (চিমগা বুলিও কোৱা হয়)।
চিমগাৰ এসপ্তাহ বা দুসপ্তাহ আগতে আমি খৰি সংগ্ৰহ কৰি সৰু সৰুকৈ মুকলিতে জুই ধৰো যাক আমি হোলী বুলি কও। আমি গোটেই ৰাতি পৰম্পৰাগত গীত-মাত আৰু খেল-ধেমালি যেনে আতায়া-পাতায়া আদিৰে ৰাতিটো পাৰ কৰোঁ। পুৰ্ণিমাৰ ৰাতি, ফাল্গুনৰ পঞ্চদশীৰ দিনা আমি গছৰ কুণ্ডা আৰু ঠানি আদি গোটাই ডাঙৰকৈ একুৰা জুই ধৰো। কেৱল পুৰুষে এই কামত ভাগ লয়। হাবিৰ পৰা পাতেৰে সৈতে ডাঙৰ গছ এডাল অনা হয়। ফুলৰ মালা, চেনীৰ দানা যাক গাথি বুলি কোৱা হয়, লগতে চাউলৰ পিঠা এই বাঁহডালত গাঁঠি দিয়া হয়। বাঁহডালৰ একেবাৰে ওপৰত মতা কুকুৰা এটা বান্ধি থোৱা হয়। সোঁমাজতে বাঁহডাল ৰাখি হাবিৰ পৰা গোটোৱা খৰিবোৰ তাৰ কাষত সজোৱা হয়। এই গাঁথনিটোকে হোলী বোলা হয়। মানুহে নাৰিকল ভাঙি হোলীৰ উপাসনা কৰে। গাঁৱৰ একেবাৰে জ্যেষ্ঠ এজনে (পুঢ়াৰকি বুলি তেওঁক কোৱা হয়) গোটেই গাওঁখনতে ঘোষণা (দাৱান্দি) কৰে আৰু হোলীত অগ্নিসংযোগ কৰা হয়।
আগৰ দিনত গাঁওখনৰ চুবুৰীবোৰ সকলোৱে উমৈহতীয়াকৈ হোলী জ্বলাইছিল, লাগি-ভাগি এই উৎসৱ পালন কৰিছিল। চিমগাৰ আগত বিবাহিত দম্পতিয়ে উপস্থিত হৈ চাৰিওফালে পাক মাৰি পাঁচবাৰ অগ্নিসংযোগ কৰি পূজা কৰে। আচল উৎসৱ আৰম্ভ হয় ৰাতি। সকলোৱে ফুৰ্তি কৰে। সকলো বয়সৰ পুৰুষ-মহিলাই ৰাতিটো ইটোৱে সিটোক জোকাই, ৰগৰ কৰি, চুপতি মাৰি ৰাতিটো কটায়। আমি আনন্দময় উত্সৱটো এনেকৈয়ে উদযাপন কৰো। বিভিন্ন সাজ-পোছাক পিন্ধা সৰু ল’ৰা-ছোৱালীয়ে ঘৰে ঘৰে গৈ মানুহক আনন্দ দিয়ে আৰু উপহাৰ বা কিছু টকা বিচাৰে। চিমগা উৎসৱে সকলোৰে মুখলৈ হাঁহি কঢ়িয়াই আনে আৰু সময়খিনি ৰং-ৰহইচেৰে ভৰি পৰে।





