“আমি যে এই মুখ ঢাকি আছো কিয় জানেনে? আমাৰ মনৰ দুখ-যন্ত্ৰণা যাতে ওলাই নপৰে, তাৰ বাবে,” শাওণ মাহৰ ডাৱৰীয়া আকাশখনৰ তলত থিয় দিয়া শ্যামল মান্নাই কয়। উত্তৰ চৌব্বিছ পৰগনাৰ দত্তপুকুৰৰ সমীপৰে গাঁও এখনত তেওঁৰ ঘৰ। “প্ৰচণ্ড ক্ষোভ আৰু হতাশা মনত গুজৰি-গুমৰি থকাৰ বাবেই আমি ইয়ালৈ আহিছো।”
দিল্লীত ককৰোচ্চ জনতা পাৰ্টি চমুকৈ চিজেপিৰ আহ্বানত আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচী আজি সমগ্ৰ দেশতে শিপাইছে। দেশৰ বিভিন্ন প্ৰান্তৰ দৰে আজি কলকাতাতো যুৱসমাজে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিছে। এই প্ৰতিবাদী মিচিলত অংশ লোৱা যুৱ-প্ৰজন্মৰ বহু লোকেই চিনেমাৰ পৰ্দাৰ আইৰনমেন আৰু ছুপাৰমেনৰ দৰে দুষ্ট-দমনকাৰী চৰিত্ৰৰ মুখা পিন্ধি আহিছিল। তাৰ লগতে আকৌ শেহতীয়া মীম আৰু পোষ্টাৰবোৰতো আছিলেই।
২৪ জুলাইৰ আবেলি প্ৰায় তিনি বাজি পঞ্চলিচ মিনিটত শিয়ালদহ ষ্টেচনৰ পৰা এই মহামিচিল ৰাওনা হয়, লক্ষ্য আছিল এছপ্লেনেড। স্থানীয় বাতৰি কাকত অনুসৰি সেইদিনা হাজাৰ হাজাৰ লোক এই প্ৰতিবাদত সমবেত হৈছিল। গধূলি প্ৰায় ৬ বজাত প্ৰতিবাদকাৰী আৰু কলকাতা পুলিচৰ মাজত সৰু-সুৰা সংঘৰ্ষ দেখা দিয়াত আৰক্ষীয়ে ৱাটাৰ কেনন প্ৰয়োগ কৰে।


















