“সাতটা ঢাপৰ মাজেৰে পাৰ হৈ ঝাৰু এডাল হয়,” ভগৱতীয়ে কয়।
কুৰি বছৰ বয়স হ’লেও ভগৱতীয়ে তেওঁৰ হাতৰ কাম ভালকৈ জানে। সেয়া তেওঁ শিকিছিল মাক আৰু পৰিয়ালৰ আন লোকৰ পৰা। “প্ৰথমে আমি খেজুৰ গছৰ পাত মাজেৰে দুছোৱা কৰো, তাৰপিছত পাতবোৰ এৰুৱাই লওঁ,” তেওঁ এই প্ৰতিবেদকক কয়।
“টুকড়ে টুকড়ে (সৰু সৰু টুকুৰা)” বুলি তেওঁ পাতবোৰৰ কথা কয় - সেয়া ডাঙৰ খেজুৰপাতৰ পৰা ফালি উলিওৱা সৰু টুকুৰাবোৰ। ঝাৰু বনোৱাসকলে এই পাতবোৰ কাটি তাৰ বাণ্ডিল কৰি থয়। তাৰপিছত সেয়া বাঁহৰ কাঠিৰ লগত বান্ধি পন্নি (পলিথিনি)ৰে মেৰিয়ায়। শেষৰটো ঢাপ হৈছে পাতৰ আগবোৰ কাটি তাক মসৃণ কৰি লোৱা। এনেদৰে তেওঁ ঢাপকেইটা বৰ্ণায়। তেওঁৰ ভনীয়েক দেউলিয়ে মাজে মাজে মিচিকীয়াই হাঁহিছে।
তেওঁৰ ভনীয়েককেইগৰাকীৰ বয়স বিছৰ তলত। তেওঁলোকে আটাইকেইটা ঢাপ ভালদৰে জানে। পাঞ্জাৱৰ মালৌতত ফুটপাথত ভগৱতীৰ মাক চনি দেৱীৰ সৈতে ঘুৰণীয়াকৈ তেওঁলোকো বহি লৈছে। তেওঁলোকে নাচৰ ঢাপৰ দৰে ঝাৰু বনোৱাৰ প্ৰতিটো ঢাপ এজন এজনকৈ কৰি গৈছে।
পৰিয়ালৰ এই কামবিধৰ প্ৰতি দেউলিৰ ধাউতি তেওঁৰ কণ্ঠত স্পষ্ট: “আমি সৰুৰে পৰা ঝাৰু বনোৱা কামটোত আগ্ৰহী (বহত মন কৰতে থে)। আৰু সেয়াই কৰি আহিছো।” তেওঁ মাক ৰুক্মিণীৰ পৰা এই কামটো শিকিছিল আৰু তেওঁৰ তিনি ভনীয়েকক এই কাম শিকাইছে।
তেওঁৰ সম্পৰ্কীয় ভনীয়েক ভগৱতী তেওঁৰ পৰিয়ালৰ শিল্পবিধৰ প্ৰতি আগ্ৰহী যদিও সেই লৈ চিন্তাধাৰা বাস্তৱ প্ৰকৃতিৰ: “ক্যু কী মেহনত কৰেংগে তৌ তৌহ খানে কৌ মিলেগা ঔৰ মেহনত নহী কৰেংগে তৌহ ক্যা খায়েংগে (আমি কাম কৰিবলৈ মেহনত কৰিবই লাগিব। নকৰিলে, কি খাম)?” তেওঁ প্ৰশ্ন কৰে। ৰাজস্থানৰ মেৱাৰ অঞ্চলৰ পৰা পাঞ্জাৱলৈ ভ্ৰমণ কৰা প্ৰতিগৰাকী ঝাৰু নিৰ্মাতাৰ মনৰ ভাৱ প্ৰায় এনেকুৱাই।





















