ৱায়ানাডৰ পাহাৰৰ এঢলীয়া ঠাই য’ত কুঁৱলিয়ে বাহ লয় আৰু সেউজ উপত্যকাটো এখন চাদৰৰ দৰে বেৰি ধৰে, জান-জুৰিৰ কলকল ধ্বনি য’ত নিতৌ শুনা যায় তেনে এক ঠাইতে এটা কেঁচামাটিৰ ঘৰ বৰ জেদভাৱত থিয় দি আছে। মাটি লেপি দিয়া বেৰবোৰে গ্ৰীষ্মকালত দেহা শীতল কৰে, বাঁহৰ জলঙাৰে মৃদু বতাহ সোমাই আহে। ওপৰত যে সেয়া ৰঙচুৱা ৰ’জউডৰ বাতামকেইডাল, সিবোৰে ১৫০ টা বাৰিষাৰ বৰষুণ হেলাৰঙে পাৰ কৰি আহিছে। মজিয়াখন গোৱৰ-মাটিৰে বৰ পৰিপাটিকৈ মাজি থোৱা আছে।
কেৰালাৰ মানদৱাৰি চহৰৰ কাষৰ কাম্মানা গাঁৱৰ এই খেৰিচালিৰ ঘৰটোতে সোণগুটিয়ে মানুহৰ কাহিনী কয়।
সেই সোণগুটিৰ গৰাকী কুৰিচ্যা সম্প্ৰদায়ৰ (ৰাজ্যখনত অনুসূচিত জনজাতি) চেৰুবইয়ল ৰমন। তেওঁৰ সম্প্ৰদায়টোক মালাবৰ অঞ্চলত ধানখেতিৰ দক্ষতাৰ বাবে এবাৰ পুৰস্কৃতও কৰা হৈছিল। ৭৩ বছৰ বয়সীয়া চেৰুৱয়লে অৱনতি ঘটা স্বাস্থ্য আৰু ৰাজ্য তথা অনান্য সংস্থাৰ অৱহেলা স্বত্ত্বেও তেওঁ বছৰ বছৰ ধৰি কৰা অশেষ কষ্টৰে ধানৰ পৰম্পৰাগত প্ৰজাতিসমূহ সংৰক্ষণ কৰি আহিছে।
“সেয়া আমাৰ জীৱিত পূৰ্বপুৰুষ,” ৰমনে কয়। তেওঁ মানুহে অৱশ্যে ৰমেট্টান বুলি সন্মানেৰে মাতে। তেওঁক কেৰালাৰ কৃষিৰ প্ৰাণৰ ৰখীয়া বুলি কোৱা হয়। কৃষি য’ত এটা সময়ত মানুহৰ ঘৰৰ ভঁৰালবোৰ বিভিন্ন ধৰণৰ ধানেৰে ভৰি আছিল, সেই ধানৰ ভিত্তিতে মানুহক ধনী বুলি ধৰা হৈছিল।
ৰমনে তেওঁৰ পূৰ্বপুৰুষৰ ঘৰটো ধানৰ বিভিন্ন প্ৰজাতিৰ জীৱিত সংগ্ৰহালয় হিচাপে গঢ়ি তুলিছে। তেওঁৰ ভঁৰালটোত ৱায়ানাডৰ থলুৱা ৫০ বিধ পৰম্পৰাগত প্ৰজাতিৰ ধান আছে আৰু কেৰালাৰ অনান্য অঞ্চলৰ ১৪ বিধ প্ৰজাতি আছে। তেওঁ খেতিৰ বতৰত প্ৰতিবছৰে বীজ সিঁচে, ধানবোৰ সংৰক্ষণ কৰে আৰু পৰম্পৰাগত খেতিৰ প্ৰতি আগ্ৰহী জনজাতীয় খেতিয়ক, ব্যক্তিগত উত্পাদক, গৱেষক আৰু প্ৰতিষ্ঠানক সেয়া বিনামূল্যে দিয়ে। “প্ৰতিটো ধানৰ বীজৰে এটা আত্মা আছে। সি মাটি, বৰষুণ, প্ৰজন্মৰ স্পৰ্শ সকলো মনত ৰাখে। বীজ হেৰুওৱা মানে আপুনি আপোনাৰ ঐতিহ্য হেৰুওৱা,” তেওঁ কয়।
তেওঁৰ ঘৰৰ সন্মুখৰ কোঠাটোত বিভিন্ন ধানৰ প্ৰজাতিৰ বীজবোৰৰ বস্তা এটাৰ ওপৰত এটা কৰি দমাই থোৱা আছে। প্ৰতিটো বেগতে মালায়লম ভাষাত টেগ লগোৱা আছে। টেগবোৰত লিখা থকা কথাবোৰ সাধুকথাৰ শিৰোনামৰ দৰে - চেন্নেল, তুন্দি, চেম্বকাম, বেলিয়ন, গন্ধকচালা, কায়ামা।
ৰামাই পাৰিক কয় কেনেকৈ গন্ধকাচালা ৰান্ধিলে জেচমিন আৰু চন্দনৰ দৰে গোন্ধ বিয়পি পৰে। কায়ামা যাক জীৰাকচালা বুলি কয়, তাৰ সুগন্ধ মাখনৰ দৰে। সেই সুগন্ধই মালাবৰৰ পৰম্পৰাগত বিৰিয়ানিৰ পৰিচয়। চেম্বাকামৰ মিঠা সুগন্ধ আছে, পায়স বনালে নাৰিকলৰ গাখীৰ দিলে সি পমি গৈ মিঠা সুস্বাদু আহাৰ হৈ পৰে।










