প্ৰথমবাৰ বানত আক্ৰান্ত হৈ ঠাই সলাবলগীয়া হোৱাৰ কথা মহেশ্বৰ চমুৱাৰ আজিও ভালকৈয়ে মনত আছে। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ৫ বছৰ। "প্ৰথমে পানীয়ে আমাৰ এটা ঘৰ বুৰাই পেলাইছিল। আমি কোনোমতে নাৱত উঠি নিৰাপদ ঠাইৰ সন্ধান কৰিছিলো, আৰু কিছু দূৰৈৰ আন ঠাইত বসতি কৰিবলৈ আৰম্ভ কৰিছিলো," ৬০ বছৰীয়া চমুৱাই কয়।
চমুৱাৰ দৰে অসমৰ নদীদ্বীপ মাজুলীত বাস কৰা ১.৬ লাখ লোকে প্ৰতিবছৰেই বানৰ কবলত পৰি আহিছে আৰু ঘৰ-মাটি হেৰুৱাবলগীয়াত পৰিছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুযায়ী নদীদ্বীপটোৰ মাটিকালিৰ পৰিমাণ ১৯৫৬ চনৰ ১২৪৫ বৰ্গকিলোমিটাৰৰ পৰা হ্ৰাস হৈ ২০১৭ চনত মাত্ৰ ৭০৩ বৰ্গকিলোমিটাৰ হৈছেগৈ।
যোৱা ১০ বছৰ ধৰি চমুৱাই পত্নী, কন্যা আৰু পুত্ৰক লৈ নতুন শালমৰা গাঁৱত বাস কৰি আহিছে। "কিন্তু এইখন আচল শালমৰা নহয়। শালমৰা গাঁওখন ৪৩ বছৰ আগতেই ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ’ল," তেওঁ কয়। তাৰ পিছত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সোৱণশিৰিৰ মাজত নকৈ নতুন শালমৰা গাওঁ পতা হয়।
তেওঁৰ নতুন ঘৰটো আধা পকী বুলিব পাৰি। ঘৰৰ পৰা বাহিৰত অলপ দূৰৈত থকা শৌচালয়টোলৈ যাবলৈ জখলা ব্যৱহাৰ কৰিবলগীয়া হয়। "প্ৰতি বছৰে ব্ৰহ্মপুত্ৰত আমাৰ মাটি জাহ গৈয়েই আছে," তেওঁ কয়।








