চিকিত্সাৰ অংশ হিচাপে শৰীৰৰ অতিৰিক্ত তেজ বাহিৰ কৰি দিয়াৰ প্ৰথা প্ৰায় ৩,০০০ বছৰ ধৰি চলিছিল।
এই ধাৰণাৰ জন্ম হৈছিল হিপ্পক্ৰেটিচৰ সৈতে। সেয়া মধ্যযুগত ইউৰোপত বৰকৈ জনপ্ৰিয় হৈছিল - যে দেহৰ চাৰিটা উপাদান - তেজ, শ্লেষ্মা, তিক্ত পিত্ত আৰু হালধীয়া পিত্তৰ ভাৰসাম্যহীনতাই ৰোগৰ মূল কাৰণ। হিপ্পক্ৰেটিচৰ পিছত, ৫০০ বছৰ পাৰ হ’ল - গেলেনে ঘোষণা কৰিলে যে তেজেই হৈছে আটাইতকৈ ডাঙৰ ৰস। এই ধাৰণা আৰু শল্যচিকিত্সাৰ পৰীক্ষা-নিৰীক্ষাৰ লগত প্ৰায়ে অন্ধবিশ্বাস যোগ হোৱাৰ ফলত জন্ম হ’ল দেহৰ পৰা তেজৰ ক্ষৰণ হ’ব দিয়াৰ প্ৰথা - বেয়া তেজ ওলাই যাবলৈ দিয়াৰ চিকিত্সা পদ্ধতি, যদিহে আপুনি ৰোগীক বচাব বিচাৰে।
আৰম্ভণিতে বেয়া তেজ উলিয়াই দিবৰ বাবে জোক ব্যৱহাৰ কৰা হৈছিল। জোকবিধ আছিল ঔষধি জোক হিৰুডো মেডিচিনেলিচ। আমি কেতিয়াও জানিব নোৱাৰিম কিমান মানুহে এই ৩,০০০ বছৰত উক্ত চিকিত্সা পদ্ধতিৰ ফলত প্ৰাণ হেৰুৱালে। ডাক্তৰৰ চিকিত্সা সংক্ৰান্ত আদৰ্শগত ভ্ৰান্ত ধাৰণাৰ ফলত কিমান মানুহ শৱত পৰিণত হ’ল, কিমান মানুহে ৰক্তক্ষৰণৰ ফলত প্ৰাণ হেৰুৱালে। আমি জানো যে ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছৰ মৃত্যুৰ আগত তেওঁৰ দেহৰ পৰা ২৪ আউঞ্চ (৭০৯.৭৬৫ মিলিলিটাৰ) তেজ উলিয়াই পেলোৱা হৈছিল। তাকো তেওঁৰ নিজৰ অনুৰোধত, যাতে তেওঁ গলৰ সংক্ৰমণৰ পৰা মুক্তি পাব পাৰে - তাৰ পিছতে তেওঁৰ মৃত্যু ঘটিছিল।
ক’ভিডে আমাক নব্য উদাৰবাদ, দৰাচলতে পুঁজিবাদৰ এক বিশদ আৰু সুন্দৰ মৰণোত্তৰ পৰীক্ষা কৰি দেখুৱালে। শৱ আমাৰ টেবুলত - দিন-দুপৰত। প্ৰতিডাল শিৰা-উপশিৰা, ধমনী, অংগ-প্ৰত্যংগ আৰু হাড়ে আমাৰ মুখলৈ চাই আছে। আপুনি আটাইবোৰ জোক তাত দেখিব - ব্যক্তিগতকৰণ, ক’ৰ্পৰেট গোলকীকৰণ, সম্পদৰ চূড়ান্ত একত্ৰীকৰণ, আমাৰ সামূহিক স্মৃতিয়ে ঢুকি নোপোৱা পৰ্য্যায়ৰ সামাজিক অসমতা। সামাজিক আৰু অৰ্থনৈতিক অশুভ শক্তিবোৰে এনেকৈ সমাজখনৰ তেজ শুহিছে যে কৰ্ম কৰি খোৱা চাম সৰ্বস্বান্ত হৈছে - সমুচিত মৰ্য্যাদাসম্পন্ন মানৱীয় জীৱন এটা জীয়াবলৈকো তেওঁলোকে পোৱা নাই।
উনৈশ শতিকাত ইউৰোপত ৩,০০০ বছৰ পুৰণি ৰক্তক্ষৰণৰ পৰম্পৰাই একেবাৰে শীৰ্ষ পৰ্য্যায় পালে। উনৈশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতিকাৰ আৰম্ভণিৰ ভাগত এই চিকিত্সাবিধ মানুহে ভুল বুলি বুজি পালে - কিন্তু অৰ্থনীতি, দৰ্শন, ব্যৱসায় আৰু সামাজিক ক্ষেত্রখনত এই পৰম্পৰাৰ অনুশীলন চলি থাকিল।


















